Majuli University of Culture

Majuli University of Culture Majuli University of culture

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শত- বাৰ্ষিকীৰ সামৰণী অনুষ্ঠান বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত ...
08/09/2026

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শত- বাৰ্ষিকীৰ সামৰণী অনুষ্ঠান বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত সম্পন্ন হৈ যায়।

Majuli University of Culture successfully concluded the year-long Birth Centenary Celebrations of Bharat Ratna Dr. Bhupen Hazarika. Organized by the Dr. Bhupen Hazarika Birth Centenary Celebration Committee, the closing ceremony was marked by deep reverence, artistic vibrancy, and active participation from the University fraternity.

Laxman Acharya
CMO Assam
Nirode Boruah

আজি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত কেন্দ্ৰীয়ভাৱে শিক্ষক দিৱস উদযাপন কৰা হয়। মহান শিক্ষাবিদ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণক শ্...
05/09/2026

আজি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত কেন্দ্ৰীয়ভাৱে শিক্ষক দিৱস উদযাপন কৰা হয়। মহান শিক্ষাবিদ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি অনুষ্ঠিত অনুষ্ঠানত শিক্ষকতাৰ মহত্ত্ব, শিক্ষাৰ্থীৰ জীৱন গঢ়াত শিক্ষকৰ ভূমিকা আৰু সমাজ নিৰ্মাণত শিক্ষাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা হয়।

মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত উমা ৰাজখোৱা আৰু আউনীআটি হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, ৰাজ্যিক বঁটাপ্ৰাপক শ্ৰীযুতা লীলাৱতী শইকীয়াক তেখেতসকলৰ দীঘলীয়া শৈক্ষিক যাত্ৰাৰ বাবে আজি সম্বৰ্ধনা জনোৱা হয়।

জ্ঞানৰ পোহৰে একো একোটা নতুন প্ৰজন্ম গঢ়ি তোলা প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীলৈ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে শিক্ষক দিৱসৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছে। 🙏📚

Nirode Boruah

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত বিশ্বববিদ্যালয়ৰ ছাত্ৰ সংসদৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে ২০২৬-২৭ শিক্ষাবৰ্ষৰ নৱাগত আদৰণ...
02/09/2026

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত বিশ্বববিদ্যালয়ৰ ছাত্ৰ সংসদৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে ২০২৬-২৭ শিক্ষাবৰ্ষৰ নৱাগত আদৰণী সভা অনুষ্ঠিত হয়। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক নিৰোদ বৰুৱা, মাজুলী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ভূৱন গাম, পঞ্জীয়ক ড° তৰুণ গগৈ, মাজুলী জিলাৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত ২০২৫-২৬ শিক্ষাবৰ্ষত দেখুওৱা সাফল্যৰ বাবে স্নাতকোত্তৰ মহলাৰ তিনিগৰাকী ছাত্ৰী ক্ৰমে সন্ধ্যাৰাণী শইকীয়া, নিতাশ্ৰী বৰা, শিখা হাজৰিকাৰ লগতে গৱেষক ছাত্ৰ ছাত্ৰী ক্ৰমে বিকিৰণ শইকীয়া, গীতাশ্ৰী গগৈ আৰু অগ্নিমিত্ৰ বৰাক মহাদেউ জালান শৈক্ষিক জলপানি প্ৰদাণ কৰা হয়। এই অনুষ্ঠানতে বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগৰ সহকাৰী অধ্যাপক ড° অনুপম কৌশিক বৰা আৰু ছাত্ৰী বৃষ্টি হাজৰিকাক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Nirode Boruah Bhuban Gam

01/09/2026

Majuli University of Culture (MUC) observed National Sports Day (NSD) 2026 from 28th to 30th August, 2026 under the theme “Khelega Bharat, Jeetega Bharat”. The three-day programme was organized by the Sports Board, Majuli University of Culture, in collaboration with the Nasha Mukti Committee, MUC and the Office of the District Sports Officer, Majuli.


পৰিচালক পাৰভেজ আহমেদৰ দ্বাৰা নিৰ্মিত  “ইতি তোমাৰ” শীৰ্ষক চলচ্চিত্ৰত কৰা বলিষ্ঠ অভিনয়ৰ বাবে বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা ব...
30/08/2026

পৰিচালক পাৰভেজ আহমেদৰ দ্বাৰা নিৰ্মিত “ইতি তোমাৰ” শীৰ্ষক চলচ্চিত্ৰত কৰা বলিষ্ঠ অভিনয়ৰ বাবে বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগৰ সহকাৰী অধ্যাপক ড° অনুপম কৌশিক বৰাই শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে।
​কিংবদন্তি চলচ্চিত্ৰ পৰিচালক ঋতুপৰ্ণ ঘোষৰ সন্মানত আয়োজিত নৱম ঋতুৰংগম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-ত তেওঁলৈ এই বঁটা আগবঢ়োৱা হয়।
​এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ বাবে ড° অনুপম কৌশিক বৰালৈ আন্তৰিক অভিনন্দন আৰু শুভকামনা!

Proud Moment for Majuli University of Culture! ​We are thrilled to share that Brishtirani Hazarika, a dedicated student ...
26/08/2026

Proud Moment for Majuli University of Culture!

​We are thrilled to share that Brishtirani Hazarika, a dedicated student of the Department of Performing Arts (FYIMP Semester VII, Theatre Stream), Majuli University of Culture, successfully presented her solo physical theatre production, "MOONLIGHT OF THE ISLAND," at the prestigious Colombo International Theatre Festival 2026 in Colombo, Sri Lanka, on August 25, 2026.
​Conceptualized, directed, and performed by Brishtirani herself, this compelling original piece was showcased under the banner of AANK – A Creative Line.
​As part of its ongoing outreach and artistic collaboration initiatives, the Department of Performing Arts has actively engaged with platforms like the Bhulung Bhuthur International Theatre Festival (BBITF) in Guwahati, organized by AANK. It is a moment of immense pride for the entire university fraternity to see our student take her creative vision to an esteemed international stage.
​Heartiest congratulations to Brishtirani on this remarkable achievement! We wish her continued brilliance and success in all her future artistic endeavours.

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত আজি অসমৰ বিশিষ্ট সংগীত শিল্পী, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক তৰালী শৰ্মাৰ লগত আজি এক মননশীল অন্ত...
22/08/2026

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত আজি অসমৰ বিশিষ্ট সংগীত শিল্পী, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক তৰালী শৰ্মাৰ লগত আজি এক মননশীল অন্তৰংগ আলাপ অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য, পঞ্জীয়ক, শিক্ষক-শিক্ষয়িত্ৰী, বিষয়া-কৰ্মচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি শিল্পী গৰাকীৰ লগত মত বিনিময় কৰে।

Heartiest congratulations to our Sri Biplob Kutum and Sri Rajdeep Nath, for securing the 1st Prize in the District Level...
15/08/2026

Heartiest congratulations to our Sri Biplob Kutum and Sri Rajdeep Nath, for securing the 1st Prize in the District Level Quiz Competition organized by the District Administration, Majuli, on the occasion of the 80th Independence Day Celebration.

​Your dedication, intellect, and outstanding teamwork have brought immense pride to the entire University fraternity. We wish you both continued success in all your future academic and competitive pursuits!

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে সমগ্ৰ দেশৰ লগতে উদযাপন কৰিছে ৮০ সংখ্যক স্বাধীনতা দিৱস।Majuli University of Culture cele...
15/08/2026

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে সমগ্ৰ দেশৰ লগতে উদযাপন কৰিছে ৮০ সংখ্যক স্বাধীনতা দিৱস।

Majuli University of Culture celebrates 80th Independence Day with the Nation.

Laxman Acharya
Nirode Boruah
District Administration Majuli
University Grants Commission

আজি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ উদ্যোগত ফটোগ্ৰাফী ক্লাব আৰু কেৰিয়াৰ পৰামৰ্শ আৰু মাগদৰ্শন কোষৰ...
12/08/2026

আজি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ উদ্যোগত ফটোগ্ৰাফী ক্লাব আৰু কেৰিয়াৰ পৰামৰ্শ আৰু মাগদৰ্শন কোষৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস উদযাপন কৰা হয়। ভাৰতীয় গ্ৰন্থাগাৰ আৰু তথ্যবিজ্ঞানৰ পিতৃ পুৰুষ পদ্মশ্ৰী ড° এছ. আৰ. ৰংগনাথনৰ ১৩৪ সংখ্যক জন্মজয়ন্তী উপলক্ষে পুৱা গ্ৰন্থদান কাৰ্যসূচীৰ লগতে এখন বিশেষ সভা অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক নিৰোদ বৰুৱা আৰু পঞ্জীয়ক ড° তৰুণ গগৈয়ে ড° ৰংগনাথনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বন্তি প্ৰজ্বলন কৰে। সহকাৰী গ্ৰন্থাগাৰিক শেখৰজ্যোতি নেওগে আদৰণী ভাষণত ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। সভাত ভাষণ প্ৰদান কৰি উপাচাৰ্য প্ৰাধ্যাপক বৰুৱাই কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ মাজতো ছাত্ৰ-ছাত্ৰীসকলক গ্ৰন্থ অধ্যয়ন আৰু গ্ৰন্থাগাৰ ব্যৱহাৰৰ জৰিয়তে জ্ঞান সমৃদ্ধ কৰিবলৈ আহ্বান জনায়। পঞ্জীয়ক ড° গগৈয়ে গ্ৰন্থ অধ্যয়নে ব্যক্তিৰ জীৱনত পেলোৱা ইতিবাচক প্ৰভাৱৰ বিষয়ে আলোকপাত কৰে।
গ্ৰন্থদান কাৰ্য্যসূচীৰ প্ৰতি সঁহাৰি জনাই বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ সহকাৰী অধ্যাপক ড° অনুপম কৌশিক বৰাই কেন্দ্ৰীয় গ্ৰন্থাগাৰলৈ প্ৰতি বছৰে ১০,০০০ টকাৰ গ্ৰন্থ উপহাৰ দিয়াৰ ঘোষণা কৰাৰ লগতে আজিৰ সভাতেই সেই যাত্ৰাৰ শুভাৰম্ভণি কৰে। ভাষণ প্ৰসঙ্গত ড° বৰাই গ্ৰন্থ অধ্যয়ন আৰু গ্ৰন্থাগাৰে হতাশাগ্ৰস্ত মানুহকো কেনেকৈ সঞ্জীৱনী শক্তিৰ দৰে পুনৰোজ্জীৱিত কৰিব পাৰে সেই বিষয়ে আলোকপাত কৰে। আনহাতে উক্ত গ্ৰন্থদান কাৰ্য্যসূচীৰ প্ৰতি সঁহাৰি জনাই বিশ্ববিদ্যালয়ৰ পঞ্জীয়ককে প্ৰমুখ্য কৰি বিশ্ববিদ্যালয়খনৰ কেইবাগৰাকী শিক্ষক, বিষয়া, কৰ্মচাৰীয়ে গ্ৰন্থদান কৰে।
সন্ধ্যাৰ ভাগত আয়োজন কৰা ফটোগ্ৰাফী প্ৰতিযোগিতা তথা ফটোগ্ৰাফী প্ৰদৰ্শনী কাৰ্যসূচীৰ শুভ উন্মোচন কৰি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° তৰুণ গগৈয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি অধ্যয়নৰ সমান্তৰালভাৱে নিজৰ ৰুচি-অভিৰুচিসমূহৰো উৎকৰ্ষ সাধন কৰা কাৰ্যই মানুহক কিদৰে জীৱন যুঁজৰ বাবে প্ৰস্তুত কৰি তোলে, সেই বিষয়ে আলোকপাত কৰি সকলোকে নিজৰ নিজৰ ভাল লগ কামবোৰ কৰি যাবলৈ আহ্বান জনায়।
ফটোগ্ৰাফী প্ৰতিযোগিতাৰ বিজয়ীসকলক মান-পত্ৰ প্ৰদান কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য প্ৰাধ্যাপক নিৰোদ বৰুৱাই ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভাৰ উচ্চ প্ৰশংসা কৰাৰ লগতে এনে বৰ্ণাঢ্য আয়োজনৰ বাবে কেন্দ্ৰীয় গ্ৰন্থাগাৰ, ফটোগ্ৰাফী ক্লাৱ আৰু কেৰিয়াৰ পৰামৰ্শ আৰু মাগদৰ্শন কোষৰ শলাগ লয়।
অনুষ্ঠানৰ অন্তিম পৰ্যায়ত বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাস আৰু ছাত্ৰীনিৱাসৰ আৱাসীসকলে নৃত্য, গীত, অভিনয় আদি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে। দিনজোৰা আয়োজনটোৱে গ্ৰন্থাগাৰ, গ্ৰন্থ অধ্যয়ন, সৃজনশীলতা আৰু সাংস্কৃতিক চৰ্চাৰ গুৰুত্বৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীণ বিকাশৰ প্ৰতি বিশ্ববিদ্যালয়খনৰ দায়বদ্ধতা প্ৰতিফলিত কৰে।


Address

Majuli

Alerts

Be the first to know and let us send you an email when Majuli University of Culture posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Majuli University of Culture:

Shortcuts

Share