11/11/2025
কৃষি ডিপ্লোমা পাঠদানৰ শুভাৰম্ভণি:
ৰাজ্যৰ শিক্ষাত আজি এক নতুন সংযোজন হয়। কৃষি শিক্ষাৰ জৰিয়তে নৱপ্ৰজন্মক স্বনিৰ্ভৰশীল তথা উদ্যমী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আৰম্ভ হল কৃষি ডিপ্লোমা পাঠ্যক্ৰম। ৰাজ্যৰ কৃষি শিক্ষাত পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ হোৱা এই পাঠ্যক্ৰম আৰম্ভ হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীত। তদুপলক্ষে আজি কৃষি ডিপ্লোমা শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় নগাঁও জিলাৰ চিলঙনীৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰত। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ বিদ্যুৎ চন্দন ডেকাই সভাপতিত্ব কৰা অনুষ্ঠানত অসম চৰকাৰৰ আয়ুক্ত সচিব তথা অসম চৰকাৰৰ কৃষি উৎপাদন আয়ুক্ত মাননীয় অৰুণা ৰাজৰিয়াই মাংগলিক কাৰ্যসূচীৰ মাজেৰে তিনিবছৰীয়া এই কৃষি ডিপ্লোমা পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ভাষন প্ৰদান কৰি আয়ুক্ত অৰুণা ৰাজৰিয়াই "জীৱনত সফল হবলৈ লক্ষ্য স্থিৰ কৰিব লাগিব। এই পৃৃথিৱীত কোনো কাম সৰু ডাঙৰ নহয়। জীৱন উপভোগ কৰিবলৈ সকলো প্ৰযুক্তি আৰু কৌশল আয়ত্ব কৰিব লাগিব।" বুলি প্ৰকাশ কৰে। সভাত মাণ্ডলিক গৱেষণা কেন্দ্ৰ, চিলঙনীৰ মুখ্য বিজ্ঞানী তথা এই পাঠ্যক্ৰমৰ কাৰ্যসূচী সঞ্চালক ড০ হিৰণ্য কুমাৰ বৰাই আদৰণী ভাষণ আগবঢ়াই "মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীত আৰম্ভ হবলগীয়া এই কৃষি ডিপ্লমা পাঠ্যক্ৰমৰ দ্বাৰা" নৱ প্ৰজন্মৰ উপকৃত হব।" বুলি প্ৰকাশ কৰে। অনুষ্ঠানটিত সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ, কৃষি বিজ্ঞান গুৰু ড০ প্ৰসন্ন কুমাৰ পাঠকে "এক মহান উদেশ্য লৈ এই পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰী সকল বিভিন্ন দিশত নিয়োজিত হব।" বুলি ভাষন প্ৰদান কৰে। সভাত উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ কমল শইকীয়ায়ো "এই অনুষ্ঠানটিত মানৱ সভ্যতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো চৰ্চা চলি আছে। মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ দ্বাৰা উদ্ভাৱনশীল ক্ষেত্ৰলৈ নৱপ্ৰজন্মক লৈ যোৱা হওঁক। কামৰ মাজেৰে জাতীয় চেতনা ৰাখিব লাগে।" বুলি সাৱলীল আৰু মৰ্মস্পৰ্শী ভাষন প্ৰদান কৰে। ইফালে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ বিদ্যুৎ চন্দন ডেকাই
এই পাঠ্যক্ৰমৰ উদেশ্য হৈছে উদ্যমীতা আৰু জাতিটোক কৃষি কৰ্মৰ যোগেদি আগবঢ়াই লৈ যোৱা।" বুলি মন্তব্য কৰে। গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠবিজ্ঞানী ড০ ৰঞ্জনা চক্ৰৱৰ্তীয়ে আঁতধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি দিয়া হয় ।