13/11/2025
নমস্কাৰ।
বিশেষ এই যে আজি বহু কেইটা নিউজ চেনেলত সম্প্ৰচাৰিত হোৱা বাতৰিটোয়ে ধিঙৰ অসমীয়া ৰাইজৰ মনত শংকাৰ সৃষ্টি কৰি নিৰাপত্তাহীনতাত ভোগাইছে। কিছু সন্দেহযুক্ত নাগৰিকে অসমীয়া মানুহৰ ডিঙি কাটি নদীত উটুৱাই দিম, ভৰি ভাঙি দিম আৰু বহু বেয়া শব্দৰে অসমীয়া মানুহক ভাবুকি দিয়া পৰিলক্ষিত হৈছে। এই সন্দেহযুক্ত মানুহবোৰে বহু খিলঞ্জীয়া লোকৰ মাটি বেদখল কৰাৰ লগতে বহু চৰকাৰী মাটি বেদখল কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। বিভিন্ন সময়ত বাতৰি সম্প্ৰচাৰ হোৱাৰ লগতে ধিং আৰক্ষী থানাত ভুক্তভোগী খিলঞ্জীয়া জনসাধাৰণে অভিযোগ দিয়াৰ পিছতো এই পৰ্যন্ত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। এই ক্ষেত্ৰত ধিং আৰক্ষীৰ সন্দেহজনক ভূমিকাই ধিঙৰ সৰ্বস্তৰৰ ৰাইজৰ মনত শংকাৰ সৃষ্টি কৰিছে আৰু ধিঙৰ খিলঞ্জীয়া ৰাইজ নিৰাপত্তাহীনতাত ভুগিছে। এনে সন্দেহযুক্ত লোকৰ বাবেই বিগত সময়ত ধিঙৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ উপসনাস্থলী তথা নামঘৰ, মঠ-মন্দিৰ সমূহত চুৰিকাৰ্য সংঘটিত হৈ আহিছে। কিন্তু এই পৰ্যন্ত ধিং আৰক্ষীয়ে কোনো এটা অপৰাধীক কৰায়ত্ব কৰা নাই বা কোনোধৰণৰ দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰা নাই। সেয়েহে বৃহত্তৰ ধিং অঞ্চলত এক শংকাময় পৰিৱেশে বিৰাজ কৰিছে। সেই গতিকে আমি আজি ধিং আঞ্চলিক ছাত্ৰ সন্থা , ধিং বজাৰ ব্যৱসায়ী সমিতি,ধিং প্ৰেছ ক্লাৱ আৰু স্থানীয় ৰাইজৰ এক সঁজাতি দলে, নগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক মহোদয়াৰ উপস্থিতিত ধিং আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়াক এখনি দাবী পত্ৰ দিয়াৰ লগতে ধিঙৰ বিভিন্ন সমস্যাৰাজি আৰু উপৰোক্ত স্পৰ্শকাতৰ বিষয়টোৰ তাৎক্ষণিক আৰু স্থায়ী সমাধানেৰে ধিঙৰ খিলঞ্জীয়ালোকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাওঁ আৰু লগতে অসমীয়া লোকক ভাবুকি দি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচৰা সেই সন্দেহযুক্ত ব্যক্তিবোৰক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে আৰু চৰকাৰক দাবী জনাওঁ যে বৃহত্তৰ ধিং অঞ্চলৰ লগতে ধিঙৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত অবৈধভাৱে দখল কৰি থকা খিলঞ্জীয়া মানুহৰ মাটিৰ লগতে বেদখল হৈ থকা চৰকাৰী মাটিত অতি শীঘ্ৰে উচ্ছেদ অভিযান চলাই উক্ত মাটি সমূহ উদ্ধাৰ কৰি পুনৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব ৰক্ষা কৰাৰ লগতে অসমীয়া মানুহৰ সুৰক্ষা নিশ্চিত কৰিব লাগে। অন্যথা আমি ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হম।
All Assam Students' Union - AASU
Himanta Biswa Sarma
CMO Assam
Assam Police
Nagaon District Administration
@নগাঁও আৰক্ষী
Nagaon Aasu
ধিং আঞ্চলিক ছাত্ৰ সন্থা