05/09/2026
**মধ্য কামপীঠ মহাবিদ্যালয়,বোৰ্কাৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি সভা সম্পন্ন**
বোৰ্কা: ০৫, ছেপ্তেম্বৰ, ২০২৬
মধ্য কামপীঠ মহাবিদ্যালয়,বোৰ্কাৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি সভা আজি উলহ-মালহেৰে মহাবিদ্যালয় প্ৰাঙ্গণত ব্যতিক্ৰমী কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়।সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হেমেন শৰ্মাই। ইয়াৰ লগত সংগতি ৰাখি বিভাগৰ তৰফৰ পৰা আকৰ্ষণীয়কৈ প্ৰস্তুত কৰা প্ৰাচীৰ পত্ৰিকা "অব্ধিদ্বীপা" উন্মোচন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হেমেন শৰ্মাই। ভূগোল বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক দেৱজিৎ দাসৰ তত্ত্বাৱধানত অনুষ্ঠিত সভাত ভূগোল বিজ্ঞান বিভাগৰ নবাগত সকললৈ শুভেচ্ছা জ্ঞাপন কৰা হয়। । সভাত বিভাগৰে ছাত্ৰী সকলে আধুনিক নৃত্য আৰু গীত পৰিৱেশন কৰে সভাত মধ্য কামপীঠ মহাবিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী,কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি উৎসাহিত কৰে। প্ৰতিষ্ঠা দিৱস,নৱাগত আদৰণি সভা উপলক্ষে বক্তব্য আগবঢ়ায় অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপীকা মনিকা কলিতাই।
ইয়াৰ পাছতে ভূগোল বিভাগৰ নৱাগত ছাত্ৰ-ছাত্ৰীৰ মজত প্ৰীতি সভা অনুষ্ঠিত হয়। প্ৰীতি সভা উদ্বোধন কৰে ভূগোল বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক দেৱজিৎ দাসে।প্ৰীতি সভা পৰিচালনা কৰে ছাত্ৰ-ছাত্ৰী পৰিস্মীতা কাশ্যপ , জুৰি দাস, শ্যামল দাস, অংকুৰ ডেকা, ৰাজীৱ ডেকা।