15/10/2022
আমি পঢ়া বৰবাৰীঝাৰ হাইস্কুলৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি স্কুলখনৰ অন্যতম প্ৰতিষ্ঠাপক তথা মৌটুপুৰী গাঁৱৰ বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত প্ৰাণেশ্বৰ দাস ডাঙৰীয়াই আজি তেখেতৰ স্বৰ্গীয়া পত্নী কণিকা দাসৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে স্কুল চৌহদত এটি স্থায়ী মঞ্চ দান কৰাৰ সিদ্ধান্ত লৈছে। আজি উক্ত মঞ্চৰ আধাৰশিলা স্থাপন কৰা হয়। কলেজত ক্লাছ থকা বাবে মূল কাৰ্য্যসূচীত উপস্থিত থাকিব নোৱাৰো যদিও তেখেতসকলক সাক্ষাৎ কৰি আমাৰ আন্তৰিক শুভেচ্ছা জনালোঁ। তেখেতৰ এই উদ্যোগ সঁচাকৈয়ে প্ৰশংসনীয়।