26/01/2024
বৰপেটা জিলা প্ৰশাষনৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা গনৰাজ্য দিবস উপলক্ষে সৰ্থেবাৰী স্থিত বাপুজী মহাবিদ্যালয়,সৰুক্ষেত্ৰীৰ পৰা ২১ জনীয়া NCC কেডেতৰ এটা দ’লে বৰপেটাত আয়োজন কৰা পেৰেড প্ৰতিযোগিতাত বাপুজী মহাবিদ্যালয়ৰ NCC কেডেত সকলেও পোন প্ৰথম বাৰৰ বাবে যথেষ্ঠ কষ্ট ত্যাগ কৰি এই প্ৰতিযোগিতাত অংশ গ্ৰহন কৰিছিল৷এই প্ৰতিযোগিতাত কষ্টৰ ফল হিচাপে তৃতীয় স্থান পাৱলৈ সক্ষম হৈছিল৷উক্ত পুৰস্কাৰটো বৰপেটা জিলাৰ আয়ুক্ত মহোদয় আয়ুষ গৰ্গ,বৰপেটা জিলাৰ আৰক্ষী অধিক্ষক অমিতাভ সিনহাৰ উপস্থিতিত তথা বাপুজী মহাবিদ্যালয় সৰুক্ষেত্ৰীৰ অধ্যক্ষ ড° ৰমেশ দাস আৰু বাপুজী মহাবিদ্যালয়ৰ NCC কেডেত সকলৰ কামানডেন ববিতা ভূঞাৰ উপস্থিতিত তৃতীয় স্থান হিচাপে এটা ট্ৰফিটো আগবঢ়াই৷
এই পুৰস্কাৰে মহাবিদ্যালয়ৰ লগতে বৃহত্তৰ সৰ্থেবাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে