Tihu college students union 2025-26

  • Home
  • Tihu college students union 2025-26

Tihu college students union 2025-26 this is the official page of Tihu College Students union 2025-26

ইয়াৰ দ্বাৰা সমূহ টিচিয়ানক জনাও যে মহাবিদ্যালয় সপ্তাহৰ প্ৰতি লক্ষ্য ৰাখি ১০-০৩-২৬ তাৰিখে সমাজ সেৱা বিভাগৰ তৰফৰ পৰা মহা...
11/03/2026

ইয়াৰ দ্বাৰা সমূহ টিচিয়ানক জনাও যে মহাবিদ্যালয় সপ্তাহৰ প্ৰতি লক্ষ্য ৰাখি ১০-০৩-২৬ তাৰিখে সমাজ সেৱা বিভাগৰ তৰফৰ পৰা মহাবিদ্যালয়ৰ চৌহদটো চাফ-চিকুন কৰা হয়।লগতে অনাগত দিন সমূহটো মহাবিদ্যালয় খন চাফ-চিকুন কৰি ৰাখিবলৈ সমূহ টিচিয়ানক আহ্বান জনোৱা হ'ল।

ইতি,
সমাজ সেৱা সম্পাদিকা
চয়ানিকা দাস
টি.ম.ছা.এ.স ২০২৫-২৬

60th College Week schedule✨
11/03/2026

60th College Week schedule✨

ইয়াৰ দ্বাৰা টিহু মহাবিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীক অৱগত কৰা হৈছে যে আগতে ভঙা অৱস্থাত থকা বাস্কেটবল ৰিংখন এতিয়া সফলভাৱে মে...
09/03/2026

ইয়াৰ দ্বাৰা টিহু মহাবিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীক অৱগত কৰা হৈছে যে আগতে ভঙা অৱস্থাত থকা বাস্কেটবল ৰিংখন এতিয়া সফলভাৱে মেৰামতি কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলক অনুৰোধ কৰা হৈছে যে কোৰ্টখন যত্নসহকাৰে ব্যৱহাৰ কৰিব।🙏

ইতি
কুলদ্বীপ মেধী
সম্পাদক
লঘু খেল আৰু শৰীৰচৰ্চা বিভাগ,টিহু মহাবিদ‍্যালয় ছাত্ৰ একতা সভা ২০২৫-২৬

Boys’ common room টো বহু কেইদিন ধৰি লেতেৰা অৱস্থাত আছিল আৰু bathroom টোও যথেষ্ট অপৰিষ্কাৰ হৈ পৰিছিল। বিশেষকৈ কিছুমানে gu...
08/03/2026

Boys’ common room টো বহু কেইদিন ধৰি লেতেৰা অৱস্থাত আছিল আৰু bathroom টোও যথেষ্ট অপৰিষ্কাৰ হৈ পৰিছিল। বিশেষকৈ কিছুমানে gutkhar পিক আদি কোঠাৰ ভিতৰত আৰু চাৰিওফালে পেলোৱাৰ ফলত ঠাইখন অত্যন্ত লেতেৰা হৈ পৰিছিল, যাৰ বাবে সকলোৰে ব্যৱহাৰ কৰিবলৈ অসুবিধা হৈছিল।
এই বিষয়টো লক্ষ্য কৰি আজি মানুহ মাতি সম্পূৰ্ণ ৰূপে common room আৰু bathroom দুয়োটাই ভালদৰে চাফা কৰোৱা হৈছে।
সকলোকে বিনম্ৰ অনুৰোধ জনোৱা হৈছে যে আগলৈ যেন সকলোৱে এই ঠাইসমূহ সচেতনভাৱে ব্যৱহাৰ কৰে আৰু gutkhar পিক বা অন্য কোনো লেতেৰা বস্তু কোঠাৰ ভিতৰত নেপেলায়। পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো আমাৰ সকলোৰে দায়িত্ব।
সকলোৰে সহযোগিতাৰে আমি এই ছাত্ৰ জিৰণি কোঠাটো সুন্দৰ আৰু পৰিষ্কাৰ কৰি ৰাখিব পাৰিম বুলি আশা কৰা হৈছে। ধন্যবাদ। 🙏

বিতোপন দাস
সম্পাদক, ছাত্ৰ জিৰণি কোঠা
টি. ম.ছা. এ. স-২০২৫-২৬
টিহু মহাবিদ্যালয়, টিহু

৩ দিনীয়া যোগা কর্মশালাৰ আজি শেষৰটো দিন আছিল। এই তিনিদিন ধৰি ছাত্ৰীসকলে উৎসাহেৰে যোগাভ্যাসত অংশগ্ৰহণ কৰি নিজৰ শাৰীৰিক আৰু...
08/03/2026

৩ দিনীয়া যোগা কর্মশালাৰ আজি শেষৰটো দিন আছিল। এই তিনিদিন ধৰি ছাত্ৰীসকলে উৎসাহেৰে যোগাভ্যাসত অংশগ্ৰহণ কৰি নিজৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত কৰাৰ সুযোগ লাভ কৰিলে। সকলো অংশগ্ৰহণকাৰী আৰু প্ৰশিক্ষকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ এই কর্মশালাই সকলোকে নিয়মিত যোগাভ্যাস কৰিবলৈ প্ৰেৰণা যোগাব। Dipanjan Dey ছাৰক,Kalpana choudhry বাইদেউ আৰু Pritismita Das বাইদেউ সকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আজিৰ এই অনুষ্ঠানটিত উপস্থিত থকাৰ বাবে। mrinmoy, kuladip,bitupan, kaushik আৰু তোমালোককো বহুত বহুত ধন্যবাদ জনাইছো মোক ইমানখিনি সহায় কৰি দিয়াৰ বাবে। ❤️🤗🙏

ইতি
কৰিশ্মিতা হালৈ
ছাত্ৰী জিৰণি কোঠা সম্পাদিকা।

ছাত্ৰী জিৰণি কোঠা বিভাগৰ উদ্যোগত অনুষ্ঠিত ৩ দিনীয়া Yoga Workshop ৰ আজি প্ৰথমটো দিন সফলভাৱে সম্পন্ন হ’ল আৰু অংশগ্ৰহণ কৰা ...
07/03/2026

ছাত্ৰী জিৰণি কোঠা বিভাগৰ উদ্যোগত অনুষ্ঠিত ৩ দিনীয়া Yoga Workshop ৰ আজি প্ৰথমটো দিন সফলভাৱে সম্পন্ন হ’ল আৰু অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ছাত্ৰীক অশেষ ধন্যবাদ জনাইছো।✨🩷🙏

Huge congratulations to Nishigandha Kashyap for clinching 1st place and advancing to the state level of the VIKSIT BHARA...
26/02/2026

Huge congratulations to Nishigandha Kashyap for clinching 1st place and advancing to the state level of the VIKSIT BHARAT YOUTH PARLIAMENT DEBATE COMPETITION! And kudos to Bhaskar Sharma for securing an impressive 7th position - great effort! Both showcased remarkable talent at Kumar Bhashkar Verma Sanskrit and Ancient Studies University today. Keep shining✨✨🎉

মহাবিদ্যালয়ৰ পুথিভঁৰালত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় পুথিৰ যোগান ধৰিবলৈ অধ্যক্ষ মহোদয়ক এখন আবেদন জনালোঁ। ...
24/02/2026

মহাবিদ্যালয়ৰ পুথিভঁৰালত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় পুথিৰ যোগান ধৰিবলৈ অধ্যক্ষ মহোদয়ক এখন আবেদন জনালোঁ। তেখেতে এই দাবীটো মানি লোৱাৰ লগতে প্ৰতিটো বিষয়ৰে নতুন পাঠ্যপুথি পুথিভঁৰালত অন্তৰ্ভুক্ত কৰাৰ আশ্বাস প্ৰদান কৰে।
মই ভাবো আমাৰ মহাবিদ্যালয়ৰ পুথিভঁৰালটো কেৱল ডিগ্ৰী লাভ কৰাৰ মাধ্যম হৈ থকাটো অনুচিত। ই আমাৰ ভৱিষ্যত জীৱনৰ বাবে প্ৰস্তুত হোৱাৰ এক কৰ্মশালা হোৱা উচিত। আজি অধ্যক্ষ মহোদয়ে যি সঁহাৰি জনালে, সেয়া কেৱল আমাৰ দাবী পূৰণ কৰাই নহয়, বৰঞ্চ আমাৰ সপোনবোৰক বাস্তৱায়িত কৰাৰ দিশত এক বলিষ্ঠ পদক্ষেপ। ইয়াৰ দ্বাৰা প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে নিজৰ শৈক্ষিক লক্ষ্যত উপনীত হ'বলৈ সমানে সুযোগ লাভ কৰিব।

ইতি,
মানস প্ৰতীম কলিতা
সভাপতি, ছাত্ৰ একতা সভা
টিহু মহাবিদ্যালয় ।

আৰু এই বেচিনটোত পানী জমা হৈ থকাৰ কাৰণ হৈছে—ছোৱালীবোৰে গুটখা, শিলিখা, বগৰী আদি যি খাই সেইবোৰ তাত পেলাই। তোমালোকৰ এই সাধাৰ...
23/02/2026

আৰু এই বেচিনটোত পানী জমা হৈ থকাৰ কাৰণ হৈছে—ছোৱালীবোৰে গুটখা, শিলিখা, বগৰী আদি যি খাই সেইবোৰ তাত পেলাই। তোমালোকৰ এই সাধাৰন জ্ঞানখিনি নাই নেকি যে কিবা বস্তু বেচিনত পেলালে সেইবোৰ ভিতৰত গৈ বন্ধ হৈ যাব পাৰে? মই সকলো ছোৱালীকে কোৱা নাই কিন্তু তেনেকুৱা কিছুমান ছোৱালী আছে। অনুগ্ৰহ কৰি আগলৈ এনে কাম নকৰা যেন। এই কথাখিনি কেৱল সকলোকে অৱগত কৰাৰ বাবেহে কোৱা হৈছে, যাতে আগলৈ এনে অসুবিধা নোহোৱা হয়। সকলোয়ে অলপ সচেতন হ’লে আমাৰেই সুবিধা হ’ব।
আৰু মোৰ বিশ্বাস যে সকলোৱে কথাটো বুজি পাবা।🤗
বাথৰুম কেইটা আৰু বেচিনটো আজি মানুহ মাতি পৰিষ্কাৰ কৰা হৈছে।

ইতি
কাৰিস্মিতা‌ হালৈ
ছাত্ৰী জিৰণি কোঠা সম্পাদিকা

প্ৰায় ৪–৫ মাহ মান ধৰি ছাত্ৰী জিৰণি কোঠাত থকা অধিকাংশ চকী ভঙা আৰু ব্যৱহাৰৰ অনুপযুক্ত অৱস্থাত আছিল, যাৰ ফলত ছাত্ৰীসকলৰ যথে...
23/02/2026

প্ৰায় ৪–৫ মাহ মান ধৰি ছাত্ৰী জিৰণি কোঠাত থকা অধিকাংশ চকী ভঙা আৰু ব্যৱহাৰৰ অনুপযুক্ত অৱস্থাত আছিল, যাৰ ফলত ছাত্ৰীসকলৰ যথেষ্ট অসুবিধা হৈছিল। এই বিষয়টোৰ ওপৰত গুৰুত্বসহকাৰে বিবেচনা কৰি ২২-০২-২০২৬ তাৰিখে চকীসমূহ মানুহ আনি সম্পূৰ্ণৰূপে মেৰামতি কৰি পুনৰ ব্যৱহাৰৰ উপযোগী কৰি দিয়া হৈছে।❤️🤗

কৰিস্মিতা হালৈ
ছাত্ৰী জিৰণি কোঠা সম্পাদিকা

Cricket,football আদি খেলাৰ বাবে খেলৰ সামগ্রী কিছু অনা হৈছে, গতিকে ছাত্র-ছাত্রী সকলে নিজৰ বুলি ভাবি সামগ্রী খিনি ভালকৈ ব্...
23/02/2026

Cricket,football আদি খেলাৰ বাবে খেলৰ সামগ্রী কিছু অনা হৈছে, গতিকে ছাত্র-ছাত্রী সকলে নিজৰ বুলি ভাবি সামগ্রী খিনি ভালকৈ ব্যবহাৰ কৰে যেন ।🏏

যিয়ে খেলৰ বাবে সামগ্রী খিনি নিব তেওঁ register বহীত sign কৰি সামগ্রী খিনি নিব লাগিব, লগতে জমা দিয়াৰ সময়তো sign কৰি জমা দিব লাগিব আৰু সেই সামগ্রী খিনিৰ দায়িত্ব তেওঁ লব লাগিব, সামগ্রী চুৰ অথবা ভাঙিলে তেওঁ তাৰ মূল্য দিব লাগিব। এই সিদ্ধান্ত গুৰু খেলৰ incharge sir আৰু secretary এ লগ হৈ লৈছে।

ইতি
সম্পাদক,গুৰু খেল
টুমন কলিতা

Address


Website

Alerts

Be the first to know and let us send you an email when Tihu college students union 2025-26 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your university to be the top-listed University?

Share