04/06/2026
কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত ৰেডিঅ' জ্ঞান তৰংগৰ বিশেষ শিক্ষামূলক তথা বিদ্যায়তনিক অনুষ্ঠান— শিক্ষাবাৰ্তা ৷ এই বিশেষ খণ্ডটিত উপস্থিত আছিল কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ
গণসংযোগ আৰু সাংবাদিকতা বিষয়ৰ সহকাৰী অধ্যাপক ড° জুৰি হাজৰিকা ৷বিষয়=Moocs & Journalism.
আলোচনাটিৰ আঁত ধৰে কথাবন্ধু সংগীতাই।
প্ৰসাৰণ=৪জুন ২০২৬ ৷
প্ৰতি সপ্তাহৰ বৃহস্পতিবাৰে পুৱা ১০ বজাত আৰম্ভ কৰা ফোন ইন লাইভ এই অনুষ্ঠানটিত আপুনিও অংশগ্ৰহণ কৰিব পাৰে ৷ আমাৰ ফোন নম্বৰ— 8811016415. এই অনুষ্ঠানত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ লগত জড়িত— নামভৰ্তি,পাঠ্যবিষয়, শিক্ষাদান ব্যৱস্থা, ডিজিটেল মাধ্যম,পৰীক্ষাৰ সময়,আইকাৰ্ড,অধ্যয়ন কেন্দ্ৰ,শিকন সামগ্ৰী,পৰীক্ষাৰ ফলাফল, হোম এচাইনমেণ্ট, কৰ্চৱৰ্ক, কাউন্সেলিং আদিৰ লগত জড়িত সকলো তথ্য আগবঢ়োৱা হয় ৷ গতিকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ
নাপাহৰিব ৷ শুণি থাকিব FM band ৰ 90 Mhz ত
উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰথমটো Community তথা সামূহিক অনাতাঁৰ সেৱা জ্ঞান তৰংগ মুক্ত মন মুক্ত চৰ্চা ৷