Doom Dooma College Student's Union

Doom Dooma College Student's Union Doom Dooma College Student's Union

ডুমডুমা মহাবিদ্যালয়ৰ  ২০২৪-২৫ বৰ্ষৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আয়োজন কৰা নৱাগত আদৰণি আৰু বিদায় সম্ভাষণ অনুষ্ঠানৰ শ্ৰেষ্ঠ...
01/09/2025

ডুমডুমা মহাবিদ্যালয়ৰ ২০২৪-২৫ বৰ্ষৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আয়োজন কৰা নৱাগত আদৰণি আৰু বিদায় সম্ভাষণ অনুষ্ঠানৰ শ্ৰেষ্ঠ নৱাগত শ্ৰী কপিল সোণোৱাল আৰু শ্ৰেষ্ঠা নৱাগতা অসমীয়া বিভাগৰ শ্ৰীমতী পৰিস্না হাজৰিকা
দুয়োগৰাকীলৈ ডুমডুমা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

*ঘোষণা**প্ৰয়াত উৎপল দেবৰয় গণিত মেধা বঁটা*আপোনালোকক অবগত কৰিব বিচাৰিছোঁ যে কভিড' ত আক্ৰান্ত হৈ বিগত ২০২১ চনত অকালতে আমা...
01/08/2025

*ঘোষণা*

*প্ৰয়াত উৎপল দেবৰয় গণিত মেধা বঁটা*

আপোনালোকক অবগত কৰিব বিচাৰিছোঁ যে কভিড' ত আক্ৰান্ত হৈ বিগত ২০২১ চনত অকালতে আমাৰ মাজৰ পৰা আতৰি যোৱা আমাৰ অতিকৈ শ্ৰদ্ধাৰ উৎপল দেবৰয় ছাৰৰ পবিত্ৰ স্মৃতিত প্ৰবৰ্তন কৰা প্ৰয়াত উৎপল দেবৰয় গণিত মেধা বঁটা চতুৰ্থ বৰ্ষৰ বাবে প্ৰদানৰ বাবে আবেদন গ্ৰহণ প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভণি কৰা হৈছে । ২০২৫ তথা চতুৰ্থ বৰ্ষৰ বাবে এই বঁটাৰ বাবে নিম্নোলেখিত চৰ্তাৱলী পূৰণ কৰিব পৰা ছাত্ৰ - ছাত্ৰীৰ পৰা আবেদন আহ্বান কৰা হ'ল।

চৰ্তাৱলী-
১) ছাত্ৰ/ ছাত্ৰী গৰাকী ২০২৫ বৰ্ষৰ স্নাতক উত্তীৰ্ণ হ'ব লাগিব।
২) ছাত্ৰ/ছাত্ৰী গৰাকীয়ে গণিত ( Mathematics) বিষয়ত উচ্চমান (MAJOR) সহ স্নাতক চূড়ান্ত ষান্মাষিক উত্তীৰ্ণ হ'ব লাগিব।
৩) ছাত্ৰ/ছাত্ৰী গৰাকীয়ে স্নাতক পৰ্যায়ত প্ৰথম শ্ৰেণী ( FIRST CLASS)/ CGPA- 6 Point বা ততোধিক/ A Grade অথবা A+ Grade লাভ কৰিব লাগিব।
৪) ছাত্ৰ/ছাত্ৰী গৰাকী যিকোনো মহাবিদ্যালয়ত অধ্যয়ন কৰিলেও তেখেত ডুমডুমা নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ ( ৰূপাই, কাকপথাৰ, ডিৰাক, ধলা, তালাপ, ডাঙৰী, ফিলবাৰী, কাকজান, হাঁহচৰা ইত্যাদি) বাসিন্দা হোৱাটো বাঞ্ছনীয়।
৫) যদিহে ছাত্ৰ/ছাত্ৰী গৰাকীয়ে গণিত বিষয়ত স্নাতকোত্তৰ মহলাত(MSc in Mathematics) নামভৰ্তিৰ সুযোগ লাভ কৰিছে তেনে প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব।

আবেদনৰ প্ৰক্ৰিয়া -
১) ছাত্ৰ/ছাত্ৰী অথবা অভিভাৱকে পৰিস্কাৰ বগা কাগজত নাম ঠিকনা উল্লেখ কৰি এখন আবেদন লিখি তাৰ সৈতে স্নাতক চূড়ান্ত বৰ্ষৰ মূল্যায়ন পত্ৰ ( MARKSHEET) খন ফটো অথবা PDF ফৰ্মেটত " [email protected]" লৈ মেইল কৰি প্ৰেৰণ কৰিব পাৰিব।
২) অফলাইন মাধ্যম ত কোনো আবেদন গ্ৰহণ কৰা নহ'ব।
৩) আবেদন খনতে সক্ৰিয় ফোন নম্বৰ উল্লেখ কৰাটো অনিবাৰ্য।

বি:দ্ৰ:- আবেদন কৰোতে মেইলৰ Subject ত - APPLICATION FOR UDMMS-2025 শীৰ্ষক লিখিবলৈ অনুৰোধ থাকিল।

প্ৰয়াত উৎপল ছাৰৰ গণিত শিক্ষাক জনপ্ৰিয় কৰণ আৰু ছাত্ৰ -ছাত্ৰী সকলক সৰ্বোতপ্ৰকাৰে সহায় কৰাৰ মানসিকতা ক আগবঢ়ায় নিয়াৰ মানসেৰে এই বৰ্ষৰ এই বঁটাৰ বাবে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী ক -
১) নগদ ধনৰাশি
২) এখন মানপত্ৰ
৩)এটি স্মাৰক
৪) ছাত্ৰ/ছাত্ৰী গৰাকী ৰ প্ৰয়োজনীয় এখন কিতাপ

বঁটা হিচাপে আগবঢ়োৱা হ'ব। আগ্ৰহী ছাত্ৰ ছাত্ৰী সকলৰ পৰা ০১-০৮-২০২৫ ৰ পৰা ১৫-০৮-২০২৫ লৈ আবেদন আহ্বান কৰা হ'ল।

ফেচবুক ৰ বন্ধূমহল তথা বন্ধুতালিকা ত থকা অগ্ৰজ সকলক এই বাৰ্তা টো ছাত্ৰ ছাত্ৰী সকলে লাভ কৰিব পৰাকৈ উপলব্ধ কৰিবলৈ(SHARE) অনুৰোধ থাকিল।

13/03/2025

মহাবিদ্যালয়ৰ গৌৰৱ গৰিমা ভৰালীৰ কণ্ঠত এটি ভূপেন্দ্ৰ সংগীত
স্থান: শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় ,নামতি,শিৱসাগৰ
Share কৰি দিব সকলোৱে🌷

24/01/2025

আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ ২০২৫ ত জ্যোতিসংগীত প্ৰতিযোগিতাত বিচাৰক বিশেষ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰী গৰিমা ভৰালী

24/01/2025

আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ ২০২৫ ৰ একাংকিকা নাট প্ৰতিযোগিতাত ডুমডুমা মহাবিদ্যালয়ৰ নাট:নিৰয় প্ৰলয় ধূলি
স্থান: শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়,নামতি,শিৱসাগৰ

শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়, নামতিত অনুষ্ঠিত হৈ থকা ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত ডুমডুমা মহাবিদ...
21/01/2025

শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়, নামতিত অনুষ্ঠিত হৈ থকা ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত ডুমডুমা মহাবিদ্যালয় হৈ অংশগ্ৰহণ কৰিবলৈ যোৱা দলটিৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী লৈ বহুতো শুভকামনা।

          57th Establishment Day
01/07/2024


57th Establishment Day

সুখবৰ সুখবৰ.........ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ লগত সংগতি ৰাখি 'ৰয়েল গ্লৱেল ইউনিভার্চিটি' ত অনুষ্ঠিত ৩৭ সংখ্যক উত্তৰ-পূৱ মাণ...
10/02/2024

সুখবৰ সুখবৰ.........
ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ লগত সংগতি ৰাখি 'ৰয়েল গ্লৱেল ইউনিভার্চিটি' ত অনুষ্ঠিত ৩৭ সংখ্যক উত্তৰ-পূৱ মাণ্ডলিক যুৱ মহোৎসৱত ডিব্ৰুগড় বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি ডুমডুমা মহাবিদ্যালয় অসমীয়া বিভাগৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ পৰমানন্দ দাসয়ে Poster Making প্ৰতিযোগিতাত তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।
#লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱমহোৎসৱ ২০২৪ ত Poster Making প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল।
ইয়াৰ জৰিয়তেই পৰমানন্দলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ💐💐💐

অহা ২০ চেপ্তেম্বৰ তাৰিখে ডুমডুমা মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হ'ব ৰায়হান শ্বাহ সোঁৱৰণি সদৌ অসম ভিত্তিক আন্তঃমহাবিদ্যালয় ...
09/09/2023

অহা ২০ চেপ্তেম্বৰ তাৰিখে ডুমডুমা মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হ'ব ৰায়হান শ্বাহ সোঁৱৰণি সদৌ অসম ভিত্তিক আন্তঃমহাবিদ্যালয় প্ৰাইজমানি কুইজ প্ৰতিযোগিতা। অসমৰ যিকোনো মহাবিদ্যালয়ৰ বৈধ ছাত্ৰ -ছাত্ৰীয়ে যোগদান কৰিব পাৰিব। নিয়মাৱলী চাই লয় যেন।
The Raihan Shah Memorial State Level Inter-College Prize-Money Quiz Competition is going to be held on 20th September, 2023 at Doomdooma College. Bona fide students of any college of Assam may join the same. Please go through the rules set for the competition.

বহুদিনীয়া আশা এটি পূৰণ হল, মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ সকলোকে শুভেচ্ছা💐💐💐অসমৰ মুখ্যমন্ত্ৰী লগতে শিক্ষা মন্ত্ৰী মহোদয়ক এই ...
28/06/2023

বহুদিনীয়া আশা এটি পূৰণ হল, মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ সকলোকে শুভেচ্ছা💐💐💐
অসমৰ মুখ্যমন্ত্ৰী লগতে শিক্ষা মন্ত্ৰী মহোদয়ক এই সিদ্ধান্তৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো

মহাবিদ্যালয় খনৰ সেউজীয়া বোৰ💚
12/06/2023

মহাবিদ্যালয় খনৰ সেউজীয়া বোৰ💚

নৱাগত ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাকৈ মহাবিদ্যালয়ত দুটিকৈ নামভৰ্তি প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়াৰ সহায়ক কেন্দ্ৰৰ জৰিয়তে সহায় কৰি থ...
31/05/2023

নৱাগত ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাকৈ মহাবিদ্যালয়ত দুটিকৈ নামভৰ্তি প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়াৰ সহায়ক কেন্দ্ৰৰ জৰিয়তে সহায় কৰি থকা হৈছে , নৱাগত ছাত্ৰ ছাত্ৰী সকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে🙏
❤️জয়তু ডুমডুমা মহাবিদ্যালয়❤️

Address

Doom Dooma College
Doom-Dooma
786153

Alerts

Be the first to know and let us send you an email when Doom Dooma College Student's Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Doom Dooma College Student's Union:

Share