18/02/2024
https://drive.google.com/drive/folders/1JOmBNy4cRfbyxezkGjClyBRgjCD5fz3m
আজি ইংৰাজী ১৭/০২/২০২৪ তাৰিখটো আমাৰ শিক্ষানুষ্ঠানৰ বাবে অতি গৌৰৱৰ দিন কিয়নো প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠা কালৰ পৰাই প্ৰচেষ্টা চলাই যোৱা এটা গুৰুত্বপূৰ্ণ কাৰ্যৰ অপেক্ষাৰ অন্ত পৰিল হয় আজি আমি আমাৰ শিক্ষানুষ্ঠানৰ প্ৰথমখন ছপা আলোচনী ' প্ৰযুক্তি দৰ্পণ' প্ৰকাশ কৰিবলৈ সক্ষম হলোঁ। এই দিনটো আমাৰ শিক্ষানুষ্ঠানৰ এটা ঐতিহাসিক দিন ৰূপে স্বীকৃতি লাভ কৰিব। আলোচনীখনৰ সম্পাদকৰ দায়িত্বত থকা শ্ৰীমান মৃদু প্ৰৱন চেতিয়া আৰু আলোচনীখনৰ সম্পাদনা সমিতিৰ :
মুখ্য উপদেষ্টা:
শ্ৰীযুত প্ৰদীপ কুমাৰ চন্দ ছাৰ
উপদেষ্টা:
শ্রীযুতা ৰুণজুন শইকীয়া ,শ্ৰীযুতা অৰ্চনা পাৰিক আৰু ড° মানসী শর্মা বাইদেউ
তত্বাৱধায়ক:
শ্ৰীযুত বিষ্ণুব্রত হাজৰিকা ছাৰ
সহ-তত্বাৱধায়ক :
শ্ৰীযুত মায়ংক কুমাৰ ছাৰ
আলোচনী সম্পাদিকা (২০২১-২২) : শ্রীমতী উপাসনা কোঁৱৰ
সহকাৰী সম্পাদক: শ্রীলক্ষ্যধৰ সোনোৱাল
সদস্য/ সদস্যা : শ্রীমতী অনামিকা গগৈ আৰু মঃ হাদিদ হুচেইন বড়া
মুদ্রণ : টাউদ, তিনিচুকীয়া
আৰু আলোচনীখনৰ প্ৰাণ স্বৰূপ লেখনিসমূহ প্ৰদান কৰা সকলো সাহিত্যিকৰ মিলিত প্ৰচেষ্টাত এই আলোচনীখন সম্পূৰ্ণ হৈ উঠে।আজি আমাৰ এই উন্মোচনৰ অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি আমাৰ এই দিনটোক সাফল্য মণ্ডিত কৰি তোলা মাকুম মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা আৰু বৰ্তমান বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত উপ-অধ্যক্ষা ৰূপে কৰ্মৰত লগতে সাহিত্য ক্ষেত্ৰখনত ওতপ্ৰোতভাৱে জড়িত থকা এগৰাকী সফল নাৰী ড॰ প্ৰণিতা নেওগ বাইদেউলৈ ইয়াৰ জৰিয়তে আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আমালৈ শুভেচ্ছাবাণীৰ লগতে সু দিহা- পৰামৰ্শ আগবঢ়োৱা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া, তিনিচুকীয়া জিলা আয়ুক্ত শ্ৰীযুত স্বপনীল পাল দেৱৰ লগতে কাৰিকৰী শিক্ষাৰ সঞ্চালক শ্রীযুত ধ্ৰুৱজ্যোতি বৰাদেৱলৈ। আমাৰ বাবে এটা কবিতা উপহাৰ স্বৰূপে আগবঢ়োৱা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° পৰিমল বকুল বৰুৱাদেৱলৈ আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
'প্রযুক্তি দর্পণে' প্রযুক্তিৰ চমৎকাৰসমূহ সাহিত্যৰ ৰূপত প্ৰকাশ কৰি সাধাৰণ জনসাধাৰণৰ মাজলৈ লৈ গৈ মানুহক বিজ্ঞানমনস্কতাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰিব বুলি আমাৰ বিশ্বাস।'প্রযুক্তি দর্পণে' ছাত্র-ছাত্ৰীৰ মৌলিক চিন্তাধাৰা, উদ্ভাৱনী শক্তিৰ বিকাশৰ লগতে ভাষাৰ বিকাশতো অৰিহণা যোগাব। এই প্রচেষ্টাই ছাত্র-ছাত্রীক পাঠ্যপুথিৰ উপৰিও অন্যান্য পুথি অধ্যয়নৰ বাবে উৎসাহিত কৰি আন ভাষাৰ পুথি অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তুলিব।শেষত আমাৰ সমূহ শুভাকাংশীলৈ আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ' প্ৰযুক্তি দৰ্পণ' ক যাতে সকলোৱে সাদৰে আকুৱালি লয় আৰু ইয়াৰ জয়যাত্ৰা অব্যাহত থাকক তাৰে কামনা কৰি ২০২২-২৩ বৰ্ষৰ ' প্ৰযুক্তি দৰ্পণ' আপোনালোকৰ বাবে আগবঢ়ালোঁ।