06/02/2022
লতা মংগেশকাৰঃজীৱনবৃত্তান্ত
ভাৰতীয় সংগীত জগত বুলি কলে প্ৰথমেই আমাৰ মনলৈ আহে কিশোৰ কুমাৰ, মহম্মদ ৰফী, গুলছন কুমাৰ আৰু ভুপেন হাজৰিকা আদিৰ দৰে মহান সংগীতজ্ঞৰ নাম আৰু তেনেকৈয়ে মহিলাৰ ক্ষেত্ৰত আমাৰ মনলৈ আহে লতা মংগেশকাৰৰ নাম। কোকিলকণ্ঠী গায়িকা নামে খ্যাত এই গৰাকী মহান গায়িকাই আমাৰ ভাৰতীয় হিন্দী সংগীত জগতখনৰ ওপৰিও ভাৰতীয় অন্য ৩৬ টা ভাষাত নিজৰ কণ্ঠ নিগৰাইছিল।লগতে বিদেশী ভাষাৰ সংগীত জগতটো তেওঁৰ অৱদান অপৰিসীম।আমি যদি আমাৰ অগ্ৰজসকলক আজিও শুধো তেওঁলোকে নিশ্চয়কৈ কবযে তেওঁলোকৰ অন্তৰ আজিও লতা মাংগেশকাৰৰ গীতে বাস কৰে বুলি।
মহান গায়িকা,গীতিকাৰ লতা মংগেশকাৰৰ জন্ম হৈছিল এটা শিল্পীৰ পৰিয়ালত ১৯২৯ চনৰ ২৯ চেপ্তেম্বৰত তেতিয়াৰ ব্ৰিটিছ শাসিত ইন্দোৰ প্ৰদেশত (বৰ্তমানৰ মধ্য প্ৰদেশ)। দিননাথ মংগেশকাৰ আৰু শিভান্ত্ৰীৰ জেষ্ঠ কন্যা ৰূপে জন্মলাভ কৰিছিল।দেউতাক দিননাথও সেইসময়ৰ মাৰাঠী আৰু কণকানী সংগীত জগতৰ এজন খ্যাত গীতিকাৰ আছিল।জন্মৰ সময়ত লতা মংগেশকাৰৰ নাম হেমা মংগেশকাৰ ৰখা হৈছিল যিটো পৰৱৰ্তী সময়ত তেওঁৰ পিতৃৰ এখন নাটক 'ভাৱবন্ধন'ৰ এটা চৰিত্ৰ লটিকাৰ পৰা অনুপ্ৰাণিত হৈ লতা মংগেশকাৰ নামটো গ্ৰহণ কৰে।ভাৰতীয় সংগীত জগতৰ মিণা খাদিকাৰ, আশা ভোঁছলে, উষা মংগেশকাৰ আৰু ভাতৃ হৃদয়নাথ মংগেশকাৰৰ জেষ্ঠ ভগ্নী লতা মংগেশকাৰ সৰুৰে পৰা সংগীতৰ প্ৰতি আকৃষ্ঠ হৈ পৰিছিল।সংগীতৰ আদি পাঠ তেওঁ তেওঁৰ পিতৃৰ পৰা লাভ কৰিছিল পাঁচ বছৰ বয়সৰ পৰাই।সৰু কালত তেওঁ পিতৃৰ সংগীতৰ চলছবিত অভিনেত্ৰী হিচাপেও ভাগ লৈছিল(সংগীত নাটক,মাৰাঠী)।
১৩ বছৰ বয়সত লতা মংগেশকাৰে পিতৃক হেৰুৱাই আৰু তেওঁৰ পৰিয়াললৈ অমানিশা আহিল।সেইসময়ত লতা মংগেশকাৰক নৱযুগ চিত্ৰপথৰ স্বতাধীকাৰি বিনায়ক দামোদৰ কৰ্ণাটকীয়ে যথেষ্ট সহায় কৰে আৰু তেওঁক সংগীত জগতখনলৈ আঁদৰি আনে।১৯৪২ চনত লতাজীৰ ক্ণ্ঠত প্ৰথমটো গীত "নাছো ইয়া গা্দে" শফল ৰূপ পাই।বিনায়ক দামোদৰৰ সহায়ত বহু গীত জনতাক উপহাৰ দিয়াৰ পাছত গুলাম হাইদাৰে লতাজীক তত্বাৱধান কৰে আৰু তেওঁৱে লতাজীক তেওঁৰ জীৱনৰ গুৰুত্বপূৰ্ণ গীত ''দিল মেৰা তড়া'' উপহাৰ দিয়ে।এই গীতটিৰ পাছতে লতাজীৰ জীৱনলৈ অভূৰ্তপূৰ্ব পৰিৱৰ্তন আনে আৰু গীতৰ পাছত গীতে যেন তেওঁৰ কণ্ঠ বিচাৰি কাষ চাপি আহিছিল।
সংগীত জগতলৈ আগবঢ়োৱা অবৰ্ণনীয় অৱদানৰ বাবে লতাজীক অসংখ্য বঁটা আৰু সন্মানেৰ সন্মান জনোৱো হয় । তাৰ ভিতৰত ১৯৬৯ চনত পদ্ম ভূষণ, ১৯৮৯ ত দাদা চাহেব ফাল্কে বঁটা, ১৯৯৯ চনত পদ্ম বিভূষণ আৰু ২০০১ চনত ভাৰত সৰ্বোচ্চ সন্মান ভাৰতৰত্নৰে সম্ভাষণ জনোৱা হয়। এই বোৰ বঁটাৰ উপৰিও ২০০৮ চনত জীৱনজোৰা সাধনা বঁটা ভাৰতবৰ্ষৰ ৬০তম স্বাধীনতা দিৱসৰ দিনা প্ৰদান কৰা হয়।১৯৫৯,৬৩,৬৬,৭০,৯৩,৯৪,২০০৪ চনকেইটাত ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।১৯৯৯চনত ৰাজ্য সভাৰ সদস্য হিচাপেও তেওঁ নিৰ্বাচিত হৈছিল।২০১১ চনত তেওঁৰ নাম গিনিজ বুক অৱ ৰেৰ্কডত লতাজীৰ নাম অন্তভুক্ত হয়।লতা মংগেশকাৰজীক প্ৰদান কৰা সকলো বঁটাৰ পৰিমাণ ইমানেই যে লিখি শেষ কৰিবলৈ কঠিন।
১৪ টা ভাষাত ৫০০০০তকৈ অধিক গীতত কণ্ঠ নিগৰোৱা কোকিলকণ্ঠী গায়িকা গৰাকীক ২০২২ চনৰ ৮ জানুৱাৰী তাৰিখে কাভিড-১৯ এ দেখা দিয়ে যাৰ বাবে Breach Candy Hospital ত চিকিৎসাৰ বাবে নিয়া হয়।কিন্তু আজি ০৬-০২-২০২২ তাৰিখে সংগীতসম্ৰাজ্ঞী গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।যিটো আমাৰ ভাৰতীয় সংগীত জগতৰ বাবে এক অফৰন্ত ক্ষতি।লতাজীৰ বৈদেহি আত্মাই চিৰশান্তি লাভ কৰক। ঔম শান্তি।