12/04/2023
ECOSYSTEM
বহুত অপেক্ষাৰ অন্তত উদ্ভিদ বিজ্ঞান বিভাগৰ সমূহীয়া প্ৰচেষ্টাৰে দায়িত্বৰ ভাগ - বতৰা কৰি নিজৰ প্ৰবন্ধ, কবিতা, অঙ্কন তথা অন্যান্য ৰচনা কেইটা সংগ্ৰহ কৰি সজোৱা আমাৰ দেৱাল পত্ৰিকা "BIOS" ৰ উন্মোচন কৰে দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জিত কুমাৰ বৰদলৈ ছাৰ । আজি এই প্ৰাচীৰ পত্ৰিকা নতুনত্ব বাবেই বিশেষ । নতুন সংযোজন তাৰ উপৰিও ভাল বাৰ্তা সকলোৰে আগত পঠিওৱাৰ বাবে ছাৰে ভাল পাইছে। ছাৰে প্ৰাচীৰ পত্ৰিকাখন প্ৰথমে ওপৰে ওপৰে সজোৱাৰ কাৰুকাৰ্য দেখি ভাল পাইছে । তাৰোপৰি প্ৰাচীৰ পত্ৰিকাৰ গুৰুত্বপূৰ্ণ বিষয় কেইটা ছাৰে পঢ়িলে আৰু আমাক দুটা মান কথা কৈছে । মই লক্ষ্য হে কৰি আহিছিলো প্ৰতিটো article ৰ বাবে সম্পাদনা সমিতিৰ দায়িত্বত থকা আঞ্জুমান এ কেনেকৈ লেখাসমূহ তেনেই চুটি আৰু শুদ্ধ কৰা পৰা আৰম্ভ কৰি চকুত লগা কৈ কেনেকৈ সজাব পাৰি আৰু তাৰ লগতে সমূহীয়া প্ৰচেষ্টাৰে দায়িত্বত থকা সহযোগী আমাৰ উদ্ভিদ বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰী কেইজন লগতে একেলগে কাম কৰি কেনেকৈ প্ৰস্তত কৰিব পাৰি সেইয়া দেখিআছিলো।
অধ্যক্ষ ছাৰে কৈছিল যে , "দেৱাল পত্ৰিকা খন সম্পূৰ্ন লিখনিৰে পৰিপূৰ্ণ । আজিকালি তেনেকোৱা খুব কম হে লিখে! বাৰু ভাল হৈছে । হয়তো articel তোমালোকৰ থাকি হে গৈছে, ঠাইৰ অভাৱত ।প্ৰাচীৰ পত্ৰিকাটো খুব পুৰণা নতুন এখন বনাব লাগিব । বাকী ভাল হৈছে"
তাৰ পাছত আকৌ ছাৰে কৈছে- articalr topic কেইটা ধুনীয়া এজাৰ, G20, Empress of spring , বনছাই, প্ৰকৃতি তন্ত্ৰ ... তেনেকৈ article কেইটা পঢ়ি ছাৰে topic কেইটা সৈতে সম্পৰ্ক থকা বহুত কথা কৈছে । "
ভাল লাগিল যে ছাৰে গুৰুত্বসহকাৰে আমাৰ প্ৰাচীৰ পত্ৰিকাৰ উন্মোচনৰ বাবে ব্যস্ততাৰ মাজতে আহি আমাৰবাবে সময়কন দিছে ।
মন কৰিব লগীয়া কথাটো এইটোৱে যে কেনেকৈ লিখনি কেইটা চিজিল (arrangment) কৰিলে প্ৰাচীৰ পত্ৰিকাটো ভাল হব বা পঢ়ুৱৈই পঢ়ি ভাল পাব । সম্পূৰ্ণ পঢ়িবলৈ সময় নহবও পাৰে কিন্তু আচল কথাখিনি ওপৰে ওপৰে পঢ়ি যাতে সকলো কথা বুজি পায় । তাৰ বাবেই মই ভাবো দায়িত্বত থকা আঞ্জুমানে বিশেষ , কাৰণ তাইৰ চিন্তা ধাৰাৰে ভালকৈ প্ৰকাশ কৰিবলৈ পাৰিছে । তাইৰ প্ৰথম চেষ্টা সফল হৈছে বুলি ভাবো । তাইৰ লগতে হাতে - কামে সহযোগ কৰা ছাত্ৰ-ছাত্ৰী কেইজনেও বিশেষ ।
আঞ্জুমানক মই কৈছিলো, আৰু নতুন কি সংযোগ কৰিবলৈ পাৰিবা । তাই কৈছিল যে "আমি ECOSYSTEM related sticker লগাম তেতিয়া দেখিবলৈ ভাল হব । আগতে ফুল আৰু তেনেকুৱা সাধাৰণ decoration হে কৰা হয় ! "
এই কথাটোত মন কৰিবলগীয়া এই যে , আমি কৰা চিন্তা ভাবনাবোৰ যদি অলপ সময় দিও সেইয়া দিঠকলৈ ৰূপান্তৰিত হয় । আপুনি যদি লক্ষ্য কৰে আমাৰ প্ৰাচীৰ পত্ৰিকাৰ sticker কেইটা উদ্ভিদ বিজ্ঞানৰ লগত সম্পৰ্ক থকা তাৰ পৰাও আমি বহু কথা শিকিবলৈ পাৰো ।
আৰু এটা কথা কওঁ মোক ক্ষমা কৰিবা দেই , সকলোৰে নাম উল্লেখ কৰা নাই যদিও 6th sem ৰ প্ৰতিজনৰ পৰিশ্ৰমৰ ফল হে কাৰণ আঞ্জুমানে সকলোকে দায়িত্ব ভগোৱাৰ পাছত সকলোৱে সুন্দৰকৈ দায়িত্ব পালন কৰিছে । আৰু এটা কথা কওঁ যে ,
বিজিত ছাৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ছাৰ'ৰ আগত সুকুমাৰ'ক পৰিচয় কৰাই দিছিল কাৰণ এইটোৱে যে সুকুমাৰে মূল ছবিটো অংকন কৰিছে যি "ECOSYSTEM" ৰ ছবি । এই ছবি জৰিয়তে চকুত লগাহ পৰাকৈ আৰু বুজি পোৱাকৈ অংকন কৰিছে । ভালকৈ লক্ষ্য কৰিলে দেখা পোৱা যায় যে ecosystem ভাগ কেইটা এখন ছবিতেই আৱৰি আছে । প্ৰায় ৫-৬ দিন ধৰি সুকুমাৰে ছবি আঁকি আছিলে । আমাৰ প্ৰাচীৰ পত্ৰিকাৰ ছবি অংকনৰ ক্ষেত্ৰত তাৰ চিন্তা ধাৰা সুকীয়া মাজে মাজে সুকুমাৰ আৰু অঞ্জুমানে কৈছিল যে 3d effect দিব পাৰি নেকি ? সেই কথাটো কৰিবলৈ অনিচ্ছা প্ৰকাশ নকৰি । সেই চিন্তাধাৰাক আগতে ৰাখি হাতী , গছ গছনি, তাৰ লগতে আৰু কিছুমান ছবি 3D ৰূপে উপস্থাপন কৰিছে !
উদ্ভিদ বিজ্ঞান বিভাগৰ " ECO nuts " আমাৰ বাবে সদায় বিশেষ । বন্ধু - বান্ধৱী কেইজন আগুৱাই যাওঁক জীবন বাটত তাৰে কামনাৰে চিৰকৃতজ্ঞ হৈ সদায় এজনে আনজনৰ বাবে । হাঁহি ধেমালি কটোৱা দিনটো সদায় মনত থাকিব ।
এনেদৰে অনুভৱবোৰ ব্যক্ত কৰিলো!!!
এই ক্ষেত্ৰত আমাক সহায় কৰা উদ্ভিদ বিভাগৰ ছাৰ-বাইদেউ সকলোলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ । উদ্ভিদ বিভাগৰ ছাএ-ছাত্রীলৈ অশেষ ধন্যবাদ । উপদেষ্টা আৰু সম্পাদনা সমিতিলৈ বিশেষ ধন্যবাদ ❤️
Writing:- pranjit , priyanka , anjuman , priyadarshini , abhilasha , baishali
For sticker art made by :- Abhilasha , arijita , bhaskar , munnmi , basant ,niha , namita , priyadarshini ।
Paper Cutting and others work help by :- all students of 6th sem
#জয়তু_দেৰগাওঁ_কমল_দুৱাৰ_মহাবিদ্যালয়
#জয়তু_উদ্ভিদ_বিভাগ
paul