Bongaigaon University Koch Rajbongshi Student's Unit

Bongaigaon University Koch Rajbongshi Student's Unit বঙাইগাঁও বিশ্ববিদ্যালয় কোচ ৰাজবংশী ছাত্ৰ গোট

১৭/০/২০২৬ ইং তাৰিখৰ দিনা খন বঙাইগাঁও বিশ্ববিদ্যালয় কৰ্তৃপক্ষ, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছুৰ আৰু কমতাপুৰ স্বায়ত্...
15/03/2026

১৭/০/২০২৬ ইং তাৰিখৰ দিনা খন বঙাইগাঁও বিশ্ববিদ্যালয় কৰ্তৃপক্ষ, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছুৰ আৰু কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ যৌথ সহযোগত বঙাইগাঁও বিশ্ববিদ্যালয়ত Centre for Koch Rajbongshi Studies নামেৰে এটা গৱেষণা কেন্দ্ৰ ( Research Centre) ৰ বনোৱাৰ উদ্দেশ্য এক বুজাবুজি চুক্তিপত্ৰ (MoU) স্বাক্ষৰ কৰা হৈছিল আৰু যোৱা ১৩/০৩/ ২০২৬ ইং তাৰিখে ইয়াৰ শুভ উদ্বোধন কৰা হয় শুভ উদ্বোধন কৰে বঙাইগাঁও বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ড° তৰণী ডেকা ছাৰ আৰু তাত উপস্থিত থাকে বঙাইগাঁও জিলাৰ জিলা আয়ুক্ত মাননীয় দিবাকৰ নাথ মহোদয় আৰু বিশিষ্ট বৃদ্ধিজীৱি সমাজকৰ্মী আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল আৰু বঙাইগাঁও বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে ।

বঙাইগাঁও বিশ্ববিদ্যালয় কোচ ৰাজবংশী ছাত্ৰ গোটৰ ফালৰ পৰা কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ ( C.E.M)  ...
17/02/2026

বঙাইগাঁও বিশ্ববিদ্যালয় কোচ ৰাজবংশী ছাত্ৰ গোটৰ ফালৰ পৰা কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ
( C.E.M) মাননীয় শ্ৰী জীৱেশ ৰায় ডাঙৰীয়াক সাক্ষাৎ কৰাৰ বিশেষ মূহুৰ্তত ।

আজি বঙাইগাঁও বিশ্ববিদ্যালয়ৰ সভাকক্ষত বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য মাননীয় ড° তৰণী ডেকা ডাঙৰীয়াৰ সভাপতিত্বত বঙাইগাঁও বিশ...
17/02/2026

আজি বঙাইগাঁও বিশ্ববিদ্যালয়ৰ সভাকক্ষত বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য মাননীয় ড° তৰণী ডেকা ডাঙৰীয়াৰ সভাপতিত্বত বঙাইগাঁও বিশ্ববিদ্যালয়ত কোচ-ৰাজবংশী অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ স্থাপনৰ উদ্দেশ্যে বঙাইগাঁও বিশ্ববিদ্যালয়ৰ সৈতে এক বুজাবুজি ত্ৰিপাক্ষিক চুক্তিপত্ৰত স্বাক্ষৰ কৰা হয় আৰু সভা অনুষ্ঠিত হয় তাত উপস্থিত থাকে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ ( C.E.M) মাননীয় শ্ৰী জীৱেশ ৰায় ডাঙৰীয়া আৰু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছুৰ সভাপতি মাননীয় শ্ৰী মনোজ কুমাৰ ৰায় ডাঙৰীয়া সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছুৰ সাধাৰণ সম্পাদক শ্ৰী বলোৰাম বৰ্মন ডাঙৰীয়া
আৰু বঙাইগাঁও জিলা পৰিষদৰ সভানেত্ৰী মাননীয়া শ্ৰী মৃদুলা সিংহ ডাঙৰীয়ানী
বঙাইগাঁও বিশ্ববিদ্যালয় মুখ্য পৰীক্ষা নিয়ন্ত্ৰক মাননীয় শ্ৰী ভৱানী প্ৰসাদ শৰ্মা
বঙাইগাঁও বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বনজিৎ শৰ্মা ডাঙৰীয়াকে ধৰি বিশিষ্ট
বুদ্ধিজীৱী, সমাজকৰ্মী, বিশ্ববিদ্যালয়ৰ অধ্যাপক, অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে বঙাইগাঁও বিশ্ববিদ্যালয় কোচ ৰাজবংশী ভাষা সংস্কৃতিক এই গৱেষণা কেন্দ্ৰ টোৱে অনাগত দিনত সমাজত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিব বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।

চিলাৰায় (প্ৰকৃত নাম শুক্লধ্বজ জন্ম:১৫১০ - মৃত্যু:১৫৭১) তেওঁৰ পিতৃ ষোলশ শতিকাৰ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ, মাতৃ পদ...
01/02/2026

চিলাৰায় (প্ৰকৃত নাম শুক্লধ্বজ জন্ম:১৫১০ - মৃত্যু:১৫৭১) তেওঁৰ পিতৃ ষোলশ শতিকাৰ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ, মাতৃ পদ্মাৱতী আৰু ভ্ৰাতৃ ৰজা নৰনাৰায়ণ। তেওঁ নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল। তেওঁ চিলাৰ দৰে চোঁ মাৰি ঘোঁৰা চেকুৰাই ৰণ কৰিছিল, সেয়েহে তেওঁক চিলাৰায় বুলিও জনা যায়।
তেওঁৰ জন্মদিন মাঘী পূৰ্ণিমাত অসমত বীৰ চিলাৰায় দিৱস হিচাপে পালন কৰা হয় আজি ৫১৬ তম জন্ম জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু বীৰ গৰাকীৰ আদৰ্শ অদম্য সাহস সদায় ইতিহাসত জিলিকি থাকিব ।

"জয় বিশ্ব মহাবীৰ চিলাৰায়ৰ জয় "
"জয় শুক্লধ্বজ ৰায়" 🔰⚔️

২৬ জানুৱাৰী দিনটো সমগ্ৰ ভাৰতবৰ্ষতে গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। ১৯৫০ চনৰ আজিৰ দিনটোতে আমাৰ দেশৰ সংবিধান খন আনুষ্ঠা...
25/01/2026

২৬ জানুৱাৰী দিনটো সমগ্ৰ ভাৰতবৰ্ষতে গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। ১৯৫০ চনৰ আজিৰ দিনটোতে আমাৰ দেশৰ সংবিধান খন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হৈছিল আৰু ভাৰত এখন সাৰ্বভৌম ৰাষ্ট্ৰ বুলি আনুষ্ঠানিকতা ভাৱে গ্ৰহন কৰা হৈছিল মহাত্মা গান্ধীৰ দৰে মহাপুৰুষৰ মহান প্ৰচেষ্টাত আৰু আমাৰ দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া আৰু প্ৰাণ ত্যাগ কৰা অসংখ্য স্বাধীনতা সংগ্ৰামীৰ অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ বাবে দেশৰ মৌলিক আইন সংবিধান প্ৰণয়ন কৰা হৈছিল। সেয়েহে, ১৯৫০ চনৰ পৰা জানুৱাৰীৰ ২৬ তাৰিখক আমাৰ দেশত গণতন্ত্ৰ দিৱস হিচাপে পালন কৰি আহিছে।
Happy Republic Day 🇮🇳🇮🇳🇮🇳



🇮🇳

সকলোলৈ সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ । বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী আইয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক বিদ্যা বুদ্...
22/01/2026

সকলোলৈ সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ । বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী আইয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক বিদ্যা বুদ্ধি আৰু সমাজলৈ কঢ়িয়াই আনক জ্ঞানৰ পোহৰ


'ৰূপান্তৰেহে মাথোঁজগত ধুনীয়া কৰেএয়ে মোৰ গায়ত্ৰী মন্ত্ৰ'- আজি 'শিল্পী দিৱস' উপলক্ষে সুন্দৰৰ সাধক, চিৰনমস্য ৰূপকোঁৱৰ জ্যোত...
17/01/2026

'ৰূপান্তৰেহে মাথোঁ
জগত ধুনীয়া কৰে
এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ'-
আজি 'শিল্পী দিৱস' উপলক্ষে সুন্দৰৰ সাধক, চিৰনমস্য ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।

প্ৰথম অসমীয়া চলচ্চিত্ৰ 'জয়মতী'ৰ নিৰ্মাতা, একাধাৰে সুৰকাৰ, গীতিকাৰ,কবি, সাহিত্যিক জনাৰ আপুৰুগীয়া অৱদনে অসমৰ জাতীয় জীৱনৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনত নতুন দিগন্তৰ সূচনা কৰিছিল, সেইসমূহ অৱদান চিৰ যুগমীয়া হৈ থাকিব।

14/01/2026

বঙাইগাঁও বিশ্ববিদ্যালয়ৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা
সমগ্ৰ কোচ ৰাজবংশী সমাজৰ সমুহ ৰাইজলৈ দোমাহী ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ।
এই ভোগালী বিহুৱে যেন ঐক্য, ভাতৃত্ববোধ, সংস্কৃতি আৰু শিক্ষাৰ পোহৰেৰে আমাৰ জীৱন ভৰাই তোলক।
ভেলাঘৰৰ জুইৰ উমে হৃদয় উজলাই ৰাখক।

জয় শুক্লধ্বজ ৰায়
জয় কোচ ৰাজবংশী সমাজ

ধন্যবাদ
বঙাইগাঁও বিশ্ববিদ্যালয় কোচ ৰাজবংশী ছাত্ৰ গোট

13/01/2026

সমুহ কমতাপুৰবাসী তথা সমুহ অসমবাসী ৰাইজলৈ দোমাহী,পুষুণা ,তথা মাঘ বিহু ভোগালী বিহুৰ শুভেচ্ছা আৰু ওলগ জনালোঁ।
মেজি ভেলাঘৰৰ জুইয়ে সকলোৰে জীৱনলৈ আনক শান্তি, সমৃদ্ধি, আৰু একতাৰ বান্ধোনৰ এখন শক্তিশালী সমাজ তাকে কামনা কৰিলোঁ।

বঙাইগাঁও বিশ্ববিদ্যালয় কোচ ৰাজবংশী ছাত্ৰ গোট

অসমৰ নামনি অসম তথা পশ্চিম অসম বুলি ক'লে প্ৰথমে খিলঞ্জীয়া কোচ ৰাজবংশী জনগোষ্ঠীটোৰ কথাই আহে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ বিভিন...
29/12/2025

অসমৰ নামনি অসম তথা পশ্চিম অসম বুলি ক'লে প্ৰথমে খিলঞ্জীয়া কোচ ৰাজবংশী জনগোষ্ঠীটোৰ কথাই আহে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ বিভিন্ন ঐতিহাসিক সমল আৰু সাহিত্য, কৃষ্টি সংস্কৃতি জাতিটোৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰি ৰক্ষাৰ্থে আৰু নৱ প্ৰজন্মৰ মাজত উৎসাহিত কৰা আৰু সুবিশাল জনগোষ্ঠীটোক বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাৰ কাৰণে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা ,(আক্ৰাছু)আৰু কমতাপুৰ স্বায়ত্বশাসিত পৰিষদে অহা ০৯ জানুৱাৰী ২০২৬ শুক্ৰবাৰ দিনা নামনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ বঙাইগাঁও বিশ্ববিদ্যালয়ত এটা কোচ ৰাজবংশী গৱেষণা কেন্দ্ৰ
উন্মোচন কৰিব আৰু উক্ত গৱেষণা কেন্দ্ৰ নিৰ্মাণ কৰাৰ কাৰণে অনুমতি প্ৰদান কৰাৰ বাবে বঙাইগাঁও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰা পদক্ষেপৰ বাবে বঙাইগাঁও বিশ্ববিদ্যালয় কোচ ৰাজবংশী ছাত্ৰ গোটৰ ফালৰ পৰা আদৰণি জনাইছোঁ এই পদক্ষেপ অনাগত দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ উন্নতি সাধন কৰিব বুলি আশা ৰাখিলোঁ।

জয়তু কোচ ৰাজবংশী সমাজ
"জয় শুক্লধ্বজ ৰায়"

#কোচৰাজবংশী🔰
🔰



Address

DOLAIGAON, BONGAIGAON
Bongaigaon

Website

Alerts

Be the first to know and let us send you an email when Bongaigaon University Koch Rajbongshi Student's Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share