28/10/2024
হীৰু শৰ্মা।বৰ্তমানৰ প্ৰতীক শৰ্মা।বজালী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ।2007 বৰ্ষৰ বজালী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাংস্কৃতিক সম্পাদক।2007 ,2008 বৰ্ষত বজালী মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি গৌহাটী বিশ্ববিদ্যালয়ৰ অন্ত মহাবিদ্যালয় যুৱ মহোৎসৱত বোকা মাটিত ভাস্কৰ্য আৰু কলাজত সোণৰ পদক লাভ কৰে।2009 চনত বজালী মহাবিদ্যালয়ৰ পৰা গৌহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি মণিপুৰত হোৱা মাণ্ডলীক আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত বোকা মাটিৰ ভাস্কৰ্যত প্ৰতিনিধিত্ব কৰে।এজন প্রতিষ্ঠিত সাজসজ্জা পৰিচালক হিচাপে কাম কৰি আছিল। কম বয়সত কালি হিৰু কেইদিন মানৰ জ্বৰত ভগবানৰ প্ৰিয় হৈ যায়। তাৰ আত্মাই চিৰশান্তি লাভ কৰক।