24/05/2020
কংগ্ৰেছৰ চৰকাৰ চলি থাকোতেও আছুৰ কৰ্মী আছিলো । এতিয়া বিজেপিৰ চৰকাৰৰ দিনতো আছু-কৰ্মী হৈ আছো । ৰজাঘৰীয়াৰ অপৰিৱৰ্তিত চৰিত্ৰবোৰ দেখি হাঁহিহে উঠে ।
কংগ্ৰেছৰ আমোলত আমাক মুচলমানবিৰোধী বুলি প্ৰচাৰ কৰা হৈছিল । আছুৱে অবৈধ বাংলাদেশী বিতাৰণ আৰু অসমৰ পৰা মৌলবাদী শক্তি উৎখাত কৰিবলৈ আন্দোলন কৰে কাৰণে সেইসময়ৰ ৰজাঘৰীয়া ভৃত্য আৰু সংখ্যালঘূৰ আৱেগৰে চৌকা জ্বলোৱাবোৰৰ কাৰণে আছু আছিল মুচলমান বিৰোধী । সমুজ্জ্বল ভট্টাচাৰ্যক গোড়া হিন্দুত্ববাদী সজাবলৈ অপচেষ্টাৰ অন্ত নাছিল । সোনোৱালৰ সৈতে একেলগে আছুৰ কাৰ্যকাল চলাইছিল কাৰণে দুজনমানে অত্যুৎসাহী হৈ বিজেপিৰে মিতিৰালি আছে বুলিয়েই ক'ব খুজিছিল ।
সময় বাগৰিল । এতিয়া বিজেপিৰ চৰকাৰ আহিল । এতিয়া দেখিছো ১৫০০ টকীয়া ভক্তবোৰে আমাক মুচলমান তুষ্টিকৰণত লাগি আছো বুলি গালি পাৰে । 'কা'-বিৰোধী আন্দোলন কৰাৰ কাৰণে হিন্দুবিৰোধী বুলি অপপ্ৰচাৰ চলাই আছে । দীপাংক নাথ-লুৰীণ গগৈক কংগ্ৰেছী সজাবলৈ বিচাৰে । উদাহৰণ দিবলৈ সাম্প্ৰদায়িক ঘটনা বিচাৰি ফুৰে । আমাৰ সম্প্ৰদায়ৰ অমুকগৰাকী শিক্ষয়িত্ৰীৰ ধৰ্ষণৰ সময়ত ক'ত লুকাই আছিল আছু, সিহঁতৰ সম্প্ৰদায়ৰ মানুহে সত্ৰৰ মাটি দখল কৰোঁতে আছুৱে কিয় মাত নামাতে ইত্যাদি । ইয়াত আছুটোক আচলতে ব্যৱহাৰ কৰা হয় ঘটনাটোৰ দিশ সলনি কৰিবলৈহে । নহ'লে সিহঁতেও জানে যে আছুৱে শিক্ষয়িত্ৰীগৰাকীৰ মৰণোত্তৰ ন্যায়ৰ দাবীতো আন্দোলন কৰিছিল আৰু সত্ৰৰ মাটি বেদখলমুক্ত কৰিবলৈয়ো অসম আন্দোলনৰ সময়ৰ পৰাই আন্দোলন কৰি আহিছে । এইটো বিদেশী বিতাৰণৰ দাবীত অতবছৰে কৰা প্ৰতিটো আন্দোলনৰ বেনাৰ-পোষ্টাৰত সাঙোৰ খাই থকা এটা দাবী । কিন্তু আছুৰ নামত বিতৰ্কটো এইকাৰণেই আৰম্ভ কৰি দিয়া হয় যাতে সিহঁতে নিজে কিছুমান মৌলিক প্ৰশ্নৰ পৰা নিৰাপদে আঁতৰি থাকিব পাৰে । সেই প্ৰশ্নবোৰনো কি?
তোমালোকে চোন কাৰোবাৰ দপদপনি কমাই কাৰোবাক সুৰক্ষা দিম বুলি প্ৰত্যয় জন্মাই শাসনভাৰ লৈছিলা । এতিয়া আছুৱে কিয় আন্দোলন কৰা নাইতো গুৰুত্বপূৰ্ণ প্ৰশ্ন নে তোমালোকৰ শাসনকালতে যে শিক্ষয়িত্ৰী গৰাকীৰ ধৰ্ষণ হ'ল সেইটো বেছি চিন্তনীয় !
কেন্দ্ৰত ছয় বছৰ, অসমত চাৰি বছৰ হ'ল । আছুৱে মাত নামাতে কিয় বুলি কান্দি দেখুওৱাতকৈ তোমালোকৰ দলৰ চৰকাৰে কোনকেইখন সত্ৰৰ কিমান মাটি বেদখলমুক্ত কৰিলে তাৰ হিচাপ নিদিয়া কিয় ?
মুঠতে প্ৰতিবাদী সত্তাবোৰ ৰজাঘৰৰ কাৰণে সদায় হজম কৰিব নোৱাৰা বস্তু । গতিকে তোমালোকে শাসনভাৰ পায়ো যেতিয়া আছুৰ পিছতেই লাগি আছা গতিকে আমাৰ শক্তি, সততা আৰু সাহসৰ সুকীয়া প্ৰমাণনো কি লাগিছে !
আৰু একাংশ ৰাইজৰ গালিও আমাৰ আশীৰ্বাদ ।
ৰাস্তাটো খহিলে - আছুৰ ল'ৰাবোৰে কি কৰি আছে ?
খাদ্য বস্তুৰ দাম বাঢ়িছে - আছুৰ চলিগিলা ক'ত মল্লাকে ?
প্ৰধান শিক্ষকজন স্কুললৈ নাহে - আমা(ৰ) আছু(ৰ) চনাকিটা নাহে কিয়া ?
চিকিৎসালয়ত ডাক্তৰ নাই - ছাত্ৰ সন্থাৰ ল'ৰাহঁতে আজিকালি ভালকৈ নধৰে নি ?
বানসাহায্য সময়মতে পোৱা নাই - আছুৰ আপাকেটাই মাত নাম্তে কিয়া ?
এইবোৰ আমাৰ বাবে উদ্যম আৰু অভিভাৱকত্বৰ দৰেহে । আছুৰ প্ৰয়োজনীয়তাৰ পৰিচায়ক । ৰাইজে এন্ধাৰত বিচৰা জোঁৰডালেই হ'ল আছু ।
আমাৰ নিজস্ব আদৰ্শ আছে, সেই পথেৰেই যাম । নিজৰ লক্ষ্য আছে, সেই দিশেৰেই আগুৱাম । সেয়েহে আজিকালি ৰাজনৈতিক দলৰ বেতনভোগী অথবা অবৈতনিক অনুগামীবোৰৰ প্ৰতিটো কথাৰ প্ৰত্যুত্তৰ নিদিওঁ । ইয়াৰ অৰ্থ এইটো নহয় যে উত্তৰ নাই । কিন্তু স্কুললৈ যাওঁতে বাটত ভূকা প্ৰতিটো কুকুৰলৈ শিলগুটি মাৰি থাকিলে লাভ একো নহয়, বৰঞ্চ ক্লাছ ক্ষতি হোৱাৰহে সম্ভাৱনা থাকে ।
🖋Utpal Sarma