16/10/2023
ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্র একতা সভা, ২০২২-২৩ ৰ কাৰ্যকালৰ অন্তিমটি দিনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশ্ববিদ্যালয় ভ্ৰমণ কৰি ছাত্র-ছাত্ৰী আৰু অধ্যাপক সকলৰ সৈতে মত বিনিময় কৰে। লগতে তেওঁ বিশ্ববিদ্যালয়ৰ সৰ্বাংগীন উন্নয়নৰ বাবে চৰকাৰে আগন্তুক দিনত কিছুমান উল্লেখযোগ্য পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰে। তাৰ ভিতৰত দুটা মুখ্য ঘোষণা হ'ল-
১) বিশ্ববিদ্যালয়ৰ বিভিন্ন কেন্দ্ৰ সমূহৰ মাচুলৰ ৫০% চৰকাৰে প্ৰদান কৰিব অৰ্থাৎ বিভিন্ন কেন্দ্ৰসমূহত অধ্যয়নৰত ছাত্র-ছাত্ৰীসকলে যথেষ্ট সকাহ পাব।
২) শিক্ষা, স্বাস্থ্য, সুৰক্ষা, যাতায়ত, ক্ৰীড়া, সাহিত্য-সংস্কৃতি আদি বিভিন্ন আনুসংগিক দিশত ব্যয় কৰিবৰ বাবে ২০২৬ চনৰ ভিতৰত চৰকাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ ১০০ কোটি টকাৰ অনুদান আগবঢ়াব।
আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা, ২০২২-২৩য়ে বিগত কাৰ্যকালৰ সময়ছোৱাত বহুকেইবাৰ মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰি বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিল। এই সমস্যাবোৰে কেন্দ্ৰসমূহৰ উচ্চ পৰ্যায়ৰ মাচুল, উন্নত গৱেষণাগাৰৰ সুবিধা আদিৰ পৰা আৰম্ভ কৰি ২৪×৭ স্বাস্থ্যসেৱা আদি বিভিন্ন দিশ সামৰি লৈছিল। পূৰ্বৰ বিভিন্ন ছাত্ৰ একতা সভায়ো অসম চৰকাৰক বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰিছিল। আজি মাননীয় মুখ্যমন্ত্ৰীদেৱৰ এই ঘোষণাসমূহ শুনি বিগত সময়ছোৱাত ছাত্ৰ প্ৰতিনিধি হিচাপে ছাত্র-ছাত্ৰীৰ সমস্যাক চৰকাৰৰ আগত উপস্থাপন কৰাৰ চেষ্টাত আমি কিঞ্চিতমান হ'লেও সফল হ'লো যেন অনুভৱ হৈছে।
ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা, ২০২২-২৩ৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যিদৰে বিশ্ববিদ্যালয়ৰ দুটাকৈ কেন্দ্ৰক বিভাগলৈ উন্নিত কৰাৰ সিদ্ধান্ত লৈ তাক চলিত বিত্তীয় বৰ্ষত বাস্তৱায়িত কৰিব বুলি নাহৰবাসীক আশ্বাস প্ৰদান কৰিছে, তেনেকৈ আপুনি আজি বিশ্ববিদ্যালয়ৰ বাবে গ্ৰহণ কৰা উন্নয়নমূলক সিদ্ধান্তসমূহে নাহৰৰ দেশক আগন্তুক দিনত এক নতুন ৰূপ প্ৰদান কৰিব বুলি আমাৰ দৃঢ়বিশ্বাস।