31/12/2023
*ইছলামিক সমাজ আৰু নৱবৰ্ষ উদযাপন*
আমাৰ নবী (ছঃ)-এ নতুন বছৰ উদযাপন কৰিছিল নেকি? চাহাবা সকলে ইজনে সিজনক নতুন বছৰৰ শুভেচ্ছা জনাইছিল নেকি? বুজুৰ্গ সকলে নতুন বছৰৰ উদযাপনত অংশগ্ৰহণ কৰিছিল নেকি?
আজি মুছলমানে কিয় এই কাম কৰি আছে?
কোনে উদ্ভাৱন কৰিছিল? কোনটো জাতিয়ে নৱবৰ্ষ উদযাপন কৰে? কিয় উদযাপন কৰা হয়? আৰু এই সময়ত মুছলমানসকলে কি মনোভাৱ গ্ৰহণ কৰিব লাগে?
আজি কেইটামান শাৰীৰ ভিতৰত এইখিনি কথা স্পষ্ট কৰাৰ প্ৰয়াস কৰা হৈছে। কিবা ভুল হ'লে আঙুলিয়াই দিয়ে যেন।
❑ আচলতে এই নৱবৰ্ষ উদযাপন খ্ৰীষ্টানসকলে আৱিষ্কাৰ কৰিছে, খ্ৰীষ্টানসকলৰ মাজত নৱবৰ্ষ উদযাপনৰ পৰম্পৰা অতীতৰে পৰা চলি আহিছে, ইয়াৰ এটা কাৰণ হ’ল তেওঁলোকৰ বিশ্বাস অনুসৰি ২৫ ডিচেম্বৰত হজৰত ঈছা (আঃ) ৰ জন্ম হৈছিল। তেওঁৰ সন্মানত বৰদিন দিৱস (খ্ৰীষ্টমাছ) পালন কৰা হয়, যাৰ বাবে সমগ্ৰ বিশ্বই উদযাপন কৰে আৰু এই অৱস্থা নতুন বছৰৰ (নৱবৰ্ষৰ) আগমনলৈকে থাকে।
নৱবৰ্ষৰ উদযাপনত গোটেই দেশখন ৰঙীন আৰু পোহৰেৰে সজোৱা হয় আৰু ৩১ ডিচেম্বৰৰ নিশা মানুহে ১২ বজালৈ অপেক্ষা কৰে আৰু ১২ বজাত ইজনে সিজনক নৱবৰ্ষৰ শুভেচ্ছা জনায়, কেক কাটে, আতচবাজী জ্বলোৱা হয়, পিকনিকৰ অজুহাতত ডিজে বজাই যুৱক - যুৱতী একেলগে নাচ-গান কৰাৰ লগতে বিভিন্ন নাইটক্লাবত মনোৰঞ্জনৰ কাৰ্যসূচী অনুষ্ঠিত হয়, য’ত প্ৰচুৰ পৰিমাণে মদ্যপান, নাচ-গান কৰা হয়; কাৰণ তেওঁলোকৰ মনোৰঞ্জন মাত্ৰ দুটা বস্তুৰেই সম্ভৱ, প্ৰথম মদ আৰু দ্বিতীয় মহিলা।
❑ আজি উম্মাহৰ এটা বৃহৎ অংশ বিদেশীৰ দাসত্বৰ শিকলিত বান্ধ খাই আছে আৰু তেওঁলোকে কাফিৰ আৰু মুশ্বৰিক, ইহুদী আৰু খ্ৰীষ্টানৰ আচাৰ-ব্যৱহাৰৰ প্ৰতি আকৰ্ষিত হৈছে।
জন্মদিন উদযাপন কৰাই হওক বা প্ৰেমিক দিৱস উদযাপন কৰাই হওক বা খ্ৰীষ্টাব্দৰ আগমনৰ সময়ত নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰি তাৰ বাৰ্তা প্ৰেৰণ কৰাই হওক, এই প্ৰক্ৰিয়া তেওঁৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে।
নৱবৰ্ষ আহিলে দেখা যায় এই খ্ৰীষ্টান বেদ্বীন সকলৰ দৰে বহু মুছলমানেও নতুন বছৰলৈ আগ্ৰহেৰে বাট চাই থাকে আৰু ৩১ ডিচেম্বৰলৈ অধৈৰ্য্যভাৱে অপেক্ষা কৰে, যুৱক-যুৱতীসকলে হেপ্পী নিউ ইয়েৰ উদযাপনৰ বাবে পিকনিক পইণ্ট বিচাৰি ফুৰে, ৩১ ডিচেম্বৰত শুভ নৱবৰ্ষৰ নামত কেনেধৰণৰ অশান্তিৰ সৃষ্টি হয়। এই মুছলমানসকলেও নিজৰ শ্বৰিয়ত আৰু পৰম্পৰাক নিম্ন আৰু অৱজ্ঞাসূচক বুলি বিবেচনা কৰি আৰু মহান সৃষ্টিকৰ্তা আল্লাহক অসন্তুষ্ট কৰি নতুন বছৰ উদযাপন কৰিবলৈ আৰম্ভ কৰিছে।
আমাৰ কি হৈছে, আমাৰ সন্মান অক্ষত আছেনে, আজি আমি সকলোতে কেক কাটিছো, নাচ-গান কৰিছো নহয়নে? কিন্তু কিয় এবাৰ ভাবিছোঁ নে?
এবাৰ ভাবিছোঁ নে নতুন বছৰ কি? আৰু প্ৰিয়জনৰ বয়স এবছৰ কমি গ’লে সুখ প্ৰকাশ কৰাৰ অৰ্থ কি? নতুন বছৰৰ আগমনৰ লগে লগে পৃথিৱীৰ বয়স এবছৰ কমি যায় আৰু ক্বিয়ামতৰ ওচৰ চাপি যায়। বৰঞ্চ যদি বুজা যায় যে প্ৰতিটো মুহূৰ্ত নতুন, তেন্তে নতুন বছৰ উদযাপনৰ অৰ্থ কি?
❑ পবিত্ৰ ক্বোৰআনত আল্লাহে কৈছে, -হে ঈমানদাৰ সকল! সম্পূৰ্ণ ইছলামত প্ৰৱেশ কৰা আৰু শ্বয়তানৰ পদাংক অনুসৰণ নকৰিবা, নিশ্চিত হোৱা যে শ্বয়তান তোমালোকৰ মুকলি শত্ৰু। (ছুৰাহ আল-বাক্বাৰাহ - আয়াত নং: ২০৮)
ইছলামে কাফিৰ, মুশ্বৰিকৰ অনুকৰণ আৰু তেওঁলোকৰ আচাৰ-ব্যৱহাৰ পালন কৰাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। কাফিৰ, মুশ্বৰিক, ইহুদী আৰু খ্ৰীষ্টানৰ পথ আৰু আমাৰ পথ পৃথক আৰু সুকীয়া। আল্লাহৰ ৰাছুল (ছাঃ)-য়ে আমাক সকলো ঠাইতে তেওঁলোকৰ পথ আৰু অনুৰূপৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে।
❑ হাদিছ শ্বৰীফত ৰাছুলুল্লাহ (ছাঃ)-য়ে কৈছে, “যিয়ে কোনো জাতিৰ অনুকৰণ কৰে, তেতিয়া তেওঁক তেওঁলোকৰ মাজত গণ্য কৰা হ’ব।”
(ছুনান আবু দাউদ ৪০৩৩)
❑ ইছলাম হৈছে এক নিখুঁত আৰু পবিত্ৰ ধৰ্ম, আল্লাহ পাকে আমাক নিখুঁত ধৰ্ম আৰু শ্বৰীয়ত দিছে আৰু নবী (ছঃ)-ক আদৰ্শ হিচাপে দিছে। য’ত আল্লাহৰ নবী (ছঃ)-এ তেওঁৰ অনুগামীসকলক জীৱনৰ সকলো দিশৰ সৈতে জড়িত সম্পূৰ্ণ নিৰ্দেশনা পথ প্ৰদৰ্শক নীতি প্ৰদান কৰিছে। গতিকে আমি আন কোনো শ্বৰীয়ত পালন কৰাৰ প্ৰয়োজন নাই বা কোনো ভিত্তিহীন ধৰ্ম আৰু বিপথে পৰিচালিত ধৰ্মৰ পৰা বা কোনো ভুৱা প্ৰাচীন আৰু আধুনিক সভ্যতা আৰু সংস্কৃতিৰ পৰা মুছলমানে একো শিকাৰ একেবাৰেই প্ৰয়োজন নাই।
❑ মুছলমানসকলৰ নিজস্ব চন্দ্ৰ তথা ইছলামিক তাৰিখৰ ব্যৱস্থা আছে, যিটো নবী (ছাঃ)-ৰ হিজৰতৰ সৈতে জড়িত, যিটো মুহাৰৰাম আল-হাৰামৰ পৰা আৰম্ভ হয়, এইটোৱেই ইছলামিক কেলেণ্ডাৰ; কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ বেছিভাগেই এই বিষয়ে অৱগতও নহয়। আজি মুছলমানসকল নিজৰ ধৰ্মীয় মূলমন্ত্ৰৰ বিষয়ে সম্পূৰ্ণ অজ্ঞাত, নিজৰ কাম-কাজত ইছলামিক তাৰিখ লিখাৰ উপৰিও ইছলামিক মাহৰ নামবোৰৰ প্ৰতিও অৱহেলিত।
জীৱন হৈছে সৰ্বশক্তিমান আল্লাহৰ দ্বাৰা দিয়া এক অতি মূল্যৱান নিয়ামত , আৰু নিয়ামত ম্লান বা কমি গ’লে ইয়াক উদযাপন কৰা নহয়; বৰঞ্চ ইয়াৰ বাবে অনুশোচনা কৰা হয়।
গতিকে জীৱনৰ সূৰ্য্য চিৰদিনৰ বাবে অস্ত যোৱাৰ আগতেই আখিৰাতৰ বাবে কিছু প্ৰস্তুতি চলোৱা উচিত আৰু এই উপলক্ষে আমি সকলোৱে "নতুন বছৰৰ শুভেচ্ছা" কোৱাটো পৰিহাৰ কৰি নিম্নোক্ত দোৱাটো পঢ়া উচিত।
❑ হজৰত আব্দুল্লাহ ইবনে হিশ্বাম ৰাঃ-য়ে কৈছে: নতুন বৰ্ষ বা মাহৰ আৰম্ভণি হ'লে চাহাবা সকলে এজনে আনজনক এই দোৱাটো শিকাইছিল।
-اللّٰهُمَّ أدْخِلْهُ عَلَیْنَا بِالأمْنِ وَ الإیْمَانِ، وَالسَّلَامَةِ وَالإسْلَامِ،وَرِضْوَانٍ مِّنَ الرَّحْمٰنِ وَجِوَازٍ مِّنَ الشَّیْطَانِ
অৰ্থ: হে আল্লাহ! এই (নতুন মাহ বা নতুন বছৰ) আমাৰ ওপৰত শান্তি, ঈমান, নিৰাপত্তা আৰু ইছলামপূৰ্ণ আৰু আপোনাৰ সন্তুষ্টিৰে প্ৰৱেশ কৰক আৰু শ্বয়তানৰ পৰা আশ্ৰয় দিয়ক।
(মুজামুল আওছাত- হাদিছ নং: ৬২৪১)
❑ এই উপলক্ষে আমি মুছলমানসকলে বিশেষভাৱে দুটা কাম কৰা উচিত:
১/ নতুন বছৰৰ জৰিয়তে আমি অধিক সৎ কাম কৰাৰ সুযোগ পালোঁ, ইয়াৰ বাবে আমি আল্লাহৰ শুকৰীয়া আদায় কৰা উচিত আৰু
২/ আমাৰ পূৰ্বৰ কামৰ পৰ্যালোচনা কৰি বেয়া কামৰ পৰা তৌবাহ কৰা উচিত আৰু ভাল কাম বৃদ্ধি কৰাৰ চেষ্টা কৰা উচিত।
✍️_হিফজুৰ ৰহমান
কুঠৰী, কাজিৰঙা (নগাঁও)
(লেখাটো একো সাল-সলনি নকৰাকৈ নাম সহ Copy কৰিব পাৰিব,অনুমতি আছে)