13/06/2026
#চাৰিবছৰীয়া_স্নাতক_পাঠ্যক্ৰমৰ_ষষ্ঠ_ষান্মাসিকত পঢ়ি থকা আৰু ভবিষ্যতে কলেজৰ শিক্ষক হ'ব খোজাসকলৰ বাবে:
📕এই বিশেষ লেখা: অমৰেন্দ্ৰ কলিতা।
আজিৰ তাৰিখত কলেজৰ শিক্ষক (সহকাৰী অধ্যাপক) পদত আবেদন কৰিবলৈ হ'লে নূন্যতম শিক্ষাগত অৰ্হতা (Minimum educational qualification to become an Assistant Professor in colleges) হ'ল:
১) আবেদনকাৰী/প্ৰাৰ্থী(candidate)জন স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব।
২) স্নাতকোত্তৰ ডিগ্ৰীত তেওঁৰ কমেও ৫৫ শতাংশ নম্বৰ থাকিব লাগিব।(সংৰক্ষিত শ্ৰেণীৰ আবেদনকাৰীৰ ক্ষেত্ৰত কমেও ৫০ শতাংশ থাকিব লাগে।)
৩) স্নাতকোত্তৰ ডিগ্ৰী আৰু পাবলগীয়া নুন্যতম নম্বৰ থাকিলেই নহ'ব তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষা(National Eligibility Test- চমুকৈ NET)ত উত্তীৰ্ণ হ'ব লাগিব। এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে নুন্যতম নম্বৰ স্থিৰ হৈ নাথাকে, প্ৰতিবাৰে উঠা-নমা হৈ থাকে নিৰ্দিষ্ট বিষয়ৰ খালী পদৰ সংখ্যাৰ ওপৰত।
📍বি:দ্ৰ: NET নহ'লেও হ'ব, যদিহে প্ৰাৰ্থীগৰাকী SLET উত্তীৰ্ণ হয়। SLET হ'ল উত্তৰ পূবৰ ৰাজ্যসমূহৰ প্ৰাৰ্থীসকলৰ বাবে অনুষ্ঠিত হোৱা State Level Eligibility Test. এইটো পৰীক্ষাত উত্তীৰ্ণ হ'লে যুৱক/যুৱতীসকল কেৱল উত্তৰ পূবৰ ৰাজ্যসমূহৰ কলেজত শিক্ষক হ'বলৈ যোগ্য বিবেচিত হয়, আন ৰাজ্যৰ কলেজত আবেদন কৰিব নোৱাৰে। এই পৰীক্ষাটো SET বুলিও জনা যায়।
৪) বিশ্ববিদ্যালয় অনুদান আয়োগ (University Grants Commission -চমুকৈ UGC)য়ে নিৰ্ধাৰণ কৰা নিয়মৰ আধাৰত পোৱা Ph.D ডিগ্ৰীক NET/SLETৰ সমান (equivalent) বুলি ধৰা হয়, অৰ্থাৎ NET বা SLET নাথাকিলেও হ'ব যদিহে Ph.D ডিগ্ৰী থাকে।
📍বি:দ্ৰ: কলেজত Assistant Professor হ'বলৈ Ph.D বাধ্যতামূলক নহয়। NET/SLET নথকাসকলৰ বাবে Ph.D নূন্যতম অৰ্হতা বুলি ধৰা হয়। NET/SLET থকাৰ পাছত Ph.D ডিগ্ৰী থাকিলে অতিৰিক্ত অৰ্হতা বুলি ধৰা হয় আৰু তাৰ বাবে অতিৰিক্ত (নিৰ্দিষ্ট) নম্বৰ লাভ কৰে।
৫) নূন্যতম অৰ্হতা থকা প্ৰাৰ্থীসকলক সাক্ষাৎকাৰ (Interview)ৰ বাবে মতা হয়। প্ৰাৰ্থীসকলে মেট্ৰিকৰ পৰা মাষ্টাৰ ডিগ্ৰীলৈ প্ৰতিটো পৰীক্ষাত পোৱা নম্বৰৰ গুৰুত্ব থাকে। প্ৰতিটো পৰীক্ষাতে ভাল নম্বৰ থকাসকলেহে আগফালে থাকিব। তাত যোগ হ'ব সাক্ষাৎকাৰৰ বাবে নিৰ্দিষ্ট কৰি ৰখা নম্বৰ। তাৰ উপৰি গৱেষণামূলক কাৰ্য আৰু অন্যান্য কিছু ক্ষেত্ৰত নম্বৰ দিয়া হয়। আগতে কোনো কলেজত শিক্ষক হিচাপে আহৰণ কৰা অভিজ্ঞতা (Teaching experience)ৰ বাবেও অলপ নম্বৰ (আজিকালি সৰ্বাধিক দুই নম্বৰ) থাকে। আটাইকেইটা শিতানত পোৱা মুঠ নম্বৰৰ ওপৰত ভিত্তি কৰিয়েই প্ৰাৰ্থীসকলৰ মাজৰ পৰা সহকাৰী অধ্যাপক পদৰ বাবে এগৰাকীক নিৰ্বাচন কৰা হয়। আজিকালি অসমত সাক্ষাৎকাৰত মাত্ৰ তিনি নম্বৰ (3 marks) থাকে কাৰণে আগৰ প্ৰতিটো পৰীক্ষাত পোৱা নম্বৰ আৰু অন্যান্য শিতানৰ নম্বৰৰ গুৰুত্ব বেছি হয়।
৬) কেন্দ্ৰীয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়বিলাকত Ph.D কৰিবলৈ হ'লে Entrance Test (প্ৰৱেশ পৰীক্ষা)ত উত্তীৰ্ণ হ'ব লাগে। আগতে বিশ্ববিদ্যালয়বিলাকে নিজাববীয়াকৈ Ph.D Entrance Test পাতিছিল। আজিকালি NET পৰীক্ষাৰ পৰাই যোগ্যতা অৰ্জন কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত NETত বেছি নম্বৰ পোৱাসকলে Ph.Dকৰিবলৈ Junior Research Fellowship (JRF)পায়। JRF পোৱাসকলে মাহে-মাহে ৪০/৪৫/৫০ হাজাৰ টকা জলপানী পায়। প্ৰতিটো বিষয়ৰ বাবে নিৰ্দিষ্টসংখ্যক JRF/জলপানী থাকে। JRF পোৱাসকল সহকাৰী অধ্যাপক পদৰ বাবেও যোগ্য হয়। তাৰে তলৰ নম্বৰ পোৱা (JRF নোপোৱা)সকলে নিজৰ খৰচত Ph.D কৰিবলৈ আৰু সহকাৰী অধ্যাপকৰ পদত আবেদন কৰিবলৈ যোগ্য বিবেচিত হয়। শেষৰ খিনিয়ে কেৱল Ph.D কৰাৰ বাবে যোগ্য হয়। একেটা পৰীক্ষাতে তিনিটা স্তৰত যোগ্যতা নিৰূপণ কৰা হয়।
৭) ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত NET পৰীক্ষাত পাছ কৰাটো বৰ উজু নহয়, কষ্ট কৰিব লাগে। NETৰ Syllabus দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সমপৰ্যায়ৰ। স্নাতকোত্তৰ পাঠ্যক্ৰম(MA, MSc, MCom আদি)ত পঢ়ি থকা অৱস্থাতে এই পৰীক্ষা (NET)ত অৱতীৰ্ণ হ'ব পাৰে।
৮) Ph.Dৰ বাবে JRF পাবলৈয়ো যথেষ্ট কষ্ট কৰিব লাগে। JRF পোৱাৰ পাছত যথেষ্ট ধৈৰ্য আৰু পৰিকল্পনাৰে গৱেষণা সমাপ্ত কৰিব লাগিব।
#এতিয়া_কথা_হ'ল:: চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম (FYUGP)ৰ ষষ্ঠ ষান্মাসিক (Sixth Semester)ৰ পৰীক্ষা দি ফলাফললৈ অপেক্ষা কৰি থকাসকলৰ মাজত যিসকলে ভবিষ্যতে কলেজত সহকাৰী অধ্যাপক হ'ব খোজে সেইসকলে সঠিক সিদ্ধান্ত ল'ব লাগিব। তিনিবছৰীয়া ডিগ্ৰী (Degree with Major and Minor) পোৱাৰ পাছত দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমত ভৰ্তি হ'ব নে কোনোবা এখন কলেজৰ চতুৰ্থ বৰ্ষত অনাৰ্চ (HONOURS)ত নাম লিখিব ভালকৈ বিবেচনা কৰিব লাগিব। পঞ্চম বছৰটো (এবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম বা 1 year PG) ক'ত, কেনেকৈ পঢ়িব সেইটো দিশ বিবেচনা কৰিহে সিদ্ধান্ত ল'ব লাগিব। কোনো এখন বিশ্ববিদ্যালয়ৰ দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম (2 year PG)ত আসন পালেও তাত নপঢ়ি কিয় কলেজত চতুৰ্থ বৰ্ষত পঢ়িব সেইটো যথেষ্ট সতৰ্কতাৰে বিবেচনা কৰিব লাগিব।
#কিছুমানে_হয়তো_ধৰি_লৈছে Honours with Researchত নাম লিখিব পাৰিলেই পোনে-পোনে Ph.D কৰি একেকোৱে কলেজৰ সহকাৰী অধ্যাপক পদত যোগদান কৰিব পাৰিব। কথাটো ইমান সহজ নহয়। গোটেই প্ৰক্ৰিয়াটো বুজি পোৱা দৰকাৰ। আজিৰ তাৰিখত কলেজৰ সহকাৰী অধ্যাপক পদৰ বাবে স্নাতকোত্তৰ ডিগ্ৰী অপৰিহাৰ্য। স্নাতক আৰু স্নাতকোত্তৰ মিলি পাঁচবছৰ পঢ়িব লাগিব। তাৰ পাছত বাকীবোৰ।
বি:দ্ৰ: গোটেই আলোচনাত কলেজৰ সহকাৰী অধ্যাপক পদৰ কথা লিখিছোঁ যদিও বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক পদৰ বাবে নূন্যতম অৰ্হতাও ওপৰত উল্লেখ কৰাখিনিয়ে। কেৱল সাক্ষাৎকাৰৰ পদ্ধতি আৰু তাত থকা নম্বৰৰ বৃহৎ পাৰ্থক্য আছে। নিৰ্দিষ্ট পদ্ধতি অনুসৰণ কৰি প্ৰথমতে আবেদনকাৰীৰ মাজৰ পৰা কিছুসংখ্যকক বাচি উলিওৱা হয়। Short listed candidate সকলৰ মাজৰ পৰা সাক্ষাৎকাৰৰ নম্বৰৰ ভিত্তিত সহকাৰী অধ্যাপক পদৰ বাবে এগৰাকীক নিৰ্বাচন কৰা হয়। বিশ্ববিদ্যালয়ৰ Assistant Professor হ'বলৈ হ'লে মেট্ৰিকৰ পৰা মাষ্টাৰ ডিগ্ৰীলৈ ভাল নম্বৰ পাব লাগিব, গবেষণা পত্ৰত লিখিব লাগিব আৰু সাক্ষাৎকাৰ বহুত ভাল হ'ব লাগিব।
(আজিলৈ সামৰিলোঁ। পোষ্টটো শ্বেয়াৰ কৰিলে অনুগ্ৰহ কৰি কথা আৰু নাম নসলাব: অমৰেন্দ্ৰ কলিতা।)