13/03/2024
বজালী মহাবিদ্যালয় (এতিয়া ভট্টদেৱ বিশ্ববিদ্যালয়) ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক মাননীয় উপেন্দ্ৰনাথ দাসদেৱৰ যোৱা ২৮ জানুৱাৰী তাৰিখে পৰলোকপ্রাপ্তি ঘটে। সেইহেতুকে উদ্ভিদ বিজ্ঞান বিভাগৰ গোটেই পৰিয়ালটোৱে মিলি তেওঁৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে এখনি প্ৰশস্তিসভা অনুষ্ঠিত কৰোঁ। বিভাগৰ সহকাৰী অধ্যাপক ডঃ ৰূপজ্যোতি গগৈ ডাঙৰীয়াই বন্তি প্ৰজ্জ্বলন কৰি আৰম্ভণি কৰে। বৰ্তমানৰ মুৰব্বী অধ্যাপক কনক দাসদেৱে মৃতকৰ জীৱিতকালৰ কিছু কীৰ্তিৰাজিৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰায়।
উক্ত সভাত বিভাগৰ অধ্যাপক ক্ৰমে শ্ৰীযুত কনক দাস ডাঙৰীয়া, ডঃ ৰূপজ্যোতি গগৈ ডাঙৰীয়া, ডঃ পুৰঞ্জয় মিপুন ডাঙৰীয়া, ডঃ ৰিংকুমণি কলিতা ডাঙৰীয়াৰ লগতে বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ একাংশ উপস্থিত থাকি স্বৰ্গগতৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰে।