University Law College Students Union, Gauhati University

University Law College Students Union, Gauhati University Official Page of University Law College Students Union, Gauhati University.

Freshmen Social 2k25Organised by ULCSU 2024-25
12/09/2025

Freshmen Social 2k25
Organised by ULCSU 2024-25

আজি শিক্ষক দিৱস উপলক্ষে বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ সন্মানীয় শিক্...
05/09/2025

আজি শিক্ষক দিৱস উপলক্ষে বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰু সকলক সম্বৰ্ধনা জনোৱা হয় ৷ ছাত্ৰ-ছাত্ৰীৰ মাজত এক সুন্দৰ গীত কথাৰ মাজেৰে অনুষ্ঠিত সভাখনিত প্ৰতিগৰাকী শিক্ষাগুৰু উপস্থিতিয়ে আজিৰ দিনটো সজীৱ কৰি তুলিলে ৷ প্ৰতিগৰাকী শিক্ষাগুৰুলৈ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিলোঁ ৷

আজি বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত ফণীধৰ দত্ত প্ৰেক্ষাগৃহত স্নাতক আইনৰ প্ৰথম ষন্মাসিকৰ ছ...
04/09/2025

আজি বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত ফণীধৰ দত্ত প্ৰেক্ষাগৃহত স্নাতক আইনৰ প্ৰথম ষন্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক অভিমুখীকৰণ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উক্ত অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত ছাৰ ৷ বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° দীপাংকৰ দাস ছাৰৰ স্বাগত অভিভাষণেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত মুখ্য বক্তা হিচাপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ছাৰ আৰু অসম ৰাজ্যিক শিশুৰ অধিকাৰ সুৰক্ষা আয়োগৰ সঞ্চালক ড° শ্যামল প্ৰসাদ শইকীয়া ছাৰ ৷ ছাত্ৰ-ছাত্ৰীৰ মাজত গীত কবিতাৰ আলাপেৰে সমগ্ৰ অনুষ্ঠানটি সফলতাৰে সম্পন্ন হয় ৷

আজি বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ উদ্যোগত আৰু Majestic Academy ৰ সহযোগত ’A Brainstorming Session How to Cra...
01/09/2025

আজি বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ উদ্যোগত আৰু Majestic Academy ৰ সহযোগত ’A Brainstorming Session How to Crack AJS’ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উক্ত অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা ছাৰ আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° দীপাংকৰ দাস ছাৰ ৷ আমন্ত্ৰিত শিক্ষাগুৰু সকলৰ দ্বাৰা পৰিচালিত এই বিশেষ অনুষ্ঠানটিত অংশ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে অনাগত দিনত শৈক্ষিকভাৱে বহুদুৰ আগবাঢ়ি যাব বুলি আশা কৰিলোঁ ৷

আজি বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত “A Lesson For Exposure In Law” বিষয়ত এক বিশেষ আলোচনাচ...
29/08/2025

আজি বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত “A Lesson For Exposure In Law” বিষয়ত এক বিশেষ আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় ৷ উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ড° মুকুণ্ডকাম শৰ্মা ছাৰ ৷ মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° দীপাংকৰ দাস ছাৰে আঁত ধৰা অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° উৎপল শৰ্মা ছাৰ আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° জ্যোতি প্ৰসাদ বৰা ছাৰ ৷ শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এক সুন্দৰ কথোপকোথন তথা বাৰ্তালাপৰ মাজেৰে আলোচনা চক্ৰটি সফলতাৰে সম্পন্ন হয় ৷

আজি বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা অনুসৰি ’ৰেগিং বিৰোধী সপ্তাহ ...
18/08/2025

আজি বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা অনুসৰি ’ৰেগিং বিৰোধী সপ্তাহ ২০২৫’ উপলক্ষে এখনি আলোচনা চক্ৰৰ আয়োজন কৰা হয় ৷ উক্ত আলোচনা চক্ৰত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° উৎপল শৰ্মা ছাৰ, ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰঞ্জণ কাকতি ছাৰ, শ্ৰেণীসমূহৰ উপ সচিব ড° অৰিজিৎ বৰা ছাৰ ৷ বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° দীপাংকৰ দাসে আদৰণী বক্তব্য আগবঢ়োৱা আলোচনা চক্ৰটিত মুখ্য বক্তা হিচাপে উপস্থিত থাকে অসমৰ প্ৰাক্তন অতিৰিক্ত এড্‌ভ’কেট জেনেৰেল শ্ৰীযুত সত্যেন শৰ্মা ছাৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়ন বিভাগৰ অধ্যাপক ড° পলী ভক্‌লিন্‌ বাইদেউ ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদুলি আকৌ এবাৰ উদুলি মুদুলি ৷বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষাত শতাধিক ছাত্ৰ-ছাত্...
23/07/2025

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদুলি আকৌ এবাৰ উদুলি মুদুলি ৷
বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষাত শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ ৷ বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ত অধ্যয়নৰ হেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আজিৰ প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰতিগৰাকী তৰুণ-তৰুণীলৈ বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰসন্থাৰ তৰফৰ পৰা আন্তৰিক স্বাগতম ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷

আজি বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণী সমূহৰ সচিৱ মহোদয়ক সাক্ষাৎ কৰি শেহ...
16/07/2025

আজি বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণী সমূহৰ সচিৱ মহোদয়ক সাক্ষাৎ কৰি শেহতীয়া নামভৰ্তিৰ প্ৰ-পত্ৰ পূৰণত হোৱা কাৰিকৰি বিজুতিৰ বিষয়ে অৱগত কৰোঁ ৷ যাৰবাবে বহু ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিৰ প্ৰ-পত্ৰ পূৰণত অসুবিধাৰ সন্মুখীন হৈছে ৷ সেয়ে প্ৰ-পত্ৰ পূৰণৰ অন্তিম সময়সীমা আৰু কেইদিনমান বৃদ্ধি কৰিবলৈ সন্মানীয় সচিব মহোদয়ক স্মাৰক পত্ৰযোগে আহ্বান জনাও ৷ এই সম্পৰ্কত সচিব মহোদয়ে আশাপ্ৰদ সহাৰি আগবঢ়াই ৷

আজি বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্...
28/06/2025

আজি বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যদেৱৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ সদ্য প্ৰয়াত মাতৃৰ প্ৰতি একাঁজলি শ্ৰদ্ধাঞ্জলিৰে শোকবাৰ্তা প্ৰদান কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰা হয় ৷

আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় মুকলি মঞ্চৰ বাক...
05/06/2025

আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় মুকলি মঞ্চৰ বাকৰিত দুটি গছপুলি ৰূপন কৰা হয় ৷ উক্ত বৃক্ষৰূপন কাৰ্যসুচীত বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ড° দীপাংকৰ দাস ছাৰ আৰু শিক্ষক চম্পক গোস্বামী ছাৰে অংশগ্ৰহণ কৰাৰ লগতে সন্মানীয় শিক্ষাগুৰু সকলেও সহযোগিতা আগবঢ়ায় ৷

বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ ছাত্ৰ ৰয়েল পাৰভেজৰ নেতৃত্বত তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত এটি নতুন উদ্ভাৱনে বিশ্ববিদ্যালয় আই...
24/05/2025

বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ ছাত্ৰ ৰয়েল পাৰভেজৰ নেতৃত্বত তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত এটি নতুন উদ্ভাৱনে বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ পৰিয়ালটিলৈ এটি নতুন গৌৰৱৰ বাট মুকলি কৰিছে ৷ এতিয়াৰে পৰা গুৱহাটী বিশ্ববিদ্যালয়ত পঢ়িবলৈ অহা বা গুৱাহাটীত পঢ়িবলৈ অহা ছাত্ৰ ছাত্ৰীয়ে PG বা ভাড়াঘৰ বিচাৰিবলৈ কোনো চিন্তাৰ আৱশ্যক নাই ৷ নতুনকৈ সৃষ্টি কৰা ’Roomie’ শীৰ্ষক App টোৰ জৰিয়তে সহজতে লাভ কৰিব পাৰিব PG বা ভাড়াঘৰ ৷ ছাত্ৰ-ছাত্ৰীৰ বাবে সুবিধাজনক এনে সৃষ্টিৰ বাবে বন্ধু ৰয়েল পাৰভেজ তথা Team Roomie লৈ বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলো ৷

Address

Gopinath Bordoloi Nagar, Jalukbari
Guwahati
781014

Alerts

Be the first to know and let us send you an email when University Law College Students Union, Gauhati University posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to University Law College Students Union, Gauhati University:

Share