পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাস, ডিব্ৰুগড় বিশ্ববিদ্যালয়

  • Home
  • India
  • Dibrugarh
  • পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাস, ডিব্ৰুগড় বিশ্ববিদ্যালয়

পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাস, ডিব্ৰুগড় বিশ্ববিদ্যালয় Prestigious Padmanath Gohain Boruah Chatra Nivas of Dibrugarh University

গৌৰৱ গগৈ দা আছিল পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসৰ 'গ' খণ্ডৰ গ্ৰাউণ্ড ফ্ল'ৰৰ এজন জ্যেষ্ঠ আবাসী। তেওঁ কেৱল এজন ছাত্র নেতা...
13/05/2026

গৌৰৱ গগৈ দা আছিল পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসৰ 'গ' খণ্ডৰ গ্ৰাউণ্ড ফ্ল'ৰৰ এজন জ্যেষ্ঠ আবাসী। তেওঁ কেৱল এজন ছাত্র নেতা নহয়, তেওঁ আছিল এক অনুপ্ৰেৰণা। তেওঁ কটন মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক হোৱাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয় গৱেষক সন্থাৰ প্ৰাক্তন সভাপতি হিচাপে নিজৰ দায়িত্বভাৰ নিষ্ঠাৰে পালন কৰিছিল।

২০১৮ চনৰ ১৩ মে’ তাৰিখে তেওঁ আমাক এৰি গ’লেও, তেওঁৰ আদৰ্শ, তেওঁৰ সংগ্ৰাম আৰু তেওঁৰ স্মৃতি আজিও আমাৰ মাজত জীয়াই আছে। তেওঁ যি পথ দেখুৱাই থৈ গ’ল, সেয়া সদায়ে আমাক আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব।

এই বেদনাময় ক্ষণত আমি তেওঁলৈ গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ।

গৌৰৱ গগৈ দা, আপুনি সদায়ে আমাৰ হৃদয়ত জীয়াই থাকিব।

Sharing the Dibrugarh University Admission Help Desk 2026 poster, an initiative by Padmanath Gohain Baruah Chatra Nivas....
15/04/2026

Sharing the Dibrugarh University Admission Help Desk 2026 poster, an initiative by Padmanath Gohain Baruah Chatra Nivas.

If you have any queries related to the admission process, exams, syllabus, or previous year questions, please feel free to contact the numbers listed in the poster. Separate contacts are available for general queries, hostel queries, department-wise queries, and more information.

For official updates, visit: https://dibru.ac.in/

We’re here to help you through the admission process.

Dibrugarh University

With warm regards from the boarders of P.N.G.B.C.N, we are happy to invite you to join the Dibrugarh University Helpdesk...
11/04/2026

With warm regards from the boarders of P.N.G.B.C.N, we are happy to invite you to join the Dibrugarh University Helpdesk WhatsApp channel.(For all admission related queries)

This small initiative is meant to keep you gently connected with all important notices, timely updates, and helpful support in one place.

It would truly mean a lot to have you with us:

Follow the Dibrugarh university Helpdesk (P.N.G.B.C.N) channel on WhatsApp: https://whatsapp.com/channel/0029VbCF8a23QxRxinPj6d3f

This is to inform all students who wish to take admission in Dibrugarh University for the academic session 2026-27 that ...
10/04/2026

This is to inform all students who wish to take admission in Dibrugarh University for the academic session 2026-27 that based on the recent notification from the Registrar’s Office regarding the review of the admission process, a committee has been formed to review the admission process, intake capacity, and provisions for lateral entry into different programmes, including the Five-Year Integrated Postgraduate Programme, the Two-Year Master’s Degree Programme, and lateral entry into the 7th and 9th semesters of the FYIPGP programme.

In this regard, we, the boarders of PNGBCN, are delighted to take a initiative to support and guide all applicants through our helpdesk. Our aim is to make your admission journey a little easier, more comfortable, and free from confusion.

Further details regarding the admission procedure and helpdesk will be shared soon. We warmly look forward to welcoming you and wish you success, happiness, and a bright beginning ahead.

পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাস, ডিব্ৰুগড় বিশ্ববিদ্যালয়
Dibrugarh University

ডিব্ৰুগড় বিশ্ববিদ‍্যালয়ত পঢ়ি থকা দিনৰে পৰা জ্ঞানশ্ৰী বাৰ কথা শুনি আহিছোঁ। তেখেত PNGB হোষ্টেলৰ লগত জৰিত এগৰাকী সবল ব‍্য...
09/04/2026

ডিব্ৰুগড় বিশ্ববিদ‍্যালয়ত পঢ়ি থকা দিনৰে পৰা জ্ঞানশ্ৰী বাৰ কথা শুনি আহিছোঁ। তেখেত PNGB হোষ্টেলৰ লগত জৰিত এগৰাকী সবল ব‍্যক্তিত্বৰ অগ্ৰজ তথা তেখেতে ডিব্ৰুগড় বিশ্ববিদ‍্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত PNGB ছাত্ৰাবাসৰ পেনেলৰ পৰাই প্ৰতিনিধিত্ব আগবঢ়াই সংগীত সম্পাদক হিচাপে জয়যুক্ত হৈছিল। আজি সমগ্ৰ অসমবাসীৰ দৃষ্টি মৰিয়নি সমষ্টিৰ নিৰ্বাচনত। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে তেওঁ এগৰাকী শিক্ষিত তথা সৱল ব‍্যক্তিত্বৰ গৰাকী। যোৰহাট শিক্ষিত মানুহৰ ঠাই, থিক সেইদৰে মৰিয়নি সমষ্টিটো সকলো শিক্ষিত মানুহেই আছে বুলিলে ভুল নহ’ব। এগৰাকী অসমীয়া জীয়ৰী, অসমীয়া বোৱাৰী ‍হোৱাৰ ওপৰিও ৰসায়ন বিজ্ঞানৰ দৰে গুৰু বিষয়ত ডক্টৰেট ডিগ্ৰীধাৰী, শিক্ষাৰ দৰে পুন‍্য কাৰ্য‍ত সমাজক পোহৰ বিলোৱাৰ কাম বায়ে কৰিছে। তেওঁৰ নেতৃত্বত প্ৰশ্ন নুঠে। তেওঁ জয়যুক্ত হোৱাটো মনে প্ৰাণে বিচাৰোঁ। বিগত বৰ্ষত মৰিয়নি সমষ্টিৰ এজন যুৱক হিচাপে আমি দেখিছোঁ কি কাৰণত বাৰ বিৰোধী তথাকথিত ব‍্যক্তিজন ৰাইজৰ মাজত জনপ্ৰিয়। তেনে জনপ্ৰিয়তা আমাক নালাগে। এজন শিক্ষিত হিচাপে এগৰাকী শিক্ষিত ব‍্যক্তিক আমি নিজৰ প্ৰতিনিধি হোৱাতো বিচাৰোঁ। নিৰ্বাচনৰ পূৰ্বেই মৰিয়নি সমষ্টি অসমবাসী ৰাইজৰ প্ৰেক্ষপটত জিলিকি আছে। তেনে স্হলত ভাৱক তেওঁ জয়যুক্ত হ’লে সমষ্টিটোৰ অৱস্হা নিশ্চিত ভাৱে উন্নতি হ’ব।

শেষত এটা কথাই ক’ম মৰিয়নি সমষ্টিত যে শিক্ষিত আৰু মন মগজুৰে চিন্তা কৰা মানুহ আছে তাৰ পৰিচয় কাইলৈ অসমবাসীৰ সন্মুখত জ্ঞানশ্ৰী বাক জয়যুক্ত কৰি দিব লাগিব। অন‍্যথা ৰাইজে আপোনাক বা মোক হাঁহিব। শুভকামনা জ্ঞানশ্ৰী বা।

05/04/2026

আমাৰ শুভেচ্ছা সদায় আপোনাৰ লগত আছে ৰাহুল দা।
জয় হওক আপোনাৰ, আগবাঢ়ক মাৰ্ঘেৰিটা।

আপোনাৰ নেতৃত্বৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। আপোনাৰ সাহস, দৃঢ়তা আৰু কৰ্মস্পৃহাই আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে আৰু আগ...
25/03/2026

আপোনাৰ নেতৃত্বৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। আপোনাৰ সাহস, দৃঢ়তা আৰু কৰ্মস্পৃহাই আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে আৰু আগলৈও কৰি থাকিব। আমি দৃঢ়বিশ্বাসী যে আপুনি মাৰ্ঘেৰিটা সমষ্টিৰ সামগ্ৰিক উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ বাবে নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে কাম কৰি যাব পাৰিব।
আগন্তুক নিৰ্বাচনৰ বাবে আপোনালৈ অলেখ অযুত শুভেচ্ছা আৰু আন্তৰিক শুভকামনা জনালোঁ ককাইদেউ। আপোনাৰ বিজয় কামনা কৰিলোঁ।

।। ৰাহুল ছেত্ৰী জিন্দাবাদ ।। ✊❤️

10/03/2026
উজনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাবে পৰিচিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰচ'ৰাত যিসমূহ সমস্যা আছে তাৰ ভিতৰত অন্যতম গুৰু...
20/02/2026

উজনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাবে পৰিচিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰচ'ৰাত যিসমূহ সমস্যা আছে তাৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ সমস্যা হৈছে বিশ্ববিদ্যালয়খনত খালী হৈ ৰোৱা প্ৰায় ২৫০ টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ। ৭৭ টা তৃতীয় বৰ্গৰ আৰু ১৬৫ টা চতুৰ্থ বৰ্গৰ খালী হৈ থকা পদেৰে চলি থকা বিশ্ববিদ্যালয়খনত অতি সোনকালেই পদসমূহ পূৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কালি ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ উপ-সভাপতি তথা পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰ নিবাসৰ আবাসী মাধুৰ্য্য চেতিয়াৰ নেতৃত্বত এটা দলে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়ক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

কাইলৈৰ পৰা খেল চলি থাকোতে ফিল্ডত এম্বুলেন্সৰ সৈতে মেডিকেল সুবিধা লৈ উপস্থিত থাকিব।Ambulances and medical facilities will...
20/02/2026

কাইলৈৰ পৰা খেল চলি থাকোতে ফিল্ডত এম্বুলেন্সৰ সৈতে মেডিকেল সুবিধা লৈ উপস্থিত থাকিব।

Ambulances and medical facilities will be present on the field during the Varsity from tomorrow.

বিশ্ববিদ্যালয়খন আমাৰ আৱেগৰ, আমাৰ মৰমৰ। এই বিশ্ববিদ্যালয়খনক কেন্দ্ৰ কৰি বহুজনৰ বহুতো সপোন আৰু পৰিকল্পনা থাকিব পাৰে, ঠিক...
20/02/2026

বিশ্ববিদ্যালয়খন আমাৰ আৱেগৰ, আমাৰ মৰমৰ। এই বিশ্ববিদ্যালয়খনক কেন্দ্ৰ কৰি বহুজনৰ বহুতো সপোন আৰু পৰিকল্পনা থাকিব পাৰে, ঠিক সেইদৰেই আমাৰো কিছুমান সপোন আৰু পৰিকল্পনা আছিল। নিৰ্বাচনৰ সময়ত আমি স্পষ্টভাৱে প্ৰতিশ্ৰুতি দিছিলোঁ যে ফলাফল যিয়ে নহওঁক কিয় এই বিশ্ববিদ্যালয়খনৰ হকে সদায় নিষ্ঠাৰে কাম কৰি যাম।

সেই প্ৰতিশ্ৰুতিৰ আধাৰতেই আজি আমি বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহোদয় আৰু মাননীয় পঞ্জীয়ক মহোদয়ক সাক্ষাৎ কৰি এই বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা বিভিন্ন গুৰুত্বপূৰ্ণ সমস্যাসমূহৰ বিষয়ে এখন স্মাৰকপত্ৰ প্ৰদান কৰোঁ।
উক্ত স্মাৰকপত্ৰখনত তলত উল্লেখিত বিষয়সমূহ সুস্পষ্টভাৱে উত্থাপন কৰা হৈছে—

১)বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰসমূহত আধুনিক শৈক্ষিক পাঠ্যপুথিৰ উপলব্ধতা নিশ্চিত কৰা

২) সমগ্ৰ বিশ্ববিদ্যালয়ৰ বিভাগ আৰু কেন্দ্ৰসমূহত উন্নত ইণ্টাৰনেট আৰু Wi-Fi সুবিধাৰ ব্যৱস্থা

৩)স্নাতক (UG) ছাত্ৰ–ছাত্ৰীসকলৰ ছেমিষ্টাৰ মাচুল গঠনত থকা বৈষম্য দূৰ কৰা

৪)বিশ্ববিদ্যালয়ৰ হোষ্টেলসমূহৰ সংস্কাৰ আৰু আধুনিকীকৰণ

৫) ব্যক্তিগত PG/ভাড়াঘৰৰ মালিকসকলৰ দ্বাৰা চলি থকা শোষণমূলক আচৰণ আৰু অন্যায় প্ৰথাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ

৬)লাডাখ ৰ’ডৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰা

৭)প্ৰফেছৰ কলনী বা APDCN কেম্পাছৰ ওচৰত এখন ফাৰ্মেচী স্থাপন

৮)মুখ্য কেম্পাছত ২৪×৭ চিকিৎসা সুবিধা উপলব্ধ কৰোৱা

৯)আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে, বিশ্ববিদ্যালয় আৰু সংযুক্ত মহাবিদ্যালয়সমূহত মাসিক ঋতুচক্ৰ (menstrual cycle) ছুটিৰ ব্যৱস্থা প্ৰৱৰ্তন
(এই সন্দৰ্ভত প্ৰকাশিত প্ৰতিবেদন — Hindustan Times:
https://www.hindustantimes.com/cities/others/gauhati-university-introduces-menstrual-leave-for-girl-students-101699720337861.html)

আমি আশাবাদী যে মাননীয় কৰ্তৃপক্ষই উক্ত বিষয়সমূহ গুৰুত্বসহ বিবেচনা কৰি প্ৰয়োজনীয় আৰু ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব।

Address

786004
Dibrugarh
786004

Website

Alerts

Be the first to know and let us send you an email when পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাস, ডিব্ৰুগড় বিশ্ববিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাস, ডিব্ৰুগড় বিশ্ববিদ্যালয়:

Share