19/05/2026
🌸 নৱাগত আদৰণি সভা আৰু অভিনন্দন অনুষ্ঠান 🌸
যোৱা ইংৰাজী ১৫ মে' ত অনুষ্ঠিত ‘নৱাগত আদৰণি সভা আৰু অভিনন্দন অনুষ্ঠান’টি সভাপতি ড° সুধীৰ কুমাৰ দাস, উপদেষ্টা ড° প্ৰাঞ্জল বেজবৰুৱা, পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত দেৱ কুমাৰ দিহঙীয়া , সম্পাদক শ্ৰীযুত পাৰ্থ প্ৰতিম শেনছোৱাৰ তত্বাৱধানত আৰু সমূহ শিক্ষক - শিক্ষয়িত্ৰীবৃন্দৰ সহযোগত সফলভাৱে সম্পন্ন হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানৰ মৰ্যাদা বৃদ্ধি কৰে হেমচন্দ্ৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা, ইংৰাজী বিভাগ ,ড °গীতালি শইকীয়া, খঙীয়া চাহ বাগিচা মডেল হাই স্কুলৰ শিক্ষয়িত্ৰী মিতালী বৰগোহাঁই গগৈ আৰু ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা পাৰ্থ সাৰথি গগৈ-এ। তেওঁলোকৰ বহুমূলীয়া বক্তব্যই ছাত্ৰ-ছাত্ৰীসকলক নিশ্চয়কৈ অনুপ্ৰাণিত কৰিব।
অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল কণ্ঠ শিল্পী নীলাভ নীতা -ৰ সুমধুৰ “গীতৰ শৰাই”যিয়ে উপস্থিত সকলোকে মুগ্ধ কৰি তোলে।
নৱাগত শিক্ষাৰ্থীসকল আৰু বিদায়ী ছাত্ৰ-ছাত্ৰীসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Last Saturday, May 15, the “Welcome and Felicitation Ceremony for New Students” was successfully held under the guidance of President Dr. Sudhir Kumar Das, Advisor Dr. Prajjal Bezbaruah, Managing Committee President Shri Deva Kumar Dehingia, Secretary Shri Partha Pratim Sensua, and with the cooperation of all teachers. The event was honored by distinguished guests: Dr. Gitali Saikia, Associate Professor of English, Hemchandra Dev Goswami College; Mrs. Mitali Borgohain Gogoi, Assistant Teacher, Khongiya Tea Garden Model High School; and Partha Sarathi Gogoi, Advisor, Demow Regional Students’ Union(AASU). Their valuable speeches will surely inspire the students.
One of the highlights of the program was the melodious “Geetor Sharai” performed by vocalist Neelav Neeta, which captivated everyone …