Tihu college students union 2025-26

Tihu college students union 2025-26 this is the official page of Tihu College Students union 2025-26

জাননীতাৰিখ: ৯ ছেপ্টেম্বৰ, ২০২৬স্কেচ ৱাকইয়াৰ দ্বাৰা টিহু মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰীক জনোৱা যায় যে টিহু মহাবিদ্যালয...
08/09/2026

জাননী

তাৰিখ: ৯ ছেপ্টেম্বৰ, ২০২৬

স্কেচ ৱাক

ইয়াৰ দ্বাৰা টিহু মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰীক জনোৱা যায় যে টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সুকুমাৰ কলা শাখাৰ উদ্যোগত অহা ৯ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে মহাবিদ্যালয় চৌহদত এখন স্কেচ ৱাকৰ আয়োজন কৰা হৈছে।

এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ সৃষ্টিশীল প্ৰতিভা আৰু চিত্ৰাংকনৰ দক্ষতা বিকাশৰ বাবে এক উপযুক্ত মঞ্চ প্ৰদান কৰা তথা মহাবিদ্যালয়ৰ চৌপাশৰ পৰিৱেশক স্কেচৰ জৰিয়তে কলাত্মকভাৱে উপস্থাপন কৰা।

সেয়েহে, টিহু মহাবিদ্যালয়ৰ ছবিপ্ৰেনীত আগ্ৰহী সকলো ছাত্ৰ-ছাত্ৰীক এই সৃষ্টিশীল অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আন্তৰিকভাৱে আহ্বান জনোৱা হ’ল।

তাৰিখ: ৯ ছেপ্টেম্বৰ, ২০২৬
স্থান: টিহু মহাবিদ্যালয় চৌহদ

ৰঞ্জন দাস
সুকুমাৰ কলা বিভাগ
টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভা
২০২৫–২৬

Participants Kindly send your names to the respective numbers-For singing-8473-030484(Karan Kashyap)9387625805(Raktim Pr...
08/09/2026

Participants Kindly send your names to the respective numbers-
For singing-
8473-030484(Karan Kashyap)
9387625805(Raktim Prabal Kalita)

For dancing-
98646 70876(diganta das)
98640 82865 (harshajit medhi)

নমস্কাৰ আজি ০৭/০৯/২০২৬ তাৰিখে মহিলা আত্মৰক্ষা প্ৰশিক্ষণ কাৰ্যসূচীৰ প্ৰথমটো দিন অত্যন্ত‌ সফলতাৰে সম্পন্ন হ'ল।           আ...
08/09/2026

নমস্কাৰ
আজি ০৭/০৯/২০২৬ তাৰিখে মহিলা আত্মৰক্ষা প্ৰশিক্ষণ কাৰ্যসূচীৰ প্ৰথমটো দিন অত্যন্ত‌ সফলতাৰে সম্পন্ন হ'ল।
আমি আন্তৰিক ধন্যবাদ জনাইছোঁ টিহু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক মহোদয়ক, তেখেতে তেখেতৰ মূল্যবান সময় আমাক দিয়াৰ বাবে। লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক আৰু সমাজ সেৱা বিভাগৰ তত্বাৱধায়ক মহোদয়ক।
লগতে ধন্যবাদ জনাইছোঁ আজিৰ কাৰ্যসূচীত উপস্থিত থকা ছাত্ৰী সকলক ।

যি সকল ছাত্ৰীয়ে আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিম বুলি ভাবি আছে তেওঁ লোকক অহা কালি দুপৰীয়া ০৩.৩০ বজাত আহিবলৈ অনুৰোধ জনোৱা হ'ল।

চয়ানিকা দাস
সমাজ সেৱা বিভাগৰ সম্পাদিকা

সফল সমাপ্তিৰে আন এক স্মৰণীয় অধ্যায়ৰ সামৰণি। 🌿যোৱা ২৯/০৮/২০২৬ তাৰিখে টিহু মহাবিদ্যালয়ৰ চৌহদত  সদৌ অসম ভিত্তিত আন্তঃমহা...
04/09/2026

সফল সমাপ্তিৰে আন এক স্মৰণীয় অধ্যায়ৰ সামৰণি। 🌿

যোৱা ২৯/০৮/২০২৬ তাৰিখে টিহু মহাবিদ্যালয়ৰ চৌহদত সদৌ অসম ভিত্তিত আন্তঃমহাবিদ্যালয় তৰ্ক আৰু কুইজ প্ৰতিযোগিতা ২০২৬ সফলতাৰে সম্পন্ন হয়।

যুক্তিৰ তীক্ষ্ণতা, জ্ঞানৰ গভীৰতা, বাগ্মিতাৰ সৌন্দৰ্য আৰু প্ৰতিযোগিতামূলক মনোভাৱেৰে সমগ্ৰ অনুষ্ঠানটোৱে লাভ কৰে এক অনন্য মাত্ৰা। বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা প্ৰতিযোগীসকলৰ প্ৰতিভা, আত্মবিশ্বাস আৰু উদ্যমে আজিৰ দিনটোক কৰি তুলিলে অধিক উজ্জ্বল আৰু স্মৰণীয়।

এই সফলতাৰ আঁৰত থকা প্ৰতিগৰাকী অংশগ্ৰহণকাৰী, সন্মানীয় বিচাৰকবৃন্দ, কুইজ মাষ্টাৰ, অতিথিবৃন্দ, শিক্ষক-শিক্ষয়িত্ৰী, স্বেচ্ছাসেৱক আৰু সহযোগীসকললৈ জ্ঞাপন কৰিছোঁ আন্তৰিক কৃতজ্ঞতা।

আজিৰ এই সফলতা কেৱল এটি প্ৰতিযোগিতাৰ সমাপ্তি নহয়—ই জ্ঞান, যুক্তি আৰু প্ৰতিভাৰ এক নতুন যাত্ৰাৰ শুভাৰম্ভ।

এটি সফল অনুষ্ঠান, অসংখ্য স্মৃতি আৰু এক গৌৰৱময় দিনৰ সামৰণি।

ইতি
— সম্পাদক, তৰ্ক আৰু পৰিচৰ্চা বিভাগ
টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভা, ২০২৫–২৬

যোৱা *৩১/০৮/২৬* তাৰিখে আমি আমাৰ মহাবিদ্যালয়ৰ চৌহদত এক বিশেষ পৰিচ্ছন্নতা আৰু স্বচ্ছতাৰ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিল...
04/09/2026

যোৱা *৩১/০৮/২৬* তাৰিখে আমি আমাৰ মহাবিদ্যালয়ৰ চৌহদত এক বিশেষ পৰিচ্ছন্নতা আৰু স্বচ্ছতাৰ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিলোঁ। এজন দায়বদ্ধ ছাত্ৰ হিচাপে নিজৰ মহাবিদ্যালয়খন সুন্দৰ আৰু পৰিস্কাৰ কৰি ৰখাোটো আমাৰ প্ৰত্যেকৰে নৈতিক দায়িত্ব। সেই উদ্দেশ্যৰেই আজি মহাবিদ্যালয়ৰ বিভিন্ন অংশৰ আৱৰ্জনা চাফা কৰি মহাবিদ্যালয়ৰ চৌহদটো এক নতুন আৰু সজীৱ ৰূপ দিবলৈ যত্ন কৰিলোঁ।

আমি যিটো স্থানত দিনটোৰ সৰহসংখ্যক সময় অতিবাহিত কৰোঁ আৰু জ্ঞান অৰ্জন কৰোঁ, সেই স্থান পৰিস্কাৰ হৈ থাকিলে মনলৈও এক সুকীয়া ইতিবাচক শক্তি আহে। এই সৰু প্ৰচেষ্টাটোৰ জৰিয়তে কেৱল মহাবিদ্যালয়ৰ চৌহদটোৱেই ধুনীয়া হৈ পৰা নাই, বৰঞ্চ প্ৰকৃতি আৰু সমাজৰ প্ৰতি থকা আমাৰ দায়িত্ববোধ আৰু অধিক গভীৰ হৈ পৰিল।

নিজৰ মহাবিদ্যালয়ৰ চৌহদ পৰিস্কাৰ ৰাখোঁ আহক আৰু এক সুস্থ পৰিৱেশ গঢ়ি তুলোঁ।

*জয়তু টিহু মহাবিদ্যালয়*
*চয়ানিকা দাস*
*সমাজ সেৱা বিভাগৰ*
*সম্পাদিকা*

🎭 ৩ দিনীয়া বিনামূলীয়া নাট কৰ্মশালা 🎭টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভা ২০২৫-২৬ বৰ্ষৰ সাংস্কৃতিক সম্পাদকৰ উদ্যোগত মহাবিদ্...
04/09/2026

🎭 ৩ দিনীয়া বিনামূলীয়া নাট কৰ্মশালা 🎭

টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভা ২০২৫-২৬ বৰ্ষৰ সাংস্কৃতিক সম্পাদকৰ উদ্যোগত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সফলভাৱে ৩ দিনীয়া বিনামূলীয়া নাট কৰ্মশালা অনুষ্ঠিত কৰা হয়।

এই কৰ্মশালাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে অভিনয়ৰ বিভিন্ন কৌশল, অভিনয়ৰ প্ৰয়োজনীয়তা আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিষয়ে নতুন জ্ঞান আৰু অভিজ্ঞতা লাভ কৰে।

কৰ্মশালাখন পৰিচালনা কৰা শ্ৰদ্ধাৰ শতদল বৈশ্য, অনামিকা ঠাকুৰীয়া আৰু টিহু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক শ্ৰীযুত হেমেন ৰাজবংশী ছাৰলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। 🙏

লগতে অনুষ্ঠানটো সফল কৰি তোলাত দিহা-পৰামৰ্শ আৰু সহযোগিতা আগবঢ়োৱা সাংস্কৃতিক বিভাগৰ তত্ত্বাৱধায়ক ড° সুনীল কুমাৰ দাস ছাৰ আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰেশ ভৰালী ছাৰলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

এই কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী আৰু অনুষ্ঠানটো সফল কৰি তোলাত সহায় কৰা সকলোলৈ সাংস্কৃতিক সম্পাদকৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। ❤️🙏

“সংস্কৃতিৰ জৰিয়তে প্ৰতিভাৰ বিকাশ, অভিনয়ৰ জৰিয়তে নতুন সম্ভাৱনাৰ সন্ধান।” 🎭✨

সাংস্কৃতিক সম্পাদক
কৰণ কাশ্যপ

🥋 আত্মৰক্ষা মানেই আত্মবিশ্বাস আৰু নাৰী শক্তিক সৱলীকৰণ। 💪✨টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভা ২০২৫-২৬ বৰ্ষৰ সাধাৰণ সম্পাদক আ...
03/09/2026

🥋 আত্মৰক্ষা মানেই আত্মবিশ্বাস আৰু নাৰী শক্তিক সৱলীকৰণ। 💪✨
টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভা ২০২৫-২৬ বৰ্ষৰ সাধাৰণ সম্পাদক আৰু সহকাৰী সাধাৰণ সম্পাদকৰ উদ্যোগত
টিহু মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ বাবে সফলভাৱে ২ দিনীয়া বিনামূলীয়া আত্মৰক্ষা প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰা হয়। এই কৰ্মশালাৰ মূল উদ্দেশ্য আছিল ছাত্ৰীসকলক আত্মৰক্ষাৰ প্ৰয়োজনীয় কৌশলৰ লগতে আত্মবিশ্বাস, সজাগতা আৰু সাহস বৃদ্ধি কৰা।

কৰ্মশালাখন সফলভাৱে পৰিচালনা কৰে টিহু টাইকোৱানড' একাডেমীৰ প্ৰশিক্ষক শ্ৰী অনিক মিশ্ৰই। তেওঁৰ সুন্দৰ প্ৰশিক্ষণ আৰু দিহা-পৰামৰ্শই ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰে।

এই অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰীসকলক উৎসাহিত কৰে টিহু মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা মধুস্মিতা বাইদেউ।

লগতে এই কৰ্মশালাখন আয়োজন আৰু সফল কৰি তোলাত সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে টিহু মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী অলিভিয়া পাঠকলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

এই দুদিনীয়া প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰীসকলে কেৱল আত্মৰক্ষাৰ কৌশলেই নহয়, নিজৰ প্ৰতি বিশ্বাস আৰু যিকোনো পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সাহসো অৰ্জন কৰিলে।

❤️ শিকক • সজাগ হওক • নিজকে সুৰক্ষিত ৰাখক • আনকো সৱল কৰক। 🥋💪

The first day of training was successfully completed. Thank you, Vice Principal Sir, In-charge Sir, and Trainer Dimbeshw...
28/08/2026

The first day of training was successfully completed. Thank you, Vice Principal Sir, In-charge Sir, and Trainer Dimbeshwar Pathak sir, for being present at the event and for providing your valuable guidance and suggestions.🙏

সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিলোঁ 🙏
26/08/2026

সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিলোঁ 🙏

Address

Tihu, Nalbari (Assam)
Tihu
781371

Website

Alerts

Be the first to know and let us send you an email when Tihu college students union 2025-26 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share