All Tiwa Students Union,Gauhati University Unit 2025 .

All Tiwa Students Union,Gauhati University Unit 2025 . This page will provide you all the information about Tiwa community.

তিৱা চলচ্চিত্ৰ জগতৰ বাবে এক গৌৰৱময় ক্ষণ...অসমীয়া চলচ্চিত্ৰক প্ৰতিনিধিত্ব কৰি প্ৰথমবাৰৰ বাবে তিৱা ফিল্ম “ চ্যু ফ্ৰান” য...
23/03/2026

তিৱা চলচ্চিত্ৰ জগতৰ বাবে এক গৌৰৱময় ক্ষণ...

অসমীয়া চলচ্চিত্ৰক প্ৰতিনিধিত্ব কৰি প্ৰথমবাৰৰ বাবে তিৱা ফিল্ম “ চ্যু ফ্ৰান” য়ে লাভ কৰিলে “নৱম আন্তঃৰাষ্ট্ৰীয় লোককথা চলচ্চিত্ৰ মহোৎসৱ কেৰেলা ২০২৬” ৰ Best Film Award 🎬♥️

সদৌ তিৱা ছাত্ৰ সন্থাৰ নগাঁও জিলা সাধাৰণ সম্পাদক দ্বীপ কুমাৰ পাটৰৰ সফলতা।নিযুক্তি লাভ কৰিলে লেবৰেটৰি বিয়েৰাৰ হিচাপে । গু...
17/03/2026

সদৌ তিৱা ছাত্ৰ সন্থাৰ নগাঁও জিলা সাধাৰণ সম্পাদক দ্বীপ কুমাৰ পাটৰৰ সফলতা।
নিযুক্তি লাভ কৰিলে লেবৰেটৰি বিয়েৰাৰ হিচাপে ।
গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতলৈ আন্তৰিক শুভেচ্ছা যাচিলো।💐❤️


তেখেত এজন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হোৱাৰ লগতে তিৱা মাথনলাই তখ্ৰা( তিৱা সাহিত্য সভা ) ৰ সঃ সাধাৰণ সম্পাদক।...
24/12/2025

তেখেত এজন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হোৱাৰ লগতে তিৱা মাথনলাই তখ্ৰা( তিৱা সাহিত্য সভা ) ৰ সঃ সাধাৰণ সম্পাদক। জাতিটোৰ হৈ লিখা বহু বিশ্লেষণমূলক কিতাপ তথা আন আন বিষয়ৰ ওপৰত আগবঢ়োৱা সুন্দৰ লিখনিৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়ায়। তেখেতৰ এই সফলতাৰ বাবে আমি গৌৰৱ অনুভৱ কৰিছো। তেখেতলৈ তিৱা ছাত্ৰ সন্থা গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ তৰফৰ পৰা অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।♥️🙏

তিৱা লোকসকলৰ অন্যতম এক লোক উৎসৱ হৈছে লাংখন উৎসৱ। এই উৎসৱ প্ৰধানকৈ তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত কৃষি ক্ষেত্ৰৰ লগত জড়িত বিভিন...
03/10/2025

তিৱা লোকসকলৰ অন্যতম এক লোক উৎসৱ হৈছে লাংখন উৎসৱ। এই উৎসৱ প্ৰধানকৈ তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত কৃষি ক্ষেত্ৰৰ লগত জড়িত বিভিন্ন পদ্ধতিৰ লগত সংগতি ৰাখি বিভিন্ন নৃত্য-গীত পৰিবেশনৰ মাজেৰে এক উলহ-মালহৰে প্ৰতি বছৰে অক্টোবৰ মাহৰ শেষৰ ফালে অনুষ্ঠিত কৰা হয়। জাতিটোৰ আপুৰুগীয়া সম্পদ তথা কলা-সংস্কৃতিৰ পথাৰ খন সেউজ কৰি ৰখা আৰু সাম্প্ৰতিক জনসমাজত ইয়াৰ গুৰুত্ব প্ৰদান কৰাই এই উৎসৱৰ প্ৰধান লক্ষ্য।❣️

# ১৮ তম লাংখন উৎসৱ ২০২৫ ♥️
#পশ্চিমকাৰ্বিআংলং
❣️

03/10/2025

Zubeen Da ৰ এটি সুন্দৰ তিৱা গীত ♥️

25/09/2025

নগাঁও বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা ২০২৫-২৬ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত #ভূষণ_ৰাজকোঁৱৰ( সাধাৰণ সম্পাদক, সদৌ তিৱা ছাত্ৰ সন্থা, নগাঁও নগৰ সমিতি) য়ে সদৌ তিৱা ছাত্ৰ সন্থাৰ পৰা প্ৰথমজন #লঘু_ক্ৰিয়া সম্পাদক হিচাপে জয় লাভ কৰে।♥️ এয়া কেৱল তেওঁৰ জয় নহয় এয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা সমগ্ৰ তিৱা জাতিৰ জয়। ♥️

#সদৌ_তিৱা_ছাত্ৰ_সন্থা_গুৱাহাটী_বিশ্ববিদ্যালয়গোট ৰ তৰফৰ পৰা তেওঁলৈ অশেষ মৰম আৰু শুভেচ্ছা যাছিলো।♥️💐 আশাকৰোঁ আগন্তুক দিনবোৰত বিশ্ববিদ্যালয় খনৰ হকে কাম কৰাৰ লগতে জাতিটোৰ হৈও কাম কৰি যাব ।

অহা ৭ ছেপ্টেম্বৰ তাৰিখে নগাঁও সাংস্কৃতিক প্ৰকল্পত,সদৌ তিৱা ছাত্ৰ সন্থা নগাঁও নগৰ সমিতিৰ উদ্যোগত ১০তম "তিৱা ছাত্ৰ-ছাত্ৰী ...
10/08/2025

অহা ৭ ছেপ্টেম্বৰ তাৰিখে নগাঁও সাংস্কৃতিক প্ৰকল্পত,সদৌ তিৱা ছাত্ৰ সন্থা নগাঁও নগৰ সমিতিৰ উদ্যোগত ১০তম "তিৱা ছাত্ৰ-ছাত্ৰী সন্মিলন আৰু নৱাগত আদৰণী সভা"ৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী

05/08/2025

No six scheduled..
No Rest..✊✊

আজি ইংৰাজী ২৭/৭/২০২৫ তাৰিখে নগাঁও নগৰত অৱস্থিত জনজাতি জিৰণি চ'ৰাত বিয়লি ১ বজাত সদৌ তিৱা ছাত্ৰ সন্থা নগাঁও নগৰ সমিতিৰ উদ...
27/07/2025

আজি ইংৰাজী ২৭/৭/২০২৫ তাৰিখে নগাঁও নগৰত অৱস্থিত জনজাতি জিৰণি চ'ৰাত বিয়লি ১ বজাত সদৌ তিৱা ছাত্ৰ সন্থা নগাঁও নগৰ সমিতিৰ উদ্যোগত এখনি কাৰ্যনিৰ্বাহক সভাৰ আহ্বান কৰা হয় । উক্ত সভাত উপস্থিত থাকে নগাঁও জিলা সমিতিৰ উপ সভাপতি মুংছা নবীন বৰদলৈ ডাঙৰীয়া। তেখেতে উক্ত সভাত সভাপতিত্ব কৰে আৰু সভাখন সুন্দৰ ৰূপে পৰিচালিত কৰে। উক্ত সভাত আগন্তুক নৱাগত আদৰণী সভাৰ লগত জড়িত বিভিন্ন বিষয়বস্তুৰ ওপৰত বিষদভাৱে আলোচনা কৰা হয় আৰু সভাখনত ৬ টা প্ৰস্তাৱনা গ্ৰহণ কৰাৰ লগতে আগন্তুক নৱাগত আদৰণি সভাৰ দিনটো অহা ছেপ্তেম্বৰ মাহৰ ৭ তাৰিখে ধাৰ্য কৰা হয়।

সুন্দৰ উপস্থাপন জনাৰ্দন দা 🙏♥️বৰ্তমান সময়ত জনজাতীয় লোকসকলৰ ভূমি তথা খিলঞ্জীয়াৰ ভূমি যিদৰে দখল কৰা এক প্ৰক্ৰিয়া অসমত ...
30/06/2025

সুন্দৰ উপস্থাপন জনাৰ্দন দা 🙏♥️

বৰ্তমান সময়ত জনজাতীয় লোকসকলৰ ভূমি তথা খিলঞ্জীয়াৰ ভূমি যিদৰে দখল কৰা এক প্ৰক্ৰিয়া অসমত চলি আছে ই জনজাতীয় লোকসকলৰ তথা খিলঞ্জীয়াৰ অস্তিত্বক শেষ কৰি পেলোৱাৰ এক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াক খিলঞ্জীয়াই প্ৰতিহত কৰিবই লাগিব ।
এই ক্ষেত্ৰত চৰকাৰখনে বিশেষ ভাৱে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল। যিখন চৰকাৰে খিলঞ্জীয়াক সুৰক্ষা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল , খিলঞ্জীয়াৰ জাতি মাটি ভেটি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল, খিলঞ্জীয়াক ভূমি পট্টা প্ৰদান কৰাৰ কথা কৈছিল। কিন্তু সেই প্ৰতিশ্ৰুতি এটাও পুৰণ নহ'ল। তাৰ বিপৰীতে চৰকাৰ খনে আজি ASCRDA act 2017 আৰু ADVANTAGE ASSAM 2.0 ৰ দৰে কিছুমান আইন তথা পৰিকল্পনা আনি জনজাতীয় লোকসকলৰ ওপৰত জাপি দিছে । যদি ASCRDA act 2017 কাৰ্যকৰী হয় তেতিয়া হ'লে অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা জাগীৰোডলৈ সম্প্ৰসাৰণ কৰা হ'ব যাৰ ফলস্বৰুপে জাগীৰোড, মৰিগাঁওত বাস কৰা জনজাতীয় লোক বিশেষকৈ তিৱা,কাৰ্বি লোকসকলৰ ভূমিসমূহ‌ চৰকাৰ হাতলৈ যাব, প্ৰাকৃতিক সৌন্দৰ্য ধ্বংস কৰি ডাঙৰ ডাঙৰ উদ্যোগ, অনুষ্ঠান-প্ৰতিষ্ঠানৰ জন্ম হ'ব, যাৰ পৰিপ্ৰেক্ষিতত জনজাতীয় লোকসকল নিজৰ ভূমিতে নিজে ভূমিহীন হৈ পৰিব। উন্নয়ন আৰু বিকাশ সকলোৱে বিচাৰে, খিলঞ্জীয়াইও বিচাৰে কিন্তু সেই উন্নয়ন আমাক নালাগে য'ত এটা জাতি শেষ হৈ উন্নয়ন আৰু বিকাশ আহে।
সমান্তৰালভাৱে ADVANTAGE ASSAM 2.0 ৰ দ্বাৰাও উন্নয়ন আৰু বিকাশৰ নামত জাগীৰোড মৰিগাঁওক যিদৰে সাঙুৰি লৈছে , যিদৰে জাগীৰোডত Indian airforce ৰ ঘাটি নিৰ্মাণ কৰাৰ পদক্ষেপ চৰকাৰ খনে লৈছে, ই সঁচাকৈ খিলঞ্জীয়াৰ ভূমি দখল কৰা তথা থলুৱা সম্পদ সমূহক নিঃশেষ কৰি পেলোৱাৰ এক পৰিকল্পনা। গতিকে ই কেতিয়াও খিলঞ্জীয়াৰ বাবে গ্ৰহণ যোগ্য হ'ব নোৱাৰে। যিদৰে জনজাতীয় লোকসকলক সুৰক্ষা প্ৰদানৰ বাবে Prevention of Atrocities , Act 1989 আইন প্ৰণয়ন কৰিছে, উন্নয়ন আৰু বিকাশৰ বাবে National commission for scheduled Tribes ৰ দৰে সংস্থা আছে থিক তেনেকৈ ভূমি সুৰক্ষাৰ ক্ষেত্ৰতো চৰকাৰ খনে অধিক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা উচিত।

গতিকে আমি আহ্বান জনাইছোঁ চৰকাৰক যে
#প্ৰতিশ্ৰুতিবোৰ পালন কৰক✊
#খিলঞ্জীয়াৰ ভূমি সুৰক্ষিত কৰক✊
#ভূমি অধিকাৰ প্ৰদান কৰক ✊

সদৌ তিৱা ছাত্ৰ সন্থা,নগাঁও নগৰ সমিতিৰ নৱ নিৰ্বাচিত সভাপতি মুংছা পৰম জ্যোতি ক'চ আৰু সম্পাদক মুংছা ভূষণ ৰাজ কোঁৱৰ তথা সমিত...
29/06/2025

সদৌ তিৱা ছাত্ৰ সন্থা,নগাঁও নগৰ সমিতিৰ নৱ নিৰ্বাচিত সভাপতি মুংছা পৰম জ্যোতি ক'চ আৰু সম্পাদক মুংছা ভূষণ ৰাজ কোঁৱৰ তথা সমিতিৰ সকলো নৱ নিৰ্বাচিত সদস্যলৈ সদৌ তিৱা ছাত্ৰ সন্থা,গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ। ♥️🎉

আশাকৰোঁ আগন্তুক সময়ত এই সমিতি খনে সমগ্ৰ তিৱা ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক দিশত অধিক গুৰুত্ব প্ৰদান কৰিব লগতে জাতিটোৰ সৰ্বাংগীন উন্নয়নৰ বাবে এক শক্তিশালী কন্ঠ হিচাপে কাম কৰি যাব।🙏

ATSU LONG LIVE ✊♥️

Address

Gauhati University, Jalukbari
Guwahati
781014

Website

Alerts

Be the first to know and let us send you an email when All Tiwa Students Union,Gauhati University Unit 2025 . posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share