09/06/2026
মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰী সকলে ৰসায়ন বিজ্ঞান বিষয়টি কিধৰণে আগবঢ়াই নিব লগতে ৰসায়ন বিজ্ঞান বিষয়ৰ পৰিসৰ সন্দৰ্ভত অৱগত হৈ বিষয়টোৰ প্ৰতি অধিক আগ্ৰহী হোৱাৰ লগতে ছাত্ৰ ছাত্ৰী সকলে পঢ়াৰ মনোযোগ বৃদ্ধি আৰু মানসিক শক্তিৰ বিকাশত প্ৰেৰণা লাভ কৰাৰ উদ্দেশ্য ৰে নিমন্ত্ৰণ কৰি অনা ৰসায়ন বিজ্ঞান ৰ এসময়ৰ বিষয় শিক্ষক তথা প্ৰেৰণাদায়ী বক্তা হিচাপে সেৱা আগবঢ়াই অহাৰ লগতে বৰ্তমান ONGC ত ৰসায়নবিদ হিচাপে কৰ্মৰত শ্ৰদ্ধাৰ শ্ৰীযুত পল্লৱ কলিতা ছাৰ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি মহাবিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰি ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰাৰ লগতে মনোবল আৰু মানসিক শক্তিৰ বিকাশত প্ৰেৰণা যোগায় । কলিতা ছাৰে ছাত্ৰ ছাত্ৰী সকলৰ হৈতে মত বিনময় কৰা অনুষ্ঠান টিৰ পৰা ছাত্ৰ ছাত্ৰীৰ সকল যথেষ্ট উপকৃত হব। অশেষ ব্যস্ততাৰ মাজতো পল্লৱ কলিতা ছাৰ আমাৰ মাজত উপস্থিত হোৱাত ছাৰৰলৈ মহাবিদ্যালয়ৰ তৰফৰ পৰা অশেষ ধন্যবাদ।