Department of History, Dibrugarh University

Department of History, Dibrugarh University Department of History,Dibrugarh Universityৰ Official pageলৈ আপোনালোক?

❤️🌻
21/08/2024

❤️🌻

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০২৪-২৫ বৰ্ষৰ স্নাতকোত্তৰ প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰতিগৰাকী শিক্ষার্থী লৈ আমাৰ বুৰঞ্জী ...
14/07/2024

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০২৪-২৫ বৰ্ষৰ স্নাতকোত্তৰ প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰতিগৰাকী শিক্ষার্থী লৈ আমাৰ বুৰঞ্জী বিভাগৰ তৰফৰ পৰা থাকিল আন্তৰিক শুভকামনা।🌻✨

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ নৱ নিৰ্বাচিত বিভাগীয় প্ৰতিনিধি লেনিছ মিলি আৰু বিভাগীয় সম্পাদক যুগল কিশোৰ গগৈ।✨🌻
08/06/2024

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ নৱ নিৰ্বাচিত বিভাগীয় প্ৰতিনিধি লেনিছ মিলি আৰু বিভাগীয় সম্পাদক যুগল কিশোৰ গগৈ।✨🌻

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫৫ সংখ্যক বিশ্ববিদ্যালয় সপ্তাহ 'উন্মন্থন- নৱ চিন্তাৰ জাগৰণ'ত বুৰঞ্জী বিভাগৰ ফলাফল🌻❤️
08/06/2024

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫৫ সংখ্যক বিশ্ববিদ্যালয় সপ্তাহ 'উন্মন্থন- নৱ চিন্তাৰ জাগৰণ'ত বুৰঞ্জী বিভাগৰ ফলাফল
🌻❤️

২০২৩-২৪ বৰ্ষৰ বাবে নিৰ্বাচিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ নৱ নিৰ্বাচিত বিভাগীয় প্ৰতিনিধি Bishal Tepari বিশাল ট...
23/05/2023

২০২৩-২৪ বৰ্ষৰ বাবে নিৰ্বাচিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ নৱ নিৰ্বাচিত বিভাগীয় প্ৰতিনিধি Bishal Tepari বিশাল টেপাৰী আৰু বিভাগীয় সম্পাদক চিন্ময় ডেকা চিন্ময় ডেকালৈ আন্তৰিক অভিনন্দন জনাইছো ।🙏
আশা কৰিছো তেওঁলোক দুয়োজনৰ সু - নেতৃত্বৰে বিভাগটোক আগুৱাই নিয়াত সহায় কৰিব ।

৫৩সংখ্যক বিশ্ববিদ্যালয় সপ্তাহ "উজ্জীৱন" ত বুৰঞ্জী বিভাগৰ সফলতাৰে ৩৩ টা বিভাগ/কেন্দ্ৰৰ মাজত ৫ম স্থান লাভ কৰিবলৈ সক্ষম হয়।...
31/10/2022

৫৩সংখ্যক বিশ্ববিদ্যালয় সপ্তাহ "উজ্জীৱন" ত বুৰঞ্জী বিভাগৰ সফলতাৰে ৩৩ টা বিভাগ/কেন্দ্ৰৰ মাজত ৫ম স্থান লাভ কৰিবলৈ সক্ষম হয়।
বুৰঞ্জী বিভাগৰ সফলতাসমূহ তলত দাঙি ধৰা হ'ল ।

সকলোলৈকে বাপতিসাহোন কাতি বিহুৰ হিয়াভৰা শুভেচ্ছা যাঁছিলো🙏
18/10/2022

সকলোলৈকে বাপতিসাহোন কাতি বিহুৰ হিয়াভৰা শুভেচ্ছা যাঁছিলো🙏

পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু প্ৰাধ্যাপক ড° নিৰোদ বৰুৱা ছাৰে বৰ্তমান মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্য হিচা...
26/09/2022

পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু প্ৰাধ্যাপক ড° নিৰোদ বৰুৱা ছাৰে বৰ্তমান মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্য হিচাপে দায়িত্বভাৰ লাভ কৰাৰ খবৰে আমাক সুখী কৰিছে ।
ড° বৰুৱা ছাৰ এই বিশ্ববিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ হোৱাৰ ওপৰিও সেই সময়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সংগীত সম্পাদক আছিল। ড° বৰুৱা ছাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰে বুৰঞ্জী বিভাগৰ বিভাগীয় প্ৰধান,ছাত্ৰ পৰিক্ৰমা গুৰু,EMRC ৰ সঞ্চালক প্ৰধান,ৰেডিঅ জ্ঞান মালিনীৰ সঞ্চালক প্ৰধান, DODL ৰ সঞ্চালক প্ৰধান,বুৰঞ্জী বিভাগৰ চ্যুকাফা আসনৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । সংগীতৰ বিশেষ ৰাপ থকা ড° বৰুৱা ছাৰে বিশ্ববিদ্যালয়ৰ শীৰ্ষ সংগীতৰ সুৰ প্ৰদান কৰাৰ লগতে কেইবাজনো খ্যাতনামা সংগীত শিল্পীৰ সৈতে কাম কৰি অসমৰ সংগীত জগতলৈও এক অৱদান আগবঢ়াইছে ।
প্ৰাচীন আৰু মধ্যযুগৰ অসমৰ ইতিহাস/বুৰঞ্জীৰ গভীৰ সাধক/গৱেষক ড° বৰুৱা ছাৰৰ সম্পাদনাত প্ৰথমবাৰৰ বাবে মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী কিছুদিন পূৰ্বে প্ৰকাশিত হৈ ওলায়।
ছাৰৰ ভৱিষ্যত কৰ্মজীৱনৰ বাবে শুভেচ্ছা যাঁচিলো । ছাৰৰ তত্বাৱধানত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে এক নতুন মাত্ৰা লাভ কৰিব বুলি আশা কৰিছো ।

বিভাগৰ স্বাৰ্থত❣️বিভাগীয় দায়িত্ব সমূহৰ দোহাই দি  সকলোৰে সহযোগিতাত আজি আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অতি পুৰণি ছাত্ৰ নিবাস ...
11/09/2022

বিভাগৰ স্বাৰ্থত❣️
বিভাগীয় দায়িত্ব সমূহৰ দোহাই দি সকলোৰে সহযোগিতাত আজি আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অতি পুৰণি ছাত্ৰ নিবাস ঐতিহ্যমণ্ডিত পদ্মনাথ গোহাঁঞি বৰুৱা ছাত্ৰ নিবাসৰ সোনালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান "স্বৰ্ণ - সৌৰভ" ৰ প্ৰাইজমানী সাংস্কৃতি শোভাযাত্ৰা প্ৰতিযোগিতাত বুৰঞ্জী বিভাগৰ দলটিয়ে দ্বিতীয় স্থান পাবলৈ সক্ষম হয়।
আয়োজক সমিতিৰ লগতে বুৰঞ্জী বিভাগৰ দলটিৰ সকলো অংশগ্ৰহণকাৰীলৈ ধন্যবাদ জনালোঁ ।❤️
শোভাযাত্ৰাৰ বিষয়বস্তু আছিল ~ বাঁহ সংস্কৃতি আৰু পৰম্পৰা ।
আমি "যাৰ নাই বাঁহ তাৰ নাই সাহ" কথাষাৰকে সাৰোগত কৰি পাৰ্যমানে অসমীয়া সমাজৰ পৰম্পৰাগত বাঁহৰ ব্যৱহাৰ সমূহ উপস্থাপন কৰিবলৈ যত্ন কৰিছিলো ।
জয়তু ডিব্ৰুগড় বিশ্ববিদ্যালয়
জয়তু বুৰঞ্জী বিভাগ

বিশ্বৰ জনসভাত অসমক প্ৰতিষ্ঠা কৰিবলৈ অহৰহ প্ৰয়াস চলাই যোৱা যুগজয়ী জনশিল্পী সুধাকণ্ঠ ভূপেন দাক তেখেতৰ জন্মদিৱসত  শ্ৰদ্ধাৰে...
07/09/2022

বিশ্বৰ জনসভাত অসমক প্ৰতিষ্ঠা কৰিবলৈ অহৰহ প্ৰয়াস চলাই যোৱা যুগজয়ী জনশিল্পী সুধাকণ্ঠ ভূপেন দাক তেখেতৰ জন্মদিৱসত শ্ৰদ্ধাৰে সুৱঁৰিছো ।
তেখেতৰ সৃষ্টি অমৰ হওঁক🙏

নব্য অসম গঢ়োতা একাধাৰে সাহিত্যিক,সমাজ সংস্কাৰক,ধৰ্ম সংস্কাৰক,দাৰ্শনিক পণ্ডিত  শিৰোমণি ভূঞা মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ ত...
29/08/2022

নব্য অসম গঢ়োতা একাধাৰে সাহিত্যিক,সমাজ সংস্কাৰক,ধৰ্ম সংস্কাৰক,দাৰ্শনিক পণ্ডিত শিৰোমণি ভূঞা মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত তেৰালৈ সশ্ৰদ্ধ প্ৰণিপাত যাঁচিলো🙏
তেৰাৰ আদৰ্শ বিশ্বৰ সৰ্বজন বিদিত হওঁক,তাৰে কামনা কৰিলো।

Address

Dibrugarh

Telephone

+916000434883

Website

Alerts

Be the first to know and let us send you an email when Department of History, Dibrugarh University posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share