Rupkonwar Jyotiprasad Agarwala A.T-8 Boys' Hall, Gauhati University

  • Home
  • India
  • Gauhati
  • Rupkonwar Jyotiprasad Agarwala A.T-8 Boys' Hall, Gauhati University

Rupkonwar Jyotiprasad Agarwala A.T-8 Boys' Hall, Gauhati University অগ্নিসুৰ লভিতা সূৰুজ মুখী কবিতা,
সোণপখিলী ৰূপালীম নক্ষত্ৰ হৈ জিলিকিম ।।

ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা অসম আর্হি ৮ নং ছাত্ৰাৱাসৰ উদ্যোগত স্বর্গীয় পুলকেশ গোস্বামী সোঁৱৰণী গুৱাহাটী বিশ্ববিদ্যালয় ...
12/02/2026

ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা অসম আর্হি ৮ নং ছাত্ৰাৱাসৰ উদ্যোগত স্বর্গীয় পুলকেশ গোস্বামী সোঁৱৰণী গুৱাহাটী বিশ্ববিদ্যালয় ভিত্তিক আন্তঃ আৱাস-নিৱাস ক্রিকেট প্রতিযোগিতাখনি‌ অহা ১৩, ১৪ আৰু ১৫ ফ্ৰেব্ৰুৱাৰী ২০২৬ ইং তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় মুখ্য খেলপথাৰত আয়োজন কৰাৰ মানস কৰা হৈছে। উক্ত ক্রিকেট প্রতিযোগিতাখনি‌ত আপোনালোক আটাইৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ।

যোৱা ১৭ জানুৱাৰী ইং তাৰিখে, অসমীয়া সংস্কৃতিৰ পূজাৰী, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতি বিজড়িত শিল্পী দিৱস। এই প...
18/01/2026

যোৱা ১৭ জানুৱাৰী ইং তাৰিখে, অসমীয়া সংস্কৃতিৰ পূজাৰী, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতি বিজড়িত শিল্পী দিৱস। এই পৱিত্ৰ ক্ষণটো স্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাসৰ তৰফৰ পৰা আমি কেইগৰাকীমান আৱাসী একগোট হৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ তেজপুৰস্থিত পুৰণি বাসগৃহত উপস্থিত হওঁ।
জ্যোতিপ্ৰসাদদেৱৰ ভতিজী শ্ৰদ্ধেয় মীনাক্ষী ভূঞা বাইদেউক সাক্ষাৎ কৰো আৰু আমাৰ আৱাসৰ তৰফৰ পৰা তেখেতক এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে জ্যোতিপ্ৰসাদদেৱৰ পৱিত্ৰ স্মৃতিত তেখেতৰ বেদীত বন্তি প্ৰজ্বলন কৰো। জ্বলন্ত বন্তিৰ শিখাৰ মাজত যেন আমি বিচাৰি পালোঁ সেইজনা মহান মনিষীৰ কালজয়ী সৃষ্টিৰ প্ৰতিধ্বনি। ৰূপকোঁৱৰৰ বেদীৰ সন্মুখত মূৰ দোঁৱাই তেখেতৰ অসামান্য অৱদানক স্মৰণ কৰি আমি সকলোৱে বিমল শান্তি অনুভৱ কৰিলোঁ।
আজিৰ এই দিনটোৱে আমাক পুনৰ এবাৰ অসমীয়া কলা-সংস্কৃতিৰ প্ৰতি দায়বদ্ধ হ’বলৈ অনুপ্ৰাণিত কৰিলে। শিল্পী দিৱসৰ এই যাত্ৰা আমাৰ সকলোৰে মানসপটত চিৰদিন সজীৱ হৈ ৰ’ব।

17/01/2026

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাসৰ সমূহ আৱাসীৰ তৰফৰ পৰা সদৌ অসমবাসী ৰাইজক শিল্পী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ|

অসম চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাসৰ  সকলো জ্যেষ্ঠ তথা সহপ...
11/01/2026

অসম চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাসৰ সকলো জ্যেষ্ঠ তথা সহপাঠী বন্ধুসকললৈ আন্তৰিক অভিনন্দন জনালোঁ। AT-8 পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

28/12/2025
Congratulations ❤️ Partha protim Bharaluwa and Shaktiman  Pegu on winning Gold  medal in Gauhati university InterCollege...
09/11/2025

Congratulations ❤️
Partha protim Bharaluwa and Shaktiman Pegu on winning Gold medal in Gauhati university InterCollege Youth Festival and being selected for representing GU in AIU national youth festival! So proud of your achievement.
AT-8 AHU AHU

গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱত আমাৰ আৱাস ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাসে...
08/11/2025

গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱত আমাৰ আৱাস ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাসে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলটিক প্ৰতিনিধিত্ব কৰি লোকবাদ্য প্ৰতিযোগিতা দ্বিতীয় আৰু মুকাভিনয় প্ৰতিযোগিতাত দ্বিতীয় স্থান পাব সক্ষম হৈছে। এই চেগতে প্ৰতিজন কলা কৌশলীক অভিনন্দন জনালো।

ধন্যবাদ🙏
13/10/2025

ধন্যবাদ🙏

প্রিয় কৃষ্ণচূড়াবাসী,নিৰ্বাচনী অভিবাদন গ্ৰহণ কৰিব। আপোনালোকৰ হকে গুৱাহাটী বিশ্ববিদ্যালয় ছাত্র সমাজৰ হকে কাম কৰি যোৱাৰ ও ম...
13/10/2025

প্রিয় কৃষ্ণচূড়াবাসী,
নিৰ্বাচনী অভিবাদন গ্ৰহণ কৰিব। আপোনালোকৰ হকে গুৱাহাটী বিশ্ববিদ্যালয় ছাত্র সমাজৰ হকে কাম কৰি যোৱাৰ ও মাত মাতিব পৰাকৈ আমি আপোনালোকৰ আগলৈ আগবঢ়াই দিছিলোঁ তিনিজন প্ৰাৰ্থী। যোৱা ১০-১২ টা দিনে আমাক দিয়া শুভেচ্ছা ও মৰমবোৰে আমাক যথেষ্ট উৎসাহ দি আহিছে।
আশা কৰিছোঁ এনে সুযোগ আপোনালোকে আমাক চিৰদিনে প্ৰদান কৰি যায়।

ধন্যবাদেৰে
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাস,
গুৱাহাটী বিশ্ববিদ্যালয়।

বিশ্ববিদ্যালয় নিৰ্বাচন মানে কেৱল ভোট নহয়, ই এক গৌৰৱময় পৰম্পৰা — একাডেমিক সমাজৰ গণতান্ত্ৰিক চেতনাৰ প্ৰতীক। এই নিৰ্বাচন...
11/10/2025

বিশ্ববিদ্যালয় নিৰ্বাচন মানে কেৱল ভোট নহয়, ই এক গৌৰৱময় পৰম্পৰা — একাডেমিক সমাজৰ গণতান্ত্ৰিক চেতনাৰ প্ৰতীক। এই নিৰ্বাচনৰ সৈতে জড়িত আছে সুকীয়া গৰিমা আৰু মাহাত্ম্য।

তথাপিও, সাম্প্ৰতিক দিনত বিশ্ববিদ্যালয় চৌহদত যি ধৰণৰ আক্ৰোশমূলক আৰু নিকৃষ্ট নিৰ্বাচনী প্ৰচাৰ দেখি আছোঁ, সেয়া অতিকৈ দুখজনক। আমি সদায় শান্তিপূৰ্ণ, সন্মানজনক আৰু সচেতন ৰাজনীতিৰ পক্ষপাতী।

এখন পোষ্টাৰ, এখন বেনাৰ—প্ৰতিখনত বহুজনৰ অক্লান্ত পৰিশ্ৰম, সময় আৰু আশা জড়িত থাকে। বিগত কেইবছৰ ধৰি বিশ্ববিদ্যালয়ৰ নিৰ্বাচন দেখি আহিছোঁ, কিন্তু ছাত্ৰ ৰাজনীতিত এনে অপ্ৰত্যাশিত আৰু নিকৃষ্ট পৰিৱেশৰ সাক্ষী হ’ব লাগিব বুলি কেতিয়াও ভবা নাছিলোঁ। ছাত্ৰ ৰাজনীতিৰ এনে পতনশীল ৰূপ দেখা সঁচাকৈ হতাশাজনক।

আহক, আমি সকলোৰে মাজত এক ইতিবাচক বতাহ বোৱাই দিওঁ — পৰস্পৰক আঘাত নিদি, আদৰ্শ আৰু সন্মানৰ সৈতে আগুৱাও।বিশ্ববিদ্যালয়ৰ এই চৌহদ হ’ব লাগে একতা, সচেতনতা আৰু শ্ৰদ্ধাৰ প্ৰতীক — সংঘাতৰ নহয় ।

Congratulations to Prof. Bipan Hazarika (Global Rank: 361,120) for securing a place in Stanford University’s Top 2% Scie...
08/10/2025

Congratulations to Prof. Bipan Hazarika (Global Rank: 361,120) for securing a place in Stanford University’s Top 2% Scientists List 2025.

Rupkonwar Jyotiprashad Agarwala A.T.- 8 No. Boys’ Hall proudly felicitated Prof. Bipan Hazarika for his remarkable achievement and significant contribution to global research.

Address

Gauhati

Alerts

Be the first to know and let us send you an email when Rupkonwar Jyotiprasad Agarwala A.T-8 Boys' Hall, Gauhati University posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share