Damdama College

Damdama College Kulhati, Kamrup-781104

মহাবিদ্যালয় সপ্তাহ/২০২৪ বৰ্ষএজাক সপোনৰ প্ৰাণোচ্ছলতা, উদ্যম আৰু সৃষ্টিশীল কৰ্ষণ...
23/02/2024

মহাবিদ্যালয় সপ্তাহ/২০২৪ বৰ্ষ

এজাক সপোনৰ প্ৰাণোচ্ছলতা, উদ্যম আৰু সৃষ্টিশীল কৰ্ষণ...

All are Cordially invited -ICSSR-SPONSORED INTERNATIONAL SEMINAR AT DAMDAMA COLLEGE.
29/11/2023

All are Cordially invited -

ICSSR-SPONSORED INTERNATIONAL SEMINAR AT DAMDAMA COLLEGE.

Swachh Bharat AbhiyanOrganized by Department of Education in collaboration with NCC Unit, Damdama College.16/11/2023
16/11/2023

Swachh Bharat Abhiyan
Organized by Department of Education in collaboration with NCC Unit, Damdama College.
16/11/2023

Celebration of National Education Day, 2023Organized by Dept. of Education, Damdama College11/11/2023
11/11/2023

Celebration of National Education Day, 2023

Organized by
Dept. of Education, Damdama College

11/11/2023

দলিচাৰ মেল,দমদমা মহাবিদ্যালয় অধ্যয়ন মঞ্চ৷কবিতা, গীত, চিনেমাৰ প্ৰসংগ, কিতাপ আৰু আলাপ৷আজিৰ অনুষ্ঠানৰ মূল আকৰ্ষণ - ড° প্ৰাঞ...
11/11/2023

দলিচাৰ মেল,
দমদমা মহাবিদ্যালয় অধ্যয়ন মঞ্চ৷

কবিতা, গীত, চিনেমাৰ প্ৰসংগ, কিতাপ আৰু আলাপ৷

আজিৰ অনুষ্ঠানৰ মূল আকৰ্ষণ - ড° প্ৰাঞ্জল বুঢ়াগোহাঁইৰ নাটক ‘মই তোমাক বেয়া পাওঁ ৰাৱণ’ৰ নাট্য-পাঠ৷ নাট্য-পাঠত অংশগ্ৰহণ কৰে মহাবিদ্যালয়ৰ অধ্যাপক/অধ্যাপিকা ক্ৰমে ড° চন্দনজ্যোতি চুতীয়া, ড° দীক্ষিতা বুঢ়াগোহাঁই আৰু দেৱযানী গগৈয়ে৷

নাট্য-পাঠৰ আঁত ধৰোঁতা - অসমীয়া বিভাগৰ ড° পল্লৱী ডেকা৷

মহাবিদ্যালয়ৰ ভিন্ন বিভাগৰ শিক্ষক, গ্ৰন্থাগাৰিক, কৰ্মচাৰী আৰু শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে৷

Celebration of Rastriya Ekta Divas & National Unity Day, 2023Organized by NSS Unit, Damdama CollegeTue, 31 Oct, 2023
01/11/2023

Celebration of Rastriya Ekta Divas & National Unity Day, 2023

Organized by
NSS Unit, Damdama College

Tue, 31 Oct, 2023

09/09/2023

নৱাগত আদৰণী সভাৰ মুখ্য অতিথি ড° প্ৰাণজিৎ বৰাৰ ভাষণৰ কিয়দংশ৷

নৱাগত আদৰণী সভা,দমদমা মহাবিদ্যালয়৷দিনাংক - ০৯/০৯/২০২৩সভাখন পৰিচালনা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰঞ্জন শৰ্মাই৷মুকলি সভা...
09/09/2023

নৱাগত আদৰণী সভা,
দমদমা মহাবিদ্যালয়৷

দিনাংক - ০৯/০৯/২০২৩

সভাখন পৰিচালনা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰঞ্জন শৰ্মাই৷

মুকলি সভাৰ মুখ্য অতিথি - কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা পদ্মনাথ গোহাঞিবৰুৱা মানৱিকী বিদ্যা সত্ৰৰ সঞ্চালক ড° প্ৰাণজিৎ বৰা৷

বৰাই সাৰগৰ্ভ বক্তৃতাৰে উপস্থিত সকলোকে অনুপ্ৰাণিত কৰে৷ মূলতঃ প্ৰযুক্তিগত প্ৰত্যাহ্বানসমূহ নেওচি আজিৰ ছাত্ৰই কিদৰে আগবাঢ়ি যাব লাগিব তাৰ কিছু সম্ভেদ ড° বৰাই সাৱলীলভাৱে দাঙি ধৰে৷

আজিৰ সভাতে অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা ড° সাৱিত্ৰী শইকীয়াই ’ড° সুৰজিৎ বৰুৱা স্মাৰক শ্ৰেষ্ঠ স্নাতক বঁটা’ প্ৰদান কৰে৷ এইবাৰ এই বঁটা লাভ কৰে ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ কৃষ্ণ কুমাৰ দাসে৷

সভাত মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ শ্ৰীযুত ধৰ্মেশ্বৰ বৰ্মনেও দু-আষাৰ বক্তব্যৰে সকলোকে উৎসাহিত কৰে৷

ড° প্ৰাণজিৎ বৰাৰ সাহিত্যৰাজিৰ বেটুপাতসমূহো আজিৰ সভাতে ছাত্ৰ-ছাত্ৰীৰসকলৰ মাজত প্ৰদৰ্শন কৰা হয়৷

ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ নৃত্য-গীতে অনুষ্ঠানটি আকৰ্ষণীয় কৰি তোলে৷ উদীয়মান কণ্ঠশিল্পী দিপান্বিতা ডেকাৰ গীতৰ শৰাই আছিল আজিৰ অনুষ্ঠানৰ অন্য এক আকৰ্ষণ৷ মহাবিদ্যালয়ৰ শিক্ষক-গ্ৰন্থাগাৰিক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷

দমদমা মহাবিদ্যালয়ৰ অসমীয়া বিভাগত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক জন্মদিন উদযাপন৷
08/09/2023

দমদমা মহাবিদ্যালয়ৰ অসমীয়া বিভাগত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক জন্মদিন উদযাপন৷

দৈনিক জনমভূমি০৪/০৯/২০২৩
04/09/2023

দৈনিক জনমভূমি
০৪/০৯/২০২৩

“As an NCC cadet, I am proud to serve my nation and develop my character.”“Discipline is the foundation of success, and ...
31/08/2023

“As an NCC cadet, I am proud to serve my nation and develop my character.”

“Discipline is the foundation of success, and I will maintain self-discipline at all times.”

NCC UNIT, DAMDAMA COLLEGE

দমদমা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাচীৰ পত্ৰিকা 'ফিনিক্স’ আৰু হাতেলিখা আলোচনী 'ন-জ্যোতি’ আজি উন্মোচিত হয়৷ ’ফিনিক্স’ উন্...
30/08/2023

দমদমা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাচীৰ পত্ৰিকা 'ফিনিক্স’ আৰু হাতেলিখা আলোচনী 'ন-জ্যোতি’ আজি উন্মোচিত হয়৷ ’ফিনিক্স’ উন্মোচন কৰে মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰীযুত ৰাজীৱ মহন্তই৷ হাতেলিখা আলোচনী 'ন-জ্যোতি’ উন্মোচন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰঞ্জন শৰ্মাই৷ উল্লেখ্য যে, অসমীয়া বিভাগৰ নৱাগত আদৰণী সভাৰ সৈতে সংগতি ৰাখি এক বিশেষ বক্তৃতানুষ্ঠানো আজি অনুষ্ঠিত হয়৷ অনুষ্ঠানত সভাপতিত্ব কৰে অসমীয়া বিভাগৰ মুৰব্বী শ্ৰীযুতা মঞ্জু দাসে৷ উক্ত বক্তৃতা অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড° নুৰ ইছলাম শইকীয়া৷ তেখেতে ’বিশ্বায়ন আৰু সাংস্কৃতিক সাম্ৰাজ্যবাদ’ সম্পৰ্কে এটি সাৰগৰ্ভ, চিন্তা উদ্ৰেককাৰী বক্তৃতা প্ৰদান কৰি উপস্থিত সকলোকে উপকৃত কৰে৷ বক্তৃতানুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ, ভিন্ন বিভাগৰ শিক্ষক, গ্ৰন্থাগাৰিক আৰু অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ লগতে কেইবাজনো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীও অনুষ্ঠানটিত উপস্থিত থাকে৷ এই অনুষ্ঠানতে ২০২২-২৩ বৰ্ষত মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰপৰা স্নাতক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অৰ্থাৎ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰা তিনিগৰাকী ছাত্ৰীক বিভাগৰ তৰফৰপৰা নগদ এহেজাৰ (১০০০/) টকা আৰু এটি গ্ৰন্থৰ টোপোলা প্ৰদান কৰা হয়৷ স্থানপ্ৰাপ্ত ছাত্ৰীকেইগৰাকী হৈছে - পল্লৱী দাস (প্ৰথম - ৮০.৮%), অলিম্পিকা ডেকা (দ্বিতীয়- ৭৭.৩%) আৰু প্ৰীতি মালাকাৰ (তৃতীয়-৭৪.৯%)৷ উল্লেখ্য যে, প্ৰথম স্থানপ্ৰাপ্ত পল্লৱী দাসলৈ এহেজাৰ টকা আৰু গ্ৰন্থৰ টোপোলাটি আগবঢ়াইছে অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা ড° সাবিত্ৰী শইকীয়াই৷ বিভাগৰ প্ৰাচীৰ পত্ৰিকা আৰু হাতেলিখা আলোচনীত প্ৰকাশিত ছাত্ৰ-ছাত্ৰীসকলৰ লেখাসমূহ বিচাৰ কৰি তিনিগৰাকীক পুৰস্কৃত কৰা হয়৷ প্ৰথম - কৰিশ্মা ডেকা (পঞ্চম ষাণ্মাসিক), দ্বিতীয় - চনিয়া দাস ( পঞ্চম ষাণ্মাসিক), তৃতীয় - নীহাৰিকা দাস (প্ৰথম ষাণ্মাসিক)৷

কেইবাগৰাকীও ছাত্ৰীয়ে গীত আৰু নৃত্য পৰিৱেশন কৰি সভাখন আকৰ্ষণীয় কৰি তোলে৷ সভাত অসমীয়া বিভাগৰ শিক্ষক ক্ৰমে ড° ৰুমী কলিতা দাস, ড° চন্দনজ্যোতি চুতীয়া, ড° পল্লৱী ডেকা আৰু শ্ৰীযুতা ডিম্পী দাসে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে৷

সভাৰ কেইখনমান স্থিৰচিত্ৰ সংলগ্ন কৰা হৈছে৷

Address

Hajo-Nalbari Road
Nij Hajo
781104

Website

Alerts

Be the first to know and let us send you an email when Damdama College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share