11/03/2026
✅গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সংগীত বিভাগ, শাখা সাহিত্য সভা আৰু অসমীয়া বিভাগৰ উদ্যোগত, আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত লোকগীতৰ অমূল্য সম্পদ ঝুমইৰ গীতৰ চৰ্চা তথা যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ লক্ষ্যৰে ৯ আৰু ১০ মাৰ্চ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে 'ঝুমইৰ গীতৰ কৰ্মশালা' অনুষ্ঠিত হৈ যায়।
✅শিক্ষাৰ্থীসকলৰ সাংগীতিক আৰু সাংস্কৃতিক দক্ষতা বিকাশৰ উদ্দেশ্যে আয়োজিত এই কৰ্মশালাখন উদ্বোধন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই উদ্যোক্তাসকলৰ এই পদক্ষেপ প্ৰশংসনীয় বুলি মন্তব্য কৰে।
✅ছাত্ৰ একতা সভাৰ উপদেষ্টা ড° দিলীপ কুমাৰ ডেকাই শুভেচ্ছামূলক বক্তব্য আগবঢ়োৱাৰ পাছতে মুখ্য সমল ব্যক্তি ঝুমইৰ গুৰুখ্যাত, বিশিষ্ট অনাতাঁৰ শিল্পী ভদ্ৰ ৰাজোৱাৰে ঝুমইৰ গীতৰ ভাৱ, ভাষা, সুৰ, প্ৰকাৰ ইত্যাদি সম্পৰ্কে শিক্ষাৰ্থীসকলক আভাস দিয়ে।
✅কৰ্মশালাখনৰ অন্যতম মুখ্য সমন্বয়ক তথা ছাত্ৰ একতা সভাৰ সংগীত বিভাগৰ উপদেষ্টা ড° দেৱযানী বকলীয়ালে আঁত ধৰা উদ্বোধনী অনুষ্ঠানটোত মহাবিদ্যালয়ৰ উপাধ্যক্ষ দিগন্ত কোঁৱৰ, অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান প্ৰণৱ দুৱৰা, আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড° সুৰজিৎ শইকীয়া, কৰ্মশালাখনৰ অন্যতম মুখ্য সমন্বয়ক নমামী দত্ত, কাৰীকৰি সমন্বয়ক ড° অংকুৰ দত্ত, সংগীত বিভাগৰ সম্পাদিকা ধৰ্মিষ্ঠা বৰুৱা, ছাত্ৰ একতা সভাৰ আন আন বিষয়ববীয়াৰ লগতে বিভিন্ন বিভাগৰ অধ্যাপক-শিক্ষাৰ্থী উপস্থিত থাকে।
✅মুখ্য সমল ব্যক্তি ভদ্ৰ ৰাজোৱাৰৰ লগতে সহযোগী প্ৰশিক্ষক জিণ্টু কুৰ্মী, সোমেশ্বৰ কুৰ্মী, গড়গাঁও মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহযোগী অধ্যাপক ড° অনিল তাঁতী আৰু গণিত বিভাগৰ সহকাৰী অধ্যাপক সুজাতা গোৱালাই আগবঢ়োৱা দুদিনীয়া কৰ্মশালাত শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি উপকৃত হোৱা বুলি অভিমত প্ৰকাশ কৰে।